পথ দুৰ্ঘটনাই প্ৰাণ ল’লে যুৱ চিকিৎসক শুভজিৎ বৰাৰ, কাৰ্য সম্পাদন কৰি ঘৰলৈ উভতাৰ পথতেই…

ঠন ধৰি উঠা পৰিয়াল এটাক নিষ্ঠুৰ নিয়তিয়ে নিমিষতে থান-বান কৰি পেলালে। এক ভয়ংকৰ পথ দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে ২৭ বছৰীয়া যুৱ চিকিৎসক শুভজিৎ বৰাৰ। এই ঘটনাৰ পাছতেই তেওঁৰ পৰিয়াল শোক ভাগি পৰিছে।

পথ দুৰ্ঘটনাই প্ৰাণ ললে যুৱ চিকিৎসক শুভজিৎ বৰাৰ, কাৰ্য সম্পাদন কৰি ঘৰলৈ উভতাৰ পথতেই...

শুভজিত বৰা

Published: 

16 Sep 2024 10:04 AM

এক ভয়ংকৰ পথ দুৰ্ঘটনাই প্ৰাণ ল’লে এজন যুৱ চিকিৎসকৰ। শনিবাৰে বিয়লি চাবুকধৰা ৰাজ্যিক চিকিৎসালয়ত কাৰ্য সম্পাদন কৰি ঘৰলৈ ঘূৰি অহাৰ পথতেই মিকিৰভেটাৰ ওৱাবৰিত দুৰ্ঘটনাতপতিত হয় যুৱ চিকিৎসকগৰাকী। গুৰুতৰভাৱে আহত চিকিৎসক শুভজিৎ বৰাক ঘটনাৰ পাছতেই হাস্পাতালত ভৰ্তি কৰোৱা হয় যদিও তেওঁ দেওবাৰৰ দিনা অকাল মৃত্যুক সাৱতি লয়। এই ঘটনাই সমগ্ৰ মৰিগাঁও অঞ্চলতে শোকৰ ছাঁ পেলাইছে।

জানিব পৰা মতে চিকিৎসকগৰাকীয়ে ঘৰলৈ ঘূৰি অহাৰ পথতেই মটৰ চাইকেল দুৰ্ঘটনা সংঘটিত হয়। গুৰুতৰভাৱে আহত চিকিৎসকগৰাকীক পৰৱৰ্তী সময়ত দিছপুৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও কালি সন্ধিয়া তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। ২৭ বছৰীয়া যুৱক শুভজিৎ বৰাই ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰি কিছুদিন পূৰ্বে চাবুকধৰা ৰাজ্যিক চিকিৎসালয়ত যোগদান কৰিছিল।

মেধা সম্পন্ন শুভজিৎ বৰাই হাইস্কুল শিক্ষান্ত পৰীক্ষা দি ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত পঢ়ি থকা অৱস্থাতে পিতৃক হেৰুৱাইছিল। পাছত অশেষ কষ্ট আৰু সাহেসেৰ ভৰি চিকিৎসক হোৱাৰ সপোন পূৰণ কৰিছিল। কিন্তু চিকিৎক হিচাপে যোগদান কৰাৰ কেইদিনমান পাছতেই পৰিয়াললৈ আহিল এই দুখৰ খবৰ। ঠন ধৰি উঠা পৰিয়ালটোক নিষ্ঠুৰ নিয়তিয়ে  নিমিষতে থান বান কৰি পেলালে।

আচাৰ্য চাণক্যৰ মতে এই ৫ টা স্থানত থকা লোকসকল সদায় হৈ থাকে দুখীয়া!
১ লাখৰো অধিক! ডুবাইত এটা সৰু ফ্লেটৰ ভাড়া জানিলে আচৰিত হ'ব আপুনি...
ধন লাভৰ বাবে এইদৰে ব্যৱহাৰ কৰক নিমখ আৰু লং!
দেশৰ একমাত্ৰ নদী, য'ৰ পৰা মানুহে উপাৰ্জন কৰে কোটি টকা! জানক কেনেকৈ...