অসম আৰক্ষীৰ কেইবাটাও অভিযানত ১১ কোটি টকাৰ ড্ৰাগছ জব্দ, দুজনক আটক | Drugs worth Rs 11 crore seized in Assam, two held Assam news - Assam Tv9

অসম আৰক্ষীৰ কেইবাটাও অভিযানত ১১ কোটি টকাৰ ড্ৰাগছ জব্দ, দুজনক আটক…

ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দূৰ্গা পূজাৰ প্ৰস্তুতি চলি থকাৰ মাজতে অসম আৰক্ষীয়ে কেইবাটাও ড্ৰাগছ বিৰোধী অভিযান চলাই । অভিযানত অসম আৰক্ষীয়ে প্ৰায় ১১ কোটি টকাৰ নিষিদ্ধ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হোৱা বুলি জানিব পৰা গৈছে । ই

অসম আৰক্ষীৰ কেইবাটাও অভিযানত ১১ কোটি টকাৰ ড্ৰাগছ জব্দ, দুজনক আটক...

প্ৰতীকী ফটো

Updated On: 

08 Oct 2024 14:35 PM

শাৰদীয় দূৰ্গা পূজাৰ পূৰ্বেই অসম আৰক্ষীয়ে ডাঙৰ সফলতা লাভ কৰিছে । ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দূৰ্গা পূজাৰ প্ৰস্তুতি চলি থকাৰ মাজতে অসম আৰক্ষীয়ে কেইবাটাও ড্ৰাগছ বিৰোধী অভিযান চলাই । অভিযানত অসম আৰক্ষীয়ে প্ৰায় ১১ কোটি টকাৰ নিষিদ্ধ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হোৱা বুলি জানিব পৰা গৈছে । ইয়াৰ লগতে দুই ড্ৰাগছ সৰবৰাহকাৰীকো আটক কৰিছে আৰক্ষীয়ে ।

ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যম এক্স হেণ্ডেলত প্ৰকাশ কৰা তথ্য অনুসৰি, বিশ্বনাথ আৰু কাছাৰ জিলাৰ পৰা গাঞ্জা, হেৰ’ইন আৰু ইয়াবা টেবলেটৰ দৰে নিচাজাতীয় দ্ৰব্য জব্দ কৰিবলৈ সক্ষম হৈছে অসম আৰক্ষীয়ে । তেওঁ কয় যে, চোৰাংচোৱাৰ তথ্য ভিত্তিত আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই বৃহৎ পৰিমাণৰ নিচাযুক্ত দ্ৰব্য জব্দ কৰে ।

বিশ্বনাথৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ এটা চেকপইণ্টত আৰক্ষীয়ে এখন বাহন আটক কৰি ১.৫৭ কোটি টকাৰ ৩১৪ কেজি গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয় বুলি মুখ্যমন্ত্ৰীয়ে গৰাকীয়ে তথ্য প্ৰকাশ কৰিছে । ইয়াৰ সমান্তৰালভাৱে কাছাৰ জিলা আৰক্ষীয়েও শিলচৰ আৰু ৰামনগৰত দুটা বিশেষ অভিযান চলাইছিল। এই অভিযানত আৰক্ষীয়ে ৫৭২ গ্ৰাম হেৰ’ইন আৰু ১০ হাজাৰ ইয়াবা টেবলেট জব্দ কৰে ।

উল্লেখ্য যে, কাছাৰ আৰক্ষীয়ে জব্দ নিচাযুক্ত দ্ৰব্য মূল্য প্ৰায় ৭ কোটি টকা হ’ব বুলি সদৰী কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে । ইয়াৰ লগতে এই অভিযানত এজন লোকক আটক কৰিছে কাছাৰ আৰক্ষীয়ে ।

ইফালে, কামৰূপ জিলাৰ বকোত আন এক অভিযানত ভাড়াঘৰৰ পৰা ৩০১ গ্ৰাম হেৰ’ইন জব্দ কৰে বিশেষ টাস্ক ফ’ৰ্চে । ইয়াৰ লগতে এজন লোকক আটক কৰিছে বুলি জানিব পৰা গৈছে । অসম আৰক্ষীৰ মুখ্য জনসংযোগ বিষয়া প্ৰণৱজ্যোতি গোস্বামীয়ে এক বিবৃতিত প্ৰকাশ কৰা অনুসৰি, আৰক্ষীয়ে এই অভিযানত এখন বাহন, এটা ম’বাইল ফোন আৰু নগদ ৮ হাজাৰ টকা জব্দ কৰিছে । কামৰূপত জব্দ কৰা ড্ৰাগছৰ মুঠ মূল্য ২.৪ কোটি টকা হ’ব বুলি অনুমান কৰিছে আন এগৰাকী জ্যেষ্ঠ বিষয়াই ।

Latest Stories
Assam: নিবনুৱা পুত্ৰৰ জঘন্য কাণ্ড! অতি নৃশংসভাৱে হত্যা কৰিলে মাতৃক…
Assam: উপ-নিৰ্বাচনৰ ৪ সমষ্টিৰ বাবে প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কংগ্ৰেছৰ, পিছে বিহালীয়ে জ্বলা-কলা খুৱাইছে বিৰোধিক
Assam: গুৱাহাটীৰ ঘৰৰ ভিতৰত উদ্ধাৰ মহিলাৰ নৰ কংকাল, পুত্ৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ
অনুপ্ৰৱেশৰ চেষ্টা চলোৱা বাংলাদেশীক পুনৰ ঘূৰাই পঠোৱা হৈছে: আৰক্ষী, BSFক প্ৰশংসা মুখ্যমন্ত্ৰীৰ
ইণ্ডোনেছিয়াত কেন্দ্ৰীয় ৰাজ্যিক বিদেশ মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা! ভাৰতৰ হৈ ইণ্ডোনেছিয়াৰ নৱ-নিৰ্বাচিত ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ
Mission Basundhara: আনুষ্ঠানিকভাৱে মুকলি মিছন বসুন্ধৰা ৩.০, কোনে লাভ কৰিব সুবিধা, কেনেকৈ কৰিব আবেদন, জানক…
এই ৪ ৰাশিৰ যুৱকে কেতিয়াও নকৰে বিশ্বাসঘাটকতা, সদায় পত্নীক ৰাখে সুখত...
ক'লা হৰিণ আৰু সাধাৰণ হৰিণৰ মাজত কি কি পাৰ্থক্য থাকে?
পাকিস্তানেই নহয়, ঘৰুৱা মাটিত টেষ্টত ভাৰতৰো হৈছে একেই গতি!
পুষ্পা ২ৰ আইটেম চঙত দেখা যাব ৮০০ কোটি টকা উপাৰ্জন কৰা বলীউডৰ অভিনেত্ৰীক!