5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

দুৰ্গা পূজাৰ বাবে SOP জাৰি কামৰূপ (ম) জিলা প্ৰশাসনৰ, পূজা কমিটীসমূহে মানি চলিব লাগিব এইসমূহ নিয়ম

একে সময়তে দুৰ্গা পূজাক লৈ সাজু হৈছে মহানগৰ জিলা প্ৰশাসন। বাধা-বিঘিনি নোহেৱাকৈ দুৰ্গা পূজা উদযাপনৰ বাবে মহানগৰ জিলা প্ৰশাসনে জাৰি কৰিছে SOP। এই SOP ৰ জৰিয়তে প্ৰশাসনে দুৰ্গা পূজাৰ কমিটীসমূহক কিছুমান নিয়ম বান্ধি দিয়ে, যিয়ে অনুষ্ঠানসমূহ সুকমলে,আইন- শৃংখলা মানি আগুৱাই নিয়াত সহায় কৰে। এইবাৰো পূজা কমিটীসমূহে মানি চলিব লাগিব কিছুমান বিশেষ নিয়ম।

দুৰ্গা পূজাৰ বাবে SOP জাৰি কামৰূপ (ম) জিলা প্ৰশাসনৰ, পূজা কমিটীসমূহে মানি চলিব লাগিব এইসমূহ নিয়ম
দুৰ্গা পূজা
Follow Us
trishna-kalita
Trishna Kalita | Updated On: 26 Sep 2024 19:11 PM

চলিত বৰ্ষৰ দুৰ্গা পূজা ৯ অক্টোবৰৰ পৰা আৰম্ভ হ’ব। ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই পূজাক লৈ আৰম্ভ হৈছে প্ৰস্তুতি। ৰাজ্যৰ পূজাসমূহ যাতে সুকলমে অনুষ্ঠিত হয় তাৰ বাবে প্ৰত্যেক জিলা প্ৰশাসনে এক নিৰ্দেশনা জাৰি কৰে। একে সময়তে দুৰ্গা পূজাক লৈ সাজু হৈছে মহানগৰ জিলা প্ৰশাসন। বাধা-বিঘিনি নোহেৱাকৈ দুৰ্গা পূজা উদযাপনৰ বাবে মহানগৰ জিলা প্ৰশাসনে জাৰি কৰিছে SOP। এই SOP ৰ জৰিয়তে প্ৰশাসনে দুৰ্গা পূজাৰ কমিটীসমূহক কিছুমান নিয়ম বান্ধি দিয়ে, যিয়ে অনুষ্ঠানসমূহ সুকমলে,আইন- শৃংখলা মানি আগুৱাই নিয়াত সহায় কৰে। এইবাৰো পূজা কমিটীসমূহে মানি চলিব লাগিব কিছুমান বিশেষ নিয়ম।

শাৰদীয় দুৰ্গা পূজাৰ পূৰ্বে কমিটীসমূহৰ বাবে কামৰূপ (ম) জিলা প্ৰশাসনে বান্ধি দিছে বিশেষ নিয়ম

