জীয়াই আছে সুনীল গগৈ! বৰ্বৰ কাণ্ডৰ আঁৰত ৪০ লাখ টকাৰ বীমা নেকি?

এই ঘটনাক পোহৰলৈ আহিছে এক বীমাৰ প্ৰসংগও। অভিযোগ অনুসৰি নিৰুদ্দেশ হোৱাৰ কেইদিনমান পূৰ্বে সুনীল গগৈক এক বীমা খুলিছিল। এই বীমা অনুসৰি সুনীলৰ মৃত্যু হ'লে ৪০ লাখ টকা পাব পৰিয়ালৰলোকে।  গতিকে একাংশই অনুমান কৰিছে যে এই ৪০ লাখ টকাৰ বাবে এই নাটক ৰচিছে সুনীল গগৈয়ে।

জীয়াই আছে সুনীল গগৈ! বৰ্বৰ কাণ্ডৰ আঁৰত ৪০ লাখ টকাৰ বীমা নেকি?

সুনীল গগৈ-জাহাংগীৰ

Published: 

19 Jun 2024 12:39 PM

টকাৰ বাবে মানুহে কি কৰিব নোৱাৰে। কেৱল টকাৰ বাবেই নিজৰ হত্যাৰ নাটক ৰচনা কৰাতো কিমান সহজ?   টকাই জানো সকলো? কিন্তু শেহতীয়াকৈ ঢকুৱাখনাত সংঘটিত এক জঘন্য বৰ্বৰ ঘটনাই এই কথাকেই যেন প্ৰমাণিত কৰিছে। ১জুনত সংঘটিত নৃশংস হত্যাকাণ্ডৰ আন এক মোৰ পোহৰলৈ আহিল ১৮ জুনত। ইমান দিনে ভাবি অহা হৈছিল যে নিষ্ঠুৰ মানসিকতা, বৰ্বৰতাৰ বলি হৈ নিষ্ঠাবান ঠিকাদাৰ সুনীল গগৈয়ে সাৱতি লৈছে মৃত্যুক। কিন্তু এয়া সত্য নহয়। ১ জুনত  উদ্ধাৰ হোৱা মৃতদেহটো আছিল ৰাজমিস্ত্ৰী জাহাংগীৰ হুচেইনৰ।

ঢকুৱাখনাৰ সাপতীয়া চেতিয়া গাঁৱত সংঘটিত এক ভয়ংকৰ হত্যাকাণ্ডই জোকাৰি গৈছিল সমগ্ৰ ৰাজ্য। প্ৰায় সম্পূৰ্ণ জ্বলি যোৱা অৱস্থাত উদ্ধাৰ হৈছিল ছিন্ন মুণ্ড এটা মৃতদেহ। উদ্ধাৰ হোৱা মৃতদেহটোৰ কাষতেই পৰি ৰৈছিল বিজেপি কিষান মৰ্চাৰ সাধাৰণ সম্পাদক তথা ঠিকাদাৰ সুনীল গগৈ পৰিধান কৰা কাপোৰ। যিহেতু মৃতদেটো চিনাক্ত কৰিব পৰা অৱস্থাত নাছিল গতিকে ধাৰণা কৰা হৈছিল মৃতদেহটো সুনীল গগৈৰ।

দিন বাগৰি গৈছিল, কিন্তু আৰক্ষীয়ে উদ্ধাৰ  কৰিব পৰা নাছিল  মৃতদেহৰ কটা মূৰ। তাৰ কেইদিনমান পাছতেই পোহৰলৈ আহিছিল যে সুনীলৰ ঘৰত কাম কৰি থকা ৰাজমিস্ত্ৰী জাহাংগীৰ নামৰ লোকজন নিৰুদ্দেশ অৱস্থাত আছে। আৰক্ষীয়ে এই বিষয়টোও তদন্তৰ আওতালৈ আনি জাহাংগীৰৰ ভাতৃৰ তেজৰ নমুনা সংগ্ৰহ কৰি প্ৰেৰণ কৰে  DNA  পৰীক্ষাৰ বাবে। অৱশেষত পোহৰলৈ আহিল সত্য। মৃতদেহটো আছিল জাহাংগীৰৰ।

যদি জাহাংগীৰৰ মৃত্যু হৈছে তেন্তে সুনীল গগৈ ক’ত গ’ল?  মৃতদেহটোৰ সত্যতা পোহৰলৈ অহাৰ পাছতেই সুনীল আৰু তেওঁৰ পৰিয়ালৰ ওপৰত সন্দেহ বৃদ্ধি হয় আৰক্ষীৰ। যাৰ বাবে ঢকুৱাখনা থানাত সুনীল গগৈ আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে  এজাহাৰ দাখিল কৰে আৰক্ষীয়ে। সুনীল গগৈৰ পত্নী পুষ্পা গগৈ, পুত্র সৌৰভ গগৈ,  ভতিজা জয়ন্ত গগৈৰ বিৰুদ্ধেও গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে। IPC ৰ 120(B)/302/201/34 ধাৰাৰ 48/24 নম্বৰত গোচৰ ৰুজু। আনহাতে সুনীল গগৈক পলাতক ঘোষণা কৰিছে আৰক্ষীয়ে।

