শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Rongali Bihu: আহোম ৰজাৰ দিনত কেনেকৈ বিহু উদযাপন হৈছিল জানেনে?

বিহু অসমৰ জাতীয় উৎসৱ। অসমৰ লগতে অসমৰ কোনো কোনো দাঁতি-কাষৰীয়া ৰাজ্যতো কোনো জাতি জনজাতিৰ লোকে বিহু বা ইয়াৰ সমাৰ্থক উৎসৱ পালন কৰা দেখা যায়। বিহুৰ এক বিশেষ বৈশিষ্ট্য হ'ল ই জাতি, বৰ্ণ নিৰ্বিশেষে সকলো লোকে একেলগে উদযাপন কৰিব পৰা এক উৎসৱ। আজি জানো আহক আহোম ৰজাৰ দিনত কেনেকৈ বিহু উদযাপন কৰা হৈছিল।

Rongali Bihu: আহোম ৰজাৰ দিনত কেনেকৈ বিহু উদযাপন হৈছিল জানেনে?
আহোম ৰজাৰ দিনত কেনেকৈ বিহু উদযাপন হৈছিল জানেনে?Image Credit source: Getty images
barasha-misra
Barasha Misra | Published: 05 Apr 2025 19:06 PM

সমাগত হেঁপাহৰ ৰঙালী বিহু। চ’তে আনিছে ব’হাগৰ বতৰা। ঢোল আৰু পেঁপাৰ মাতত এতিয়া এক উখল মাখল সমগ্র ৰাজ্যৰ পৰিৱেশ। এতিয়া ৰাজ্যজুৰি ৰঙালী বিহুক আদৰাৰ চলিছে ব্যাপক প্ৰস্তুতি। প্ৰান্তে প্ৰান্তে চলিছে বিহুনাচ আৰু ঢোল বাদনৰ কৰ্মশালা।

বিহুৰ এক বিশেষ বৈশিষ্ট্য হ’ল ই জাতি, বৰ্ণ নিৰ্বিশেষে সকলো লোকে একেলগে উদযাপন কৰিব পৰা এক উৎসৱ। বিহু মূলতঃ এক কৃষি ভিত্তিক উৎসৱ। “কৃষি উৎসৱ ঘাইকৈ তিনিটা: খেতিৰ আৰম্ভণিৰ বেলিকা, খেতিৰ বাঢ়নী বতৰত আৰু খেতি চপোৱাৰ ‍শেষত। ” অসমত পালন কৰা বিহু তিনিটা হ’ল: ব’হাগ বিহু বা ৰঙালী বিহু, কাতি বিহু বা কঙালী বিহু, আৰু মাঘ বিহু বা ভোগালী বিহু।এই তিনিটা বিহুৰ ভিতৰত ৰঙালী বিহুত ৰঙ আনন্দৰ মাত্ৰা সৰ্বাধিক।

আহোম ৰজাৰ দিনত কেনেকৈ বিহু উদযাপন হৈছিল জানক

গৱেষক ডিম্বেশ্বৰ গগৈয়ে মত প্ৰকাশ কৰিছে যে,- ‘টাই ভাষাৰ ‘পয়হু’ শব্দই গো-পূজা বা গো-উৎসৱ বুজায়। “পয়” মানে উৎসৱ আৰু “হু” মানে গৰু। … বহাগ বিহুৰ আগদিনা গৰুক গা-ধুৱাই গো-পূজা কৰা,…আৰু পবিত্ৰ গৰুৰ ছালৰ বাদ্যক আগস্থান দি গো-পূজাৰ দৰে সন্মান জনোৱা হয় বাবে এই উৎসৱক “পয়হু” বোলা হয়। সেই “প’য়হু” শব্দৰ অপভ্ৰংশই “বিহু” হোৱা বুলি কৰা ধাৰণা অমুলক নহয়। আহোমসকলে নিজা বসন্ত উৎসৱ প’য় চেঙ -কেন লৈ আহিছিল। আহোমসকলৰ খ্যেক লাই বেট পুথিত আহোমসকলৰ নিজা বসন্ত উৎসৱ প’য় চেঙ -কেন বিষয়ে উল্লেখ আছে। বিহুৰ ভাৱ আৰু অৰ্থৰ দিশেদি বিচাৰ কৰিলে দেউৰী-চুতীয়া ‘বিচু’ শব্দৰেই অপভ্ৰংশ বুলি অনুমান কৰিব পাৰি।

আহোম ৰাজ্যতো বিহুত ঢোল ব্যৱহাৰ কৰা হৈছিল। অন্য মংগোলীয় জনগোষ্ঠীৰ‌ দৰে চীন, থাইলেণ্ড, ইত্যাদিৰ তাই‌ সকলেও নিজৰ উৎসৱ বা‌ ৰীতি-নীতি পালন কৰোঁতে ঢোল ব্যৱহাৰ কৰে। অৱশ্যে এই ঢোলৰ গঠন আৰু বজোৱা শৈলী অসমৰ থলুৱা ঢোলতকৈ পৃথক। তাই আহোম সমাজৰ লোক বিশ্বাসমতে ঢোল মাংগলিক বাদ্য। ঢোলৰ শব্দই প্ৰজনন শক্তি বৃদ্ধি কৰে, পৃথিৱীৰ মাটি কোমল আৰু উৰ্বৰা কৰে আৰু উন্মাদনা শক্তি বৃদ্ধি কৰে বুলি আহোম‌‌ সমাজত জনবিশ্বাস আছে। বিয়া, ওমফা পূজা, চোমদেউ পূজা আদিত ঢোল-বাদন অপৰিহাৰ্য।

