5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Dulal bora: বিজেপি নেতাৰ মৃত্যুত নাম সাঙোৰ খোৱা দুলাল বৰাক বিমানেৰে অনা হ’ল ডিব্ৰুগড়লৈ

Dulal bora: দুলাল বৰাৰ বিৰুদ্ধে প্ৰায় ৩১ টা গোচৰ ৰুজু হৈ আছে। আৰ টি আইক অস্ত্ৰ হিচাপে লৈ এইগৰাকী দুলাল বৰাই বিভিন্নজনক ব্লেকমেইল কৰি আহি টকা ঘটি আহিছে।

Dulal bora: বিজেপি নেতাৰ মৃত্যুত নাম সাঙোৰ খোৱা দুলাল বৰাক বিমানেৰে অনা হ’ল ডিব্ৰুগড়লৈ
দুলাল বৰা
barasha-sarma
Barasha Sarma | Published: 26 Sep 2024 12:21 PM

বিতৰ্কত আৰ টি আই কৰ্মী দুলাল বৰাক অনা হ’ল অসমলৈ। বৃহস্পতিবাৰে পুৱা দিল্লী আৰক্ষীৰ জিম্মাৰ পৰা ট্ৰেনজিত জিম্মালৈ অসমলৈ অনা হৈছে দুলাল বৰাক। আজি পুৱা ৬.৩০ বজাত অসম আৰক্ষীৰ ৩ জনীয়া দল এটাই বৰাক  ইণ্ডিগ’ বিমানেৰে ডিব্ৰুগড়লৈ আনে। ইয়াৰ পৰা তেওঁক পোনে পোনে চৰাইদেউলৈ নিয়া হ’ব। উল্লেখ কৰা প্ৰয়োজন যে,  এগৰাকী বিজেপি নেতাৰ আত্মহত্যাৰ ঘটনাত নাম সাঙোৰ খাইছে দুলাব বৰাৰ। তাৰ পাছতেই ১৮ ছেপ্টেম্বৰত দুলাল বৰাই গুৱাহাটীৰ পৰা দিল্লীলৈ গৈ কৃতি নগৰৰ কাৰ্লা হাস্পতালত ভৰ্তি হৈ আছিল।

এই হাস্পাতালৰ পৰাই ১৭ ছেপ্টেম্বৰত আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে। জানিব পৰা মতে এই হাস্পাতালখনত দুলাল বৰাৰ কন্যা কৰ্মৰত। উল্লেখ্য যে ২০ ছেপ্টেম্বৰৰ পুৱা সোণাৰিৰ ৰজাপুখুৰী পঞ্চায়ত কাৰ্যালয়ৰ সমীপত উদ্ধাৰ হৈছিল পঞ্চায়তৰ সভাপতি তথা বিজেপি নেতা দেৱজিৎ হাজৰিকাৰ মৃতদেহ। অভিযোগ  অনুসৰি পঞ্চায়তৰ কামত দুৰ্নীতিৰ অভিযোগ উত্থাপন হোৱাৰ বাবে মানসিকভাৱে ভাগি পৰি তেওঁ চৰম সিদ্ধান্ত গ্ৰহণ কৰিছিল। বিজেপি নেতাগৰাকীৰ ওচৰৰ পৰা আৰক্ষীয়ে এখন চুইচাইড নোট উদ্ধাৰ কৰিছিল য’ত কেইবাগৰাকী সাংবাদিকৰ নাম উল্লেখ আছিল। এই সাংবাদিকসকলৰ পৃষ্ঠপোষক আছিল দুলাল বৰা।

তথ্য অনুসৰি চিআইডিৰ ওচৰত দুলাল বৰাৰ বিৰুদ্ধে প্ৰায় ৩১ টা গোচৰ ৰুজু হৈ আছে। আৰ টি আইক অস্ত্ৰ হিচাপে লৈ এইগৰাকী দুলাল বৰাই বিভিন্নজনক ব্লেকমেইল কৰি আহি টকা ঘটি আহিছে। বিজেপি নেতা দেৱজিৎ হাজৰিকাৰ লগতো একেই কাম কৰিছিল বুলি অভিযোগ উত্থাপন হৈছে।

বিজেপি নেতাৰ আত্মহত্যাৰ ঘটনাত ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৰঞ্জিত বুঢ়াগোহাঁই আৰু পৰিস্মিতা ফুকন।  ৰঞ্জিত বুঢ়াগোহাঁই অৱসৰপ্ৰাপ্ত BDO হোৱাৰ লগতে পৰিস্মিতা ফুকন এটা  প’ৰ্টেলৰ সাংবাদিক। এই গোচৰৰ আন এক অভিযুক্ত সাংবাদিক ৰফিক আহমেদ। নিউজ চেনেলত কৰ্মৰত ৰফিক আহমেদ অন্তৰ্ৱৰ্তীকালীন জামিনত বৰ্তমান মুকলি আকাশৰ তলত আছে।

উল্লেখ্য যে, বছৰ বছৰ ধৰি দুলাল বৰাৰ বিৰুদ্ধে বহু অভিযোগ উত্থাপন হৈ আছে।বিভিন্ন অভিযোগৰ পাছত ২০২০ চনৰ ১৬ ডিচেম্বৰত তেওঁৰ বিৰুদ্ধে শুনানি গ্ৰহণ কৰি ব্যৱস্থা লৈছিল ৰাজ্যিক তথ্য আয়োগে। মুঠতে এইগৰাকী আৰ টি আই কৰ্মীৰ বিৰুদ্ধে অভিযোগ গুৰুতৰ।  কিন্তু ইমানৰ পাছতো গা নলৰা এইগৰাকী দুলাল বৰাই অপকৰ্ম কৰাৰ পৰা বিৰত থকা নাছিল।

দুলাল বৰা সন্দৰ্ভত মত প্ৰকাশ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে তেওঁক আৰ টি আই কৰ্মী হিচাপে নহয়, এজন অপৰাধী হিচাপে গণ্য কৰা হ’ব। দুলাল বৰা আৰু অন্য অভিযুক্তৰ গ্ৰেপ্তাৰৰ পাছতেই বিজেপি নেতাগৰাকীৰ পত্নীয়ে মুখ্যমন্ত্ৰীক ধন্যবাদ জনাই কঠোৰ শাস্তিৰ দাবী কৰিছে। ঘটনা সন্দৰ্ভত বৰ্তমান তদন্ত অব্যাহত আছে। পৰৱৰ্তী সময়ত আৰু অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱণা আছে।

Latest News