Durga Puja in Kamakhya Temple: দুৰ্গা পূজা উপলক্ষে লোকে লোকাৰণ্য কামাখ্যা ধাম! আজি দিয়া হ’ব মহ বলি

আজি শক্তিপীঠ কামাখ্যাত সম্পন্ন হৈছে অষ্টমী পূজা। অষ্টমীৰ পূজাৰ পাছতেই চলিছে নৱমী তিথিৰ পূজা-অৰ্চনা। পৰম্পৰা অনুসৰি নৱমী উপলক্ষে ৯গৰাকী কুমাৰীক পূজা শক্তিপীঠ কামাখ্যাত। আজিৰ দিনটোত মন্দিৰৰ ফালৰ পৰা ৮টা মহ বলি হ'ব। ইয়াৰ উপৰিও ব্যক্তিগতভাৱে ভক্তৰ ফালৰ পৰা দিয়ে মহ বলি।

Durga Puja in Kamakhya Temple: দুৰ্গা পূজা উপলক্ষে লোকে লোকাৰণ্য কামাখ্যা ধাম! আজি দিয়া হব মহ বলি

দুৰ্গা পূজা উপলক্ষে লোকে লোকাৰণ্য কামাখ্যা ধাম!

Updated On: 

11 Oct 2024 15:09 PM

দুৰ্গা পূজাক কেন্দ্ৰ কৰি সমগ্ৰ ৰাজ্যতে এক উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে । চৌদিশে দেৱী বন্দনাৰে মুখৰিত হৈছে পৰিৱেশ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলিছে দুৰ্গোৎসৱৰ মহা আয়োজন । বেল-বোধনৰে ষষ্ঠীৰ বেদীত দেৱীক প্ৰতিষ্ঠা কৰাৰ পিচতে আৰম্ভ হৈছে দেৱী বন্দনা । ঢাক-ঢোলৰ শব্দত মুখৰিত হৈছে ৰাজ্যৰ চৌদিশ। অন্যান্য প্ৰান্তৰ সমান্তৰালভাৱে নীলাচলৰ বুকুৰ শক্তিপীঠ কামাখ্যা মন্দিৰতো দেৱী‌ দুৰ্গাৰ আৰাধনা ।

বুধবাৰৰ পৰা অৰ্থাৎ মহাষষ্ঠীৰ দিনটোৰ পৰা কামাখ্যা ধামত লোকাৰণ্য হৈ পৰা পৰিলক্ষিত হয় । পুৱাৰে পৰা অগণন ভক্তই ভিৰ কৰে কামাখ্যা দেৱালয়ত । নিজৰ মনোকামনা পূৰণৰ অৰ্থে মা কামাখ্যালৈ আগবঢ়াই পূজা-অৰ্চনা । পৰম্পৰাগতভাৱে ২৫ ছেপ্টেম্বৰত কৃষ্ণ নৱমী পূজাৰে পৰা এইবেলি শাৰদীয় দুৰ্গা পূজাৰ শুভাৰম্ভ কৰা হয়। ২৯ ছেপ্টেম্বৰৰ পৰা শক্তিপীঠ কামাখ্যাত আৰম্ভ হৈছে পষেকীয়া দুৰ্গোৎসৱ । এই পষেকীয়া দুৰ্গোৎসৱৰ মাজেৰে কামাখ্যা দেৱালয়ত অনুষ্ঠিত হৈ আহিছে বিভিন্ন পূজা-অৰ্চনা । মহাসপ্তমীৰ দিনটোত মা কামাখ্যা দেৱালয় লাখ লাখ ভক্তৰ আগমণ দেখা গৈছে।

আজি শক্তিপীঠ কামাখ্যাত সম্পন্ন হৈছে অষ্টমী পূজা। অষ্টমীৰ পূজাৰ পাছতেই চলিছে নৱমী তিথিৰ পূজা-অৰ্চনা। পৰম্পৰা অনুসৰি নৱমী উপলক্ষে ৯গৰাকী কুমাৰীক পূজা শক্তিপীঠ কামাখ্যাত।আ অষ্টমীৰ দিনা কামাখ্যাত ১২০০ দৰ্শনাৰ্থীৰ দৰ্শনৰ ব্যৱস্থা কৰা‌ হৈছে ।‌ এই সময়ছোৱাত কোনো ভি আই পি, ভি ভি আইপিৰ প্ৰৱেশ পত্ৰ দিয়া‌ হোৱা‌ নাই।জানিব পৰা মতা মহা অষ্টমী পূজা উপলক্ষে আজি কামাখ্যা ধামত ১১ টাকৈ ম’হ বলি দিয়া হ’ব। কালিৰ দিনটোত মন্দিৰ পৰিচালনা সমিতিৰ ফালৰ পৰা ১টা আৰু ভক্তৰ ফালৰ পৰা ৭ টা ম’হ বলি দিয়া হৈছিল। পূজাৰ তিনিওটা দিনতে কামাখ্যা ধামত মুঠ ১৮ টা ম’হ বলি সম্পন্ন হ’ব। অৱশ্যে এই সংখ্যা বৃদ্ধিৰো সম্ভাৱনা আছে।

উল্লেখ্য যে শক্তিপীঠ কামাখ্যাত প্ৰতিবছৰে ১৫দিনীয়াকৈ অনুষ্ঠিত হয় দুৰ্গা পূজা। এই উপলক্ষে ২৫ ছেপ্টেম্বৰৰ দিনৰ ২ বজাত মন্দিৰৰ দুৱাৰ বন্ধ কৰা হয়। সপ্তমীৰ দিনা সাতগৰাকী কুমাৰীক কৰা হয় পূজা-অৰ্চনা । নৱৰাত্ৰিৰ আৰম্ভণিৰ পৰা প্ৰত্যেক দিনা  নৱমীলৈকে  এই পূজা চলি থাকিব । এই সমগ্ৰ প্ৰক্ৰিয়াটোত সৰ্বমুঠ ৪৫ গৰাকী কুমাৰীক লৈ কুমাৰী পূজা সম্পন্ন কৰা হয় । ১২ অক্টোবৰত দশমী পূজাৰ দিনা পুৱা ১০ বজাত মন্দিৰৰ দুৱাৰ খোলা হ’ব । দুপৰীয়া ভোগ নিবেদনৰ পাছতে আবেলি ১ বজাত মন্দিৰৰ দুৱাৰ বন্ধ কৰা হ’ব । উক্ত দিনাই সামৰণি পৰিব কামাখ্যা দেৱালয়ত দুৰ্গা পূজাৰ সামৰণি পাৰিব ।

পুটিনৰ ৰাছিয়াত ভাৰতৰ ১০০ টকাৰ মূল্য কিমান?
কেৱল প্ৰেমেই নহয়, গোলাপ ফুলে বৃদ্ধি কৰে ধন-সম্পত্তি, কৰক এই প্ৰতিকাৰ
আমেৰিকা যুক্তৰাষ্ট্ৰত ভাৰতীয় ১০০ টকাৰ বিনিময়ত কিমান ধন লাভ কৰিব জানেনে? জানিবলৈ চাওক
আটাইতকৈ কম মূল্যত পোৱা টাটাৰ বাহনখন কি জানেনে? সুৰক্ষাৰ দিশতো আাছে বিশ্বাস