কৰিবলগীয়া

  • Loud Speakerৰ ব্যৱহাৰ আৰু শব্দ প্ৰদূষণ সম্পর্কীয় নিয়ম-নীতি সাৱধানে মানি চলিব লাগিব।
  • এই নীতি নিয়মবোৰ সকলো কর্মকর্তাক বুজাই দিব লাগিব।
  • অস্থায়ীভাৱে নিৰ্মাণ কৰা পূজা মণ্ডপ, বৈদ্যুতিক সা-সৰঞ্জাম আদিৰ পৰা সকলো দৰ্শনাৰ্থীৰ সম্পূৰ্ণ সুৰক্ষা নিশ্চিত কৰিব লাগিব।
  • সুৰক্ষা আৰু নিৰাপত্তাৰ সন্দৰ্ভত থকা সকলো নির্দেশনা কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত প্ৰশাসনৰ সৈতে সহযোগীতাৰ মনোভাৱ পোষণ কৰিব লাগিব।
  • দুর্গা পূজা শান্তিপূর্ণভাৱে পালন হোৱাটো নিশ্চিত কৰিব লাগিব।
  • দুর্গা পূজাৰ উৎসৱস্থলী সকলো ধৰণৰ বিপদজনক সামগ্ৰীৰ পৰা মুক্ত আৰু পৰিস্কাৰকৈ ৰাখিব লাগিব।
  • জৰুৰীকালীন সময়ত ব্যৱহাৰ কৰিব পৰাকৈ এক সুকীয়া স্থান নির্দিষ্ট কৰি ৰাখিব লাগিব।
  •  যিকোনো জৰুৰীকালীন অৱস্থাৰ মোকাবিলা কৰাৰ বাবে চিকিৎসককে ধৰি এটি চিকিৎসা গোট ৰাখিব লাগিব।
  • সকলো স্বেচ্ছাসেৱককে সহজে চিনাক্ত কৰিব পৰা পৰিচয় পত্ৰ প্ৰদান কৰিব লাগিব।
  • কোনো গুৰুত্বপূৰ্ণ ব্যক্তিৰ আগমন ঘটিলে আৰু পূজাস্থলীৰ সকলো কাৰ্যসূচীৰ বিষয়ে আগতীয়াকৈ স্থানীয় আৰক্ষী থানাত জনোৱাৰ লগতে আৰু সকলো সুৰক্ষা নিৰ্দেশ কঠোৰভাৱে মানি চলিব লাগিব।
  • পূজাস্থলীত মাদকদ্রব্য আৰু নিচাজাতীয় দ্রব্য নিষিদ্ধ কৰিব লাগিব।
  • অনুষ্ঠান শেষ হোৱাৰ পিছত পূজাস্থলী পৰিষ্কাৰ কৰাটো নিশ্চিত কৰিব লাগিব।
  • বলপূর্বকভাৱে চান্দা বা বৰঙণি সংগ্ৰহ নকৰিবলৈ আহ্বান।
  • পূজাৰন্তৰ পূৰ্বে পূজা সমিতিৰ সকলো বিষয়ববীয়া আৰু স্বেচ্ছাসেৱকৰ নাম সমীপৱৰ্তী আৰক্ষী থানাত দাখিল কৰিব লাগিব।
  • এই নীতি নির্দেশনা অনুসাৰ কাম কৰিবলৈ সকলো কমকতা, ভক্তক আহ্বান জনাব লাগিব।
  • আপোনালোকৰ পূজাস্থলীলৈ কোনোৱা গুৰুত্বপূৰ্ণ ব্যক্তি, নিৰাপত্তাৰ প্ৰতি ভাবুকি থকা ব্যক্তিৰ আগমনৰ সন্দৰ্ভত অনুগ্ৰহ কৰি আগতীয়াকৈ আৰক্ষীক জনাব লাগিব।
  • পূজা মণ্ডপ খালী হৈ থকা সময়ত সুৰক্ষাৰ বাবে পূজা মণ্ডপত ৰখীয়া থকাটো নিশ্চিত কৰিব লাগিব।
  • জন সমাগম সুচাৰুৰূপে পৰিচালনা কৰিবলৈ বিহিত ব্যৱস্থা গ্ৰহণ কৰক লগতে পুৰুষ-মহিলাৰ বাবে পৃথকে পৃথকে প্ৰৱেশ আৰু প্ৰস্থানৰ ব্যৱস্থা গ্ৰহণ কৰক লাগিব।
  • পূজা মণ্ডপৰ আশে-পাশে বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা ৰাখিব লাগিব।
  • বিজুলী সংযোগ ব্যাহত হলে এই ক্ষেত্ৰত পৰ্যাপ্ত বিজুলি সৰবৰাহ সুনিশ্চিত কৰাৰ কাৰণে Generator Set ৰ ব্যৱস্থা কৰিব লাগিব।
  •  স্থানীয় আৰক্ষীৰ লগত আলোচনা কৰি গুৰুত্বপূৰ্ণ স্থানসমূহত পর্যাপ্ত CC TV Cameraৰ ব্যৱস্থা কৰিব লাগি।
  • প্রতিমা বিসর্জনৰ সময়ত জিলা প্ৰশাসন আৰু আৰক্ষী প্রশাসনে বান্ধি দিয়া নিয়মসমূহ সম্পূর্ণভাৱে মানি চলিব লাগিব।
  • ভক্তপ্ৰাণ ৰাইজৰ সুবিধার্থে প্ৰতিখন পূজা সমিতিয়ে একোটা ২৪x৭ সহায়ক কক্ষ স্থাপন কৰিব লাগিব।
  • প্রতিমা বিসর্জনৰ শোভাযাত্ৰাৰ সময়ত কোনো ধৰণৰ ফটকা আদি ফুটোৱা কাৰ্যৰ পৰা বিৰত থকাৰ পৰামৰ্শ।
  • বিসৰ্জনৰ দিনাখন সকলো পূজা সমিতিকে তেওঁলোকৰ শোভাযাত্ৰা দিনৰ ১১ বজাৰ পৰা আৰম্ভ কৰাৰ বাবে আহ্বান ।
  • পূজা সমিতিৰ সকলো সদস্যকে বিশেষকৈ যুৱ সদস্যসকল আৰু আন শোভাযাত্রাকাৰীয়ে যাতে কোনোধৰণৰ অসামাজিক কার্যত লিপ্ত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব।
  • পূজা সমিতি সমূহক পূজা সম্পর্কীয় সকলো বেনাৰ, হার্ডিং, পোষ্টাৰ, তোৰণ আদিত অসমীয়া ভাষা ব্যৱহাৰ কৰিবলৈ আহ্বান।

