5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Diwali 2024: দেৱালীৰ পূৰ্বে কামৰূপ জিলা প্ৰশাসনৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা

Diwali 2024: কাইলৈ সমগ্ৰ দেশে পালন কৰিব পোহৰৰ উৎসৱ দেৱালী।নানাৰঙী লাইট, মাটিৰ চাকিৰ পোহৰ আদিৰে জিলিকি থাকিব চৌদিশ। ইয়াৰ মাজতে দেৱালীৰ পূৰ্বে কামৰূপ জিলা প্ৰশাসনে ৰাইজলৈ জনাইছে বিশেষ আহ্বান।

Diwali 2024: দেৱালীৰ পূৰ্বে কামৰূপ জিলা প্ৰশাসনৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা
দেৱালী
barasha-sarma
Barasha Sarma | Updated On: 30 Oct 2024 21:22 PM

কাইলৈ সমগ্ৰ দেশে পালন কৰিব পোহৰৰ উৎসৱ দেৱালী। ইতিমধ্যে দেৱালীৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ হৈছে জনতাৰ। দেৱালীৰ পূৰ্বে সমূহ ৰাইজত শুভকামনা জনাই কামৰূপ মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই। ইয়াৰোপৰি দেৱালীয়ে যাতে কাৰো জীৱনলৈ বিপদ মাতি নানে তাৰ বাবে সকলোকে সচেতন হবলৈ আহ্বান জনাই বৰাই। সেয়ে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি ফটকা ফুটোৱাৰ আহ্বান জিলা প্ৰশাসনৰ।

দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি নিশা ৮ বজাৰ পৰা নিশা ১০ বজালৈকে ফটকা ফুটাব পাৰিব। বাকী সময়ত ফটকা ফুটোৱাত বাধা আৰোপ কৰিছে ন্যায়ালয়ৰ লগতে প্ৰশাসনে। সৰু লৰা- ছোৱালীয়ে ফটকা ফুটোৱাৰ ক্ষেত্ৰত প্ৰতিগৰাকী অভিভাৱকক সচেতন হোৱাৰ আহ্বান জনাইছে প্ৰশাসনে। ফটকাৰ লগত বহু নকৰাত্মক দিশ জড়িত হৈ আছে। ফটকাত থকা টক্সিন মেটেৰিয়েল স্বাস্থ্যৰ বাবে অধিক ভয়াবহ। যাৰ বাবে ফটকাৰ পৰিবৰ্তে সেউজ দীপাৱলী উদযাপন কৰিবলৈ ৰাইজক আহ্বান জনাইছে প্ৰশাসনে।

ইয়াৰোপৰি ফটকাৰ ব্যৱহাৰ কম কৰিবলৈ আহ্বান জনাই আৰক্ষী আয়ুক্ত দিগন্ত বৰাই। তেওঁ কয়, ফটকা ফুটালে শব্দ প্ৰদূষণ, বায়ু প্ৰদূষণ হয় আৰু ইয়াৰ প্ৰভাৱ মানুহৰ লগতে চৰাই-চিৰিকতিৰ ওপৰতো পৰে। দেৱালীৰ ফটকাৰ বাবে বহু চৰাই- চিৰিকতিৰ মৃত্যুও হয়। গতিকে এনে স্থানত ফটকা নুফুটাবলৈ আহ্বান জনাই প্ৰশাসনে। ইয়াৰোপৰি হাস্পাতাল আদিৰ কাষতো ফটকা ফুটোৱাত বাধা আৰোপ কৰে প্ৰশাসনে।

উল্লেখ্য যে, প্ৰতি বছৰে দেৱালীৰ পূৰ্বে প্ৰশাসনে বিভিন্ন ধৰণৰ নিৰ্দেশনা জাৰি কৰে কিন্তু এনে নিৰ্দেশনা আওকান কৰি একাংশ জনতাই অধিক হাৰত ফটকা ফুটাই প্ৰদূষণ বৃদ্ধিত অৰিহনা যোগায়। বৰ্তমান সময়ত দেশত প্ৰদূষণে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। তেনেস্থলত দেৱালীৰ পাছত এই প্ৰদূষণৰ হাৰ আৰু অধিক বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। ফটকাৰ প্ৰভাৱ চৰাই- চিৰিকতি, জীৱ- জন্তু আদিৰ ওপৰতো পৰে।ফটকাৰ ধোৱাই বায়ু প্ৰদূষণ কৰাৰ লগতে ইয়াৰ শব্দই জীৱ- জন্তু, চৰাই- চিৰিকতি আদিক শংকিত কৰি তোলে।

কাইলৈ ৩১ অক্টোবৰ। এই দিনটোতেই সমগ্ৰ দেশে পালন কৰিব পোহৰৰ উৎসৱ দীপাৱলী।  দেৱালীৰ দিনা মা লক্ষ্মীৰ পূজা কৰিলে শুভ ফল পোৱা যায় বুলি কোৱা হয়। জ্যোতিষ শাস্ত্ৰ অনুসৰি  লক্ষ্মী পূজাৰ শুভ সময় সন্ধিয়া ৫:৩৭ বজাৰ পৰা ৮:৪৫ বজালৈ থাকিব। এই সময়খিনি লক্ষ্মী দেৱীক পূজা আৰু তেওঁৰ আশীৰ্বাদ বিচৰাৰ বাবে আটাইতকৈ উপযুক্ত সময় বুলি বিবেচিত হয়।

Latest News