তাৰ পাছতেই মঙলবাৰে  সুনীল গগৈৰ ঘৰত উপস্থিত হৈ পৰিয়ালৰ লোকক চমন জাৰি কৰে আৰক্ষীয়ে।  ভাৰতীয় দণ্ডবিধি আইনৰ ১২০ (বি), ৩০২/২০১/৩৪ ধাৰাত পঞ্জীভূত গোচৰৰ আচামী সুনীলৰ পত্নী পুষ্পা গগৈ,বয়স্ক মাতৃ,ভাতৃ জয়ন্ত গগৈ আৰু পুত্ৰ সৌৰভ গগৈক থানালৈ আনি গোচৰৰ সাক্ষ্য গ্ৰহণ কৰে। সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কুলদ্বীপ গগৈয়ে সাক্ষ্য গ্ৰহণ কৰে। আজিও আৰক্ষীৰ তলব অনুসৰি থানাত উপস্থিত হৈছে সুনীল গগৈৰ পৰিয়াল।

এই ঘটনা সন্দৰ্ভত মুখ খুলিছে সুনীল গগৈৰ পত্নীয়ে। তেওঁ কৈছে যে,  এই হত্যাকাণ্ড ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত। লগতে প্ৰশ্ন কৰে যে যদি উদ্ধাৰ হোৱা মৃতদেহটো জাহাংগীৰৰ তেন্তে সুনীল গগৈ ক’ত?  জীৱিত বা মৃত, যিকোনো অৱস্থাতেই সুনীলক বিচাৰি দিবলৈ আহ্বান জনাই পত্নীয়ে। লগতে দোষীৰ উপযুক্ত শাস্তিৰ দাবী কৰে। তেওঁ কয় যে, সুনীল গগৈ যদি প্ৰকৃত দোষী, তেন্তে চকুৰ আগত গুলীয়াই দিলেও আপত্তি নাই।

৪০ লাখ টকা

এই ঘটনাক পোহৰলৈ আহিছে এক বীমাৰ প্ৰসংগও। অভিযোগ অনুসৰি নিৰুদ্দেশ হোৱাৰ কেইদিনমান পূৰ্বে সুনীল গগৈক এক বীমা খুলিছিল। এই বীমা অনুসৰি সুনীলৰ মৃত্যু হ’লে ৪০ লাখ টকা পাব পৰিয়ালৰলোকে।  গতিকে একাংশই অনুমান কৰিছে যে এই ৪০ লাখ টকাৰ বাবে এই নাটক ৰচিছে সুনীল গগৈয়ে।

অৱশ্যে এতিয়াও তদন্ত চলিয়েই আছে। গতিকে এতিয়াই কব নোৱাৰি যে কোনে কি কাৰণে এই বৰ্বৰ হত্যাকাণ্ড সংঘটিত কৰিলে। তদুপৰি ছিন্ন মুণ্ডাটো কত সেয়াও এক ডাঙৰ প্ৰশ্ন। আৰক্ষীয়ে সুনীলক বিচাৰি অভিযান চলাই আছে। তদন্তৰ অন্ততহে পোহৰলৈ আহিব এই ঘটনা মাষ্টাৰ মাইণ্ড সুনীল নে আন কোনোবা…

 

 

 

Related Stories
Rongali Bihu 2025: অসমীয়া শিপিনীয়ে তাঁতশালত সপোন ৰচে… আজি তাঁত বিহু, এই বিহুৰ গুৰুত্বৰ বিষয়ে জানো আহক
সলনি হ’ব ৰাজ্যৰ চিকিৎসা ক্ষেত্ৰ ! দেশৰ অন্যতম বৃহৎ চিকিৎসালয়লৈ ৰূপান্তৰিত হ’ব GMCH, এইলৈ কি ক’লে মুখ্যমন্ত্ৰীয়ে ?
“ছোনিয়া-ৰাহুলক ৰক্ষণাবেক্ষণ দিবলৈ কংগ্ৰেছে কৰা আন্দোলন হাস্যকৰ”, নেচনেল হেৰাল্ড গোচৰক লৈ কংগ্ৰেছক তীব্ৰ সমালোচনা দিলীপ শইকীয়াৰ
কিমান টকাত বিক্ৰী হয় কংগ্ৰেছৰ টিকট? সাংসদ ৰকিবুল হুচেইন, প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে ডাঙৰ অভিযোগ…
মুখ্যমন্ত্ৰী হওক বা আন কোনোবা সকলোৱে দলৰ অনুশাসন মানি চলিব লাগিব, ইয়াত কম্প্ৰমাইজ কৰা নহয়ঃ দিলীপ শইকীয়া
বৰ্বৰ! মানসিকভাৱে বিকাৰগ্ৰস্ত যুৱতীৰ সৈতে অপকৰ্ম ২ যুৱকৰ…
মন পচন্দৰ জীৱনসংগী পাবলৈ কি কি কৰিব লাগিব? প্ৰেমানন্দ মহাৰাজে ক'লে...
আজৱ! এইখন দেশত নিষিদ্ধ কণ্ডম, চেনিটেৰী পেড, গৰ্ভ নিৰোধক ব্যৱহাৰত...
যকৃতৰ কৰ্কট ৰোগ হোৱাৰ পূৰ্বে কি কি লক্ষণে দেখা দিয়ে? জানক সকলো...
বিহুৰ সময়ত সাতশাকী খোৱাৰ পৰম্পৰাৰ বিষয়ে জানেনে? তালিকাত কি কি শাক আছে...