মহানগৰীত অঘটন! চিকিৎসকক আক্ৰমণ কল বেপাৰী ইমাদাদুল হকৰ…

মহানগৰীত পুনৰ সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। এজন কল বেপাৰীৰ আক্ৰমণত গুৰুত্বৰভাৱে আহত চিকিৎসক। ইতিমধ্যে চিকিৎসকগৰাকীক হাস্পাতালত ভৰ্তি কৰোৱা হৈছে।

মহানগৰীত অঘটন! চিকিৎসকক আক্ৰমণ কল বেপাৰী ইমাদাদুল হকৰ...

প্ৰতীকি ফটো

Published: 

23 Jan 2025 09:24 AM

সুৰক্ষিত নহয় চিকিৎসক! বিভিন্ন সময়ত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা চিকিৎসক আক্ৰমণৰ ঘটনা পোহৰলৈ আহে। পুনৰ ৰাজ্যত সংঘটিত হৈছে চিকিৎসকক আক্ৰমণৰ দৰে জঘন্য ঘটনা। এইবাৰ ঘটনাৰ স্থান গুৱাহাটী মহানগৰীৰ ভঙাগড়। জানিব পৰা মতে এজন কল বেপাৰীয়ে চিকিৎসক হিমাংশু ৰাজবংশীক কেঁচীৰে আক্ৰমণ কৰে। অভিযুক্ত কল বেপাৰীজনৰ নাম ইমাদাদুল হক।

জানিব পৰা মতে, বুধবাৰে সংঘটিত হয় এই ঘটনা। কল বেপাৰীজনৰ আক্ৰমণত আঘাতপ্ৰাপ্ত হোৱা চিকিৎসকগৰাকীক লগে লগে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পাতালৰ জৰুৰীকালীন বিভাগত ভৰ্তি কৰোৱা হয়। হিমাংশু ৰাজবংশী নামৰ চিকিৎসকগৰাকী জি এম চি এইচতে কৰ্মৰত। এই ঘটনাৰ পাছতেই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে। ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে অভিযুক্ত কল বেপাৰীগৰাকীক।

তথ্য অনুসৰি ভঙাগড়ৰ মেডিকেল কলেজৰ ওচৰত থকা কল বজাৰত ২৩ বছৰীয়া যুৱকজনে এই আক্ৰমণ কাণ্ড সংঘটিত কৰে। উল্লেখ্য যে,  কালি সন্ধিয়াৰ ভাগত চিকিৎসকগৰাকীয়ে কলৰ বজাৰলৈ গৈছিল আৰু তাতেই যুৱকজনৰ সৈতে কিবা কথাত তৰ্কা-তৰ্কিত লিপ্ত হৈছিল। পৰৱৰ্তী সময়ত ২৩ বছৰীয়া যুৱকজনে কল কাটিবলৈ ব্যৱহাৰ কৰা কেঁচীৰে আক্ৰমণ কৰে চিকিৎসকগৰাকীক। এই আক্ৰমণৰ ফলত চিকিৎসকগৰাকীৰ পিঠিত গভীৰ আঘাত লাগে আৰু লগে লগে অচেতন হৈ পৰে। পৰৱৰ্তী সময়ত স্থানীয় ৰাইজে চিকিৎসকগৰাকীক জি এম চি এইচত ভৰ্তি কৰোৱাৰ লগতে আৰক্ষীক খবৰ দিয়ে।

ইতিমধ্যে ভঙাগড় আৰক্ষীয়ে আটক কৰিছে কল বেপাৰীজনক। কিন্তু কি কাৰণে এই ঘটনা সংঘটিত হ’ল সেয়া এতিয়ালৈকে জানিব পৰা হোৱা নাই। আৰক্ষীয়ে যুৱকজনৰ সোধা পোচা অব্যাহত ৰাখিছে। তদন্তৰ অন্তত পোহৰলৈ আহিব কেনেকৈ আৰু কিয় যুৱকজনে এই কাণ্ড সংঘটিত কৰিলে।

 

গণৰাজ্য দিৱস আৰু স্বাধীনতা দিৱসৰ মাজত কি পাৰ্থক্য আছে?
দেশৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী কোন হ'ব? ক'লে IITian বাবাই...
মাত্ৰ ২০ দিন ৰঙা চাহ খালে কি হয় জানেনে? জানক সবিশেষ...
মহাকুম্ভৰ প্ৰথম দিনটোত কিমান মানুহ পৰিয়ালৰ পৰা বিচ্ছেদ হ'ল জানেনে?