মোৰ সেইদিনা ভুল হৈছিল- দলীয় কৰ্মীক কৰা ব্যৱহাৰ সন্দৰ্ভত ভুল স্বীকাৰ দিলীপ শইকীয়াৰ
নিজৰ ভুল স্বীকাৰ কৰিলে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই। তেওঁ কয় যে, ৰাজহুৱা স্থানত খং কৰা বেয়া কথা আৰু সেইদিনা তেওঁ খং কৰি ভুল কৰিছিল।

ভুল স্বীকাৰ বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ। নলবাৰীত দলীয় কৰ্মীক কৰা ব্যৱহাৰ সন্দৰ্ভত মত পোষণ কৰি শইকীয়াই কয় “সিদিনা এটা ভুল হৈছে মোৰ। খং নামে চণ্ডাল হ’ব নালাগে। ৰাজনৈতিক নেতাৰ বাবে এয়া ভাল নহয়। যি হওক ৰাজহুৱা স্থানত খং কৰিব নালাগে”। ৰঙিয়াত এক জনসভা সম্বোধন কৰাৰ সময়ত এই মন্তব্য প্ৰদান কৰে দিলীপ শইকীয়াই।
উল্লেখ্য যে, কিছুদিন পূৰ্বে নলবাৰীত কোনো কাৰ্যসূচীত অংশগ্ৰহণ কৰিব গৈ দিলীপ শইকীয়াই দলীয় কৰ্মীক বেয়া ব্যৱহাৰ কৰিছিল। সকলোৰে আগত দলীয় কৰ্মীক উচ্চ স্বৰত কোৱা বাক্য সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল। ভাইৰেল ভিডিঅটোত দেখা গৈছিল যে শইকীয়াই কোনো এজন কৰ্মীত ধমক দিছে। সেই সময়ত সেই স্থানত উপস্থিত আছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আদি।
বিৰোধী একাংশ নেতাই এই ঘটনা সন্দৰ্ভত কৈছিল যে শইকীয়া জয়ন্ত মল্লক বৰুৱাক এই ধমক দিছিল। কিন্তু পৰৱৰ্তী সময়ত শইকীয়াই কৈছিল যে তেওঁ মণ্ডল সভাপতিকহে ধমক দিছিল। ইয়াৰোপৰি এই ধমক অনুশাসনমূলক ধমক বা মৰমৰ ধমক বুলি কৈছিল শইকীয়াই। ইয়াৰ পাছতে শইকীয়াই শনিবাৰে এক সভাত তেওঁৰ ভুল স্বীকাৰ কৰে।
বৰ্তমান সময়ত ৰাজ্যৰ শাসকীয় , বিৰোধী প্ৰতিটো দল ব্যস্ত আছে নিৰ্বাচনী প্ৰচাৰত। আজিৰ দিনটোত শইকীয়াই বৰাক উপত্যকাৰ কেইবাখনো প্ৰচাৰ সভাত অংশ গ্ৰহণ কৰে। এই সন্দৰ্ভত শইকীয়াই সামাজিক মাধ্যমত লিখে যে- “অতদিনে উপেক্ষিত বৰাক উপত্যকাত ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰৰ সময়ত আৰম্ভ হৈছে প্ৰগতিৰ এক নতুন যাত্ৰা । বৰাকবাসীৰ সম-উন্নয়নৰ বাবে আমাৰ চৰকাৰৰ প্ৰচেষ্টাত নিৰ্মাণ হৈ আছে মিনি চেক্ৰেটেৰীয়েট, সম্ভৱপৰ হৈ উঠিছে অঞ্চলটোৰ অভিনৱ উন্নয়ন।
আজি বিকশিত আৰু সুৰক্ষিত বৰাক উপত্যকাৰ পণ লৈ কাছাৰ জিলাৰ অন্তৰ্গত ধলাই বিধানসভা সমষ্টিৰ আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ NDA মিত্ৰদলৰ জিলা পৰিষদৰ সদস্য পদৰ প্ৰাৰ্থীৰ হৈ এখন বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত থাকোঁ। উল্লেখযোগ্য যে বিধানসভা সমষ্টিটোৰ ৪ গৰাকী NDA সমৰ্থিত প্ৰাৰ্থীৰ ইতিমধ্যে দুগৰাকীয়ে বিনা প্ৰতিদ্বন্দিতাৰে জয় লাভ কৰিছে।
হাজাৰ হাজাৰ লোকৰ উপস্থিতিত অনুষ্ঠিত এই নিৰ্বাচনী প্ৰচাৰ সভাত মোৰ সৈতে উপস্থিত থাকে মাননীয় মন্ত্ৰী শ্ৰীযুত Kaushik Rai ডাঙৰীয়া, মাননীয় সাংসদ তথা দলৰ জ্যেষ্ঠ নেতা শ্ৰীযুত Parimal Suklabaidya ডাঙৰীয়া, দলৰ ৰাজ্যিক উপ – সভাপতি তথা প্ৰাক্তন সাংসদ Dr. Rajdeep Roy ডাঙৰীয়া, ৰাজ্যিক সম্পাদক শ্ৰীযুত Kanad Purkayastha ডাঙৰীয়া, জিলা সভাপতি শ্ৰীযুত ৰূপম চাহা ডাঙৰীয়া, বিধায়ক সকল ক্ৰমে শ্ৰীযুত নিহাৰ ৰঞ্জন দাস ডাঙৰীয়া, শ্ৰীযুত দীপায়ন চক্ৰৱৰ্তী, শ্ৰীযুত মিহিৰ কান্তি শোম সহ দলৰ জ্যেষ্ঠ-শ্ৰেষ্ঠ কাৰ্যকৰ্তাসকলৰ লগতে নিৰ্বাচিত আৰু প্ৰতিদ্বন্দিতাত নমা আমাৰ দলৰ মাননীয় প্ৰাৰ্থী সকল”।
অন্য খবৰ পঢ়কঃ মুখ্যমন্ত্ৰী হওক বা আন কোনোবা সকলোৱে দলৰ অনুশাসন মানি চলিব লাগিব, ইয়াত কম্প্ৰমাইজ কৰা নহয়ঃ দিলীপ শইকীয়া