সাংবাদিক দিলোৱাৰ হুছেইন মজুমদাৰৰ জামিন মঞ্জুৰ, পিছে নিশা কটাব লাগিব কাৰাগাৰত…
অৱশেষত জামিন লাভ কৰিলে সাংবাদিক দিলোৱাৰ হুছেইনে। আৰক্ষীয়ে উপযুক্ত প্ৰমাণ দিব নোৱাৰাৰ বাবে কামৰূপৰ মুখ্য ন্যায়িক দণ্ডাধীশ আদালতে জামিন প্ৰদান কৰিছে জ্যেষ্ঠ সাংবাদিকগৰাকীক।

সাংবাদিক দিলোৱাৰ হুছেইন মজুমদাৰক জামিন প্ৰদান আদালতৰ। আৰক্ষীয়ে উপযুক্ত প্ৰমাণ দিব নোৱাৰাৰ বাবে কামৰূপৰ মুখ্য ন্যায়িক দণ্ডাধীশ আদালতে জামিন প্ৰদান কৰিছে জ্যেষ্ঠ সাংবাদিকগৰাকীক। অৱশ্যে আজি নিশা কাৰাগাৰতে থাকিব লাগিব সাংবাদিকগৰাকী। মুক্তিৰ বাবে প্ৰয়োজনীয় জামিন বণ্ড জমা কৰিব নোৱাৰা বাবে আজি মুকলি আকাশৰ তললৈ আহিব নোৱাৰে তেওঁ। বৃহস্পতিবাৰে জামিন বণ্ড জমা দি মুকলি আকাশৰ তললৈ আহিব পাৰিব দিলোৱাৰ হুছেইন।
উল্লেখ্য যে, অসম সমবায় এপেক্স বেংকৰ পৰিচালন সঞ্চালক ডম্বৰু শইকীয়াৰ বিৰুদ্ধে এক দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছিল। অভিযোগ অনুসৰি অসম কো অপাৰেটিভ এপেক্স বেংকত অসম জাতীয় পৰিষদৰ জাতীয় যুৱ বাহিনীৰ প্ৰতিবাদ কাৰ্যসূচীৰ বাতৰি সংগ্ৰহৰ বাবে যোৱা গুৱাহাটী প্ৰেছ ক্লাবৰ সহকাৰী সম্পাদক, জ্যেষ্ঠ সাংবাদিক দিলোৱাৰ হুছেইন মজুমদাৰক পাণবজাৰ থানালৈ ফোনযোগে মাতি নি আবদ্ধ কৰি ৰাখে । পৰৱৰ্তী সময়ত তেওঁক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।
তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগ – ভাৰতীয় ন্যায় সংহিতাৰ ধাৰা ৩৫১(২)/৩(১)(ৰ) আৰু অনুসূচিত জাতি (অত্যাচাৰ প্ৰতিৰোধ) আইন, ২০১৫ – ৰ অধীনত গোচৰ ৰুজু হৈছিল। জামিন বণ্ড দাখিল কৰিব নোৱাৰাৰ বাবে আজি নিশা মজুমদাৰ ন্যায়িক জিম্মাত থাকিব আৰু কাইলৈ আনুষ্ঠানিকতা সম্পূৰ্ণ হ’লে তেওঁক মুকলি কৰি দিয়াৰ সম্ভাৱনা আছে। বৰ্তমান তেওঁৰ আইনী দলটোৱে কাম কৰি আছে আৰু তেওঁৰ মুক্তিৰ বাবে প্ৰয়োজনীয় চৰ্তসমূহ পূৰণ কৰি আছে। পৰৱৰ্তী সময়ত আৰু অধিক তথ্য পোহৰলৈ আহিব।
উল্লেখ্য যে, দিলোৱাৰ হুছেইনক গ্ৰেপ্তাৰৰ পাছতেই সৰ্বত্ৰে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। বিভিন্নজনে ইয়াৰ বিৰোধিতা কৰি চৰকাৰ তথা প্ৰশাসনক সমালোচনা কৰিছিল। ইয়াৰোপৰি আজি আৰক্ষী থানাৰ সন্মুখত একাংশ সাংবাদিকে প্ৰতিবাদ সাব্যস্ত কৰি দিলোৱাৰ হুছেইনৰ মুক্তিৰ দাবী কৰিছিল।