 

নকৰিবলগীয়া

  • ৰাজহুৱা পথৰ ওপৰত পূজা পেণ্ডেল সাজিব নোৱাৰিব।
  •  পোষ্টাৰ বেনাৰ লগাই কোনো ৰাজহুৱা দেৱাল-সম্পত্তি, প্রাকৃতিক সম্পদ নষ্ট কৰিব নোৱাৰিব।
  • ৰাজহুৱা স্থানত কোনো কার্য্যালয়/ বিপণি আদি স্থাপন নকৰিবলৈ আহ্বান।
  • কোনো ৰাজহুৱা স্থানত পতাকা/ কাপোৰ/ পোষ্টাৰ লগাব নোৱাৰিব।
  •  পেণ্ডেলৰ ১০০ মিটাৰ ভিতৰত যান-বাহন থোৱাৰ অনুমতি নিদিবলৈ আহ্বান।
  • কোনো ৰাজহুৱা স্থানত প্লাষ্টিকৰ বেগ, পতাকা, বেনাৰ, কাপোৰ বা পোষ্টাৰ ব্যৱহাৰ নকৰিবলৈ আহ্বান।
  • নিশা ১০ বজাৰ পাছত Loud Speaker ৰ ব্যৱহাৰ কৰিব নোৱাৰিব।
  • পূজা মণ্ডপ, তোৰণ আদি বিদ্যুৎ পৰিবাহী তাঁৰৰ তলত হ’ব নালাগিব।
  •  জনাসাধাৰণে সুৰক্ষিত আৰু নিৰাপদে উৎসৱ উদযাপন কৰাটো নিশ্চিত কৰাৰ আহ্বান।

 

ইয়াৰ উপৰিও যিকোনো প্ৰয়োজনীয় ক্ষেত্ৰত প্ৰশাসনৰ লগত যোগাযোগ কৰিবলৈ কেতবোৰ গুৰুত্বপূৰ্ণ ফোন নম্বৰো প্ৰকাশ কৰা হৈছে SOPত

  • জিলা প্ৰশাসনৰ নিয়ন্ত্রণ কক্ষ: ০৩৬১-২৭৩৩০৫২, মাচুল বিহীন ফোন নম্বৰঃ ১০৭৭
  • আৰক্ষী নিয়ন্ত্ৰক কক্ষ: ০৩৬১-২৪৬৪৫৫৭, ২৪৬১৫৫৬ আৰু ১০০
  • অগ্নি আৰু জৰুৰীকালীনসেৱা নিয়ন্ত্রণ কক্ষ:০৩৬১-২৭৩৬৮০, ২৭৩৫৯৩৩, ২৭৩৫৯৩৫, ৯৪৩৫৯-৬০৬১৮
  • গুৱাহাটী পৌৰ নিগম নিয়ন্ত্রণ কক্ষ: ৮৮১১০০৭০০০, ৭৩৯৯০০৩০০১, ৭৩৯৯০০৩০০২
  • অসম বিদ্যুৎ বিতৰণ কোম্পানী লিমিটেড: ৭০৮৬০৭৭৩৭৪, ৯৯৫৪১৯২১০৪, ৯৯৫৪১৯২১০৫
  • এন ডি আৰ এফ নিয়ন্ত্রণ কক্ষ: ৯৪৩৫১১৭২৪৬

 

 

Latest News