Assam BJP new president: দিলীপ শইকীয়াক ৰাজ্যিক বিজেপিৰ সভাপতিৰ দায়িত্ব অৰ্পণ; পঞ্চায়ত নিৰ্বাচনৰ পৰা ২০২৬ৰ সাধাৰণ নিৰ্বাচনলৈ গুৰু দায়িত্ব

২০১৯ চনত তেওঁ প্ৰথমবাৰৰ বাবে সাংসদ নিৰ্বাচিত হৈছিল । তাৰ পূৰ্বে তেওঁ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ লগতে আৰ এছ এছৰো সদস্য আছিল । এতিয়া ৰাজ্যিক বিজেপিৰ সভাপতিৰ দায়িত্ব পালনৰ গধুৰ দায়িত্ব দিলীপ শইকীয়াৰ ওপৰত ।

Assam BJP new president: দিলীপ শইকীয়াক ৰাজ্যিক বিজেপিৰ সভাপতিৰ দায়িত্ব অৰ্পণ; পঞ্চায়ত নিৰ্বাচনৰ পৰা ২০২৬ৰ সাধাৰণ নিৰ্বাচনলৈ গুৰু দায়িত্ব

দিলীপ শইকীয়াক ৰাজ্যিক বিজেপিৰ সভাপতিৰ দায়িত্ব

Published: 

17 Jan 2025 15:16 PM

অৱশেষত আনুষ্ঠানিকভাৱে ঘোষণা হ’ল অসম ৰাজ্যিক বিজেপিৰ নাম । দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াৰ ওপৰত এইবাৰ ৰাজ্যিক বিজেপিৰ সভাপতিৰ দায়িত্ব । বৃহস্পতিবাৰে সন্ধিয়াই দিলীপ শইকীয়াৰ নাম ঘোষণা হৈছিল যদিও শুকুৰবাৰেহে আনুষ্ঠানিকতা সম্পূৰ্ণ কৰা হয় গুৱাহাটীৰ বশিষ্ঠস্থিত বাজপেয়ী ভৱনত ।

বিজেপিৰ কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱত, সম্বিত পাত্ৰ, অসম বিজেপিৰ সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজু, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, সাংসদ কামাখ্যা তাছা, বিদায়ী সভাপতি ভৱেশ কলিতা সমন্বিতে বহু কেইগৰাকী নেতাৰ উপস্থিতিত দিলীপ শইকীয়াক ৰাজ্যিক বিজেপিৰ সভাপতিৰ দায়িত্ব আনুষ্ঠানিকভাৱে অৰ্পণ কৰা হয় ।

উল্লেখ্য যে ৰাজ্যিক বিজেপিৰ সভাপতিৰ দৌৰত পল্লৱ লোচন দাস, ৰণজিত কুমাৰ দাস, প্ৰদান বৰুৱাকে আদি কৰি কেবাজনৰো নাম আছিল যদিও অৱশেষত আৰ এছ এছ মূলৰ দিলীপ শইকীয়াক সভাপতি হিচাপে নিৰ্বাচন কৰা হয় । অহা পঞ্চায়ত নিৰ্বাচনৰ লগতে ২০২৬ ৰ বিধানসভা নিৰ্বাচনত বিজেপিক নেতৃত্ব দিয়াৰ গুৰু দায়িত্ব এতিয়া দিলীপ শইকীয়াৰ ওপৰত ।

দিলীপ শইকীয়া বিজেপিৰ এজন পুৰণি নেতা তথা ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰো এজন সদস্য আছিল । ২০১৯ চনত তেওঁ তেতিয়াৰ মঙলদৈ লোকসভা সমষ্টিৰ পৰা প্ৰথমবাৰৰ বাবে সাংসদ নিৰ্বাচিত হৈছিল । ২০২৪ চনত সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণৰ পাছত মঙলদৈ লোকসভা সমষ্টি দৰং-ওদালগুৰি সমষ্টি হিচাপে পৰিচিত হয় । এইবাৰৰ নিৰ্বাচনতো দিলীপ শইকীয়াই জয়লাভ কৰিবলৈ সক্ষম হয় ।

২০১৯ চনৰ ছেপ্টেম্বৰ মাহৰ পৰা ২০২৩ চনলৈকে তেওঁ ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক আছিল । পূৰ্বে তেওঁ আছিল অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ অসম প্ৰদেশৰ ৰাজ্যিক সম্পাদক । সংগঠনটোৰ সাংগঠনিক সম্পাদক হিচাপেও তেওঁ দায়িত্ব পালন কৰিছিল ।

দিলীপ শইকীয়াৰ জন্ম ১ ছেপ্টেম্বৰ ১৯৭৩ চনত নলবাৰী জিলাত হৈছিল । তেওঁৰ পিতৃ প্ৰবীণ শইকীয়া । দিলীপ শইকীয়াই গুৱাহাটী কৰ্মাচ কলেজৰ পৰা বি কম ডিগ্ৰী গ্ৰহণ কৰিছিল । তেওঁৰ পত্নী নিৰ্জু বৰ্মন শইকীয়া পেছাত এগৰাকী শিক্ষয়িত্ৰী ।

ছেইফ আলী খানৰ মুম্বাইৰ ঘৰৰ দাম কিমান? য'ত কৰা হৈছিল আক্ৰমণ
বেগত হালধি টুকুৰা ৰাখিলে কি হয় জানেনে?
মহাকুম্ভ মেলাৰ আঁৰৰ আধ্যাত্মিক তাৎপৰ্যৰ বিষয়ে জানেনে?
ঠাণ্ডাত শৰীৰ গৰম কৰি ৰাখিবলৈ নাগা সন্ন্যাসীসকলে কি খায়?