5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

অসম আৰক্ষীৰ কেইবাটাও অভিযানত ১১ কোটি টকাৰ ড্ৰাগছ জব্দ, দুজনক আটক…

ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দূৰ্গা পূজাৰ প্ৰস্তুতি চলি থকাৰ মাজতে অসম আৰক্ষীয়ে কেইবাটাও ড্ৰাগছ বিৰোধী অভিযান চলাই । অভিযানত অসম আৰক্ষীয়ে প্ৰায় ১১ কোটি টকাৰ নিষিদ্ধ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হোৱা বুলি জানিব পৰা গৈছে । ই

অসম আৰক্ষীৰ কেইবাটাও অভিযানত ১১ কোটি টকাৰ ড্ৰাগছ জব্দ, দুজনক আটক…
প্ৰতীকী ফটো
manas-borah
Manas Borah | Updated On: 08 Oct 2024 14:35 PM

শাৰদীয় দূৰ্গা পূজাৰ পূৰ্বেই অসম আৰক্ষীয়ে ডাঙৰ সফলতা লাভ কৰিছে । ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দূৰ্গা পূজাৰ প্ৰস্তুতি চলি থকাৰ মাজতে অসম আৰক্ষীয়ে কেইবাটাও ড্ৰাগছ বিৰোধী অভিযান চলাই । অভিযানত অসম আৰক্ষীয়ে প্ৰায় ১১ কোটি টকাৰ নিষিদ্ধ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হোৱা বুলি জানিব পৰা গৈছে । ইয়াৰ লগতে দুই ড্ৰাগছ সৰবৰাহকাৰীকো আটক কৰিছে আৰক্ষীয়ে ।

ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যম এক্স হেণ্ডেলত প্ৰকাশ কৰা তথ্য অনুসৰি, বিশ্বনাথ আৰু কাছাৰ জিলাৰ পৰা গাঞ্জা, হেৰ’ইন আৰু ইয়াবা টেবলেটৰ দৰে নিচাজাতীয় দ্ৰব্য জব্দ কৰিবলৈ সক্ষম হৈছে অসম আৰক্ষীয়ে । তেওঁ কয় যে, চোৰাংচোৱাৰ তথ্য ভিত্তিত আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই বৃহৎ পৰিমাণৰ নিচাযুক্ত দ্ৰব্য জব্দ কৰে ।

বিশ্বনাথৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ এটা চেকপইণ্টত আৰক্ষীয়ে এখন বাহন আটক কৰি ১.৫৭ কোটি টকাৰ ৩১৪ কেজি গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয় বুলি মুখ্যমন্ত্ৰীয়ে গৰাকীয়ে তথ্য প্ৰকাশ কৰিছে । ইয়াৰ সমান্তৰালভাৱে কাছাৰ জিলা আৰক্ষীয়েও শিলচৰ আৰু ৰামনগৰত দুটা বিশেষ অভিযান চলাইছিল। এই অভিযানত আৰক্ষীয়ে ৫৭২ গ্ৰাম হেৰ’ইন আৰু ১০ হাজাৰ ইয়াবা টেবলেট জব্দ কৰে ।

উল্লেখ্য যে, কাছাৰ আৰক্ষীয়ে জব্দ নিচাযুক্ত দ্ৰব্য মূল্য প্ৰায় ৭ কোটি টকা হ’ব বুলি সদৰী কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে । ইয়াৰ লগতে এই অভিযানত এজন লোকক আটক কৰিছে কাছাৰ আৰক্ষীয়ে ।

ইফালে, কামৰূপ জিলাৰ বকোত আন এক অভিযানত ভাড়াঘৰৰ পৰা ৩০১ গ্ৰাম হেৰ’ইন জব্দ কৰে বিশেষ টাস্ক ফ’ৰ্চে । ইয়াৰ লগতে এজন লোকক আটক কৰিছে বুলি জানিব পৰা গৈছে । অসম আৰক্ষীৰ মুখ্য জনসংযোগ বিষয়া প্ৰণৱজ্যোতি গোস্বামীয়ে এক বিবৃতিত প্ৰকাশ কৰা অনুসৰি, আৰক্ষীয়ে এই অভিযানত এখন বাহন, এটা ম’বাইল ফোন আৰু নগদ ৮ হাজাৰ টকা জব্দ কৰিছে । কামৰূপত জব্দ কৰা ড্ৰাগছৰ মুঠ মূল্য ২.৪ কোটি টকা হ’ব বুলি অনুমান কৰিছে আন এগৰাকী জ্যেষ্ঠ বিষয়াই ।

Latest News