বুৰঞ্জীৰ পৰা জনা যায় যে চুকাফা ৰজাই পৰ্বতৰ পৰা‌ নামি আহোঁতে বাটত পোৱা অসংখ্য স্থানীয় চুতীয়া, মৰাণ, বৰাহী, কছাৰী, ইত্যাদি লোকক নিজৰ লগত লয় আনিছিল। গতিকে এই ওজাজন তাই লোক আছিল নে বাটত লগ পোৱা থলুৱা মৰাণ, বৰাহী, চুতীয়া বা কছাৰী লোক আছিল, সেই কথা জনা নাযায়। তদুপৰি ইতিহাসৰ পৰা জনা যায় যে ব্ৰাহ্মণ পূজাৰী সকলে ১৭ শতিকাত হে আহোম ৰজা সকলক হিন্দু ৰীতি-নীতিৰ মাজলৈ আনি “ইন্দ্ৰবংশী” বুলি ঘোষণা কৰিছিল। গতিকে এই মালিতা সেই যুগতে ৰচনা কৰা হৈছিল বুলি অনুমান কৰিব পাৰি।

দেওধাই অসম বুৰঞ্জী আৰু সুকুমাৰ মহন্তৰ ঘৰত পোৱা বুৰঞ্জী অনুসৰি ১৫২৪ খ্ৰীষ্টাব্দৰ ৭ ব’হাগৰ দিনা চুতীয়া সেনাপতি গজৰাজ বৰুৱাই আহোম সেনাপতি ফ্ৰাচেংমুঙ বৰগোহাঁইক চুতীয়া ৰজাই আশ্ৰয় লৈ থকা ঠাইডোখৰ দেখুৱাই দিছিল। ১৫২৪ চনত সেই দিনা আছিল ‘ওজা বিচু’। ইয়াৰ পাছত কিছু অন্য চুতীয়ালোকৰ পৰামৰ্শত ফ্ৰাচেংমুঙে আত্মসমৰ্পণ কৰা চুতীয়া সৈনিকক পৰ্বত বগাই ঘিলাগছত উঠি ঢোল বজাবলৈ আদেশ দিয়ে। ইয়াৰ ফলত পাহাৰত আশ্ৰয় লৈ থকা চুতীয়া ৰজা আৰু সৈন্যসকলে যুদ্ধত জয় লাভ হʼল বুলি ভাবি বিহু নাচিবলৈ ধৰে আৰু শেষত গাপ লৈ থকা আহোমৰ হাতত পৰাজিত হয়। পাছৰ পৰ্যায়ত শদিয়াৰ কিছু লোক ঢকুৱাখনালৈ আহি এই বিহু হাৰ্হি দেৱালয়ত পাতিবলৈ ধৰে আৰু শেষত মহঘুলী চাপৰিলৈ বিয়পি ফাট বিহুৰ ৰূপ লয়। আহোম ৰজা ৰুদ্ৰসিংহই এই বিহুকে ৰংঘৰৰ বাকৰিলৈ আনে।

পৰৱৰ্তী পৰ্যায়ত আহোম স্বৰ্গদেউ ৰুদ্ৰ সিংহই চহা ৰাইজৰ বিহুলৈ পোনপতীয়া ৰজাঘৰীয়া পৃষ্ঠপোষকতা আগবঢ়ায়, তেখেতেই গছ তলৰ বিহুক ৰংঘৰৰ বাকৰিলৈ আনে, আৰু অংশগ্ৰহণকাৰী বিহুৱাসকলক পুৰস্কাৰ দিয়াৰো ব্যৱস্থা কৰে। অৱশ্যে বহু লেখক, গৱেষকে আকৌ আহোম স্বৰ্গদেউসকলে বিহুৰ পৃষ্ঠপোষকতা কৰা নাছিল বুলিও মন্তব্য কৰে।

এইজন স্বৰ্গদেৱেই হুঁচৰি দলৰ আগত মুৰ দোৱাই আশীৰ্বাদ লোৱাৰো পৰম্পৰা আৰম্ভ কৰে। ইয়াৰ আগলৈকে বিহুৱা হুঁচৰি দলে থানৰ পৰা আৰম্ভ কৰি শেষত থানতে সামৰণি মাৰিছিল। কিন্তু স্বৰ্গদেৱৰ ইচ্ছামতে প্ৰথমতে ৰজা ঘৰলৈ আৰু ক্ৰমে ডা-ডাঙৰীয়াৰ ঘৰলৈ গৈ হুঁচৰি গাই আশীৰ্বাদ দিয়া প্ৰথা প্ৰচলন হয়।