কাজিৰঙাত জীপ ছাফাৰীৰ সময়ত অঘটন! দুটাকৈ গঁড়ৰ সন্মুখত বাহনৰ পৰা ছিটিকি পৰিল মাতৃ আৰু সন্তান

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পুনৰ অঘটন! চালকে দুটাকৈ গড়ৰ ওচৰেৰে তীব্ৰ গতিৰে পাৰ হৈ যাব ধৰা বাহনৰ পৰা হঠাতে চিটিকি পৰিল মাতৃ-সন্তান। অৱশেষত গঁড়ৰ সন্মুখৰ পৰা কোনোমতে প্ৰাণ ৰক্ষা কৰি পুনৰ বাহনত উঠিবলৈ সক্ষম হয়।

কাজিৰঙাত জীপ ছাফাৰীৰ সময়ত অঘটন! দুটাকৈ গঁড়ৰ সন্মুখত বাহনৰ পৰা ছিটিকি পৰিল মাতৃ আৰু সন্তান

কাজিৰঙাত জীপ ছাফাৰীৰ সময়ত অঘটন!

Published: 

06 Jan 2025 14:02 PM

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলত সংঘটিত হৈছে শিহৰণকাৰী ঘটনা। জীপ ছাফাৰীৰ সময়তে দুটাকৈ গঁড়ৰ সন্মুখত বাহনৰ পৰা চিটিকি পৰিল মাতৃ-কন্যা। ডোঙা, ৰৌ মাৰি আৰু ভলুকাজন চাৰি আলিত এই ভয়ংকৰ ঘটনাৰ সন্মুখীন হয় পৰ্যটক। তীব্ৰ গতিত পাৰ হৈ যাব ধৰা বাহনখনৰ পৰা হঠাতে পৰিল মাতৃ-কন্যা। অৱশেষত দুটাকৈ গঁড়ৰ সন্মুখৰ পৰা কোনোমতে প্ৰাণ ৰক্ষা কৰি পুনৰ বাহনত উঠিবলৈ সক্ষম হল মাতৃ-কন্যা। ভিডিঅ’টো দেখিলে আপোনাৰো গাঁৰ নোম শিয়ৰি উঠিব।

এতিয়া শীতৰ সময়, এই সময়ত অসমৰ বিভিন্ন প্ৰান্তৰ লগতে দেশী-বিদেশী পৰ্যটকে ভিৰ কৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত। কোনৱে যদি হাতী ছাফাৰি আন কোনোৱে প্ৰাকৃতিক পৰিৱেশ আৰু জীৱ-জন্তু চাবলৈ জীপ ছাফাৰি কৰে। অসমৰ নগাঁও আৰু গোলাঘাট জিলাত অৱস্থিত এখন ৰাষ্ট্ৰীয় উদ্যান। পৃথিৱীৰ প্ৰায় দুই তৃতীয়াংশ এক খড়্গযুক্ত গঁড়ৰ বাসস্থান কাজিৰঙা বিশ্ব ঐতিহ্যক্ষেত্ৰসমূহৰ এখন। কাজিৰঙাতেই সংৰক্ষিত বনাঞ্চল সমূহৰ ভিতৰত সৰ্বাধিক ঘনত্বৰে ঢেঁকীয়াপতীয়া বাঘৰ বসতি আছে। ২০০৬ চনত কাজিৰঙাক বাঘ সংৰক্ষণ ক্ষেত্ৰ হিচাপে স্বীকৃতি দিয়া হয়। এই উদ্যান হাতী (Asian Elephant), বনৰীয়া ম’হ (Wild Asiatic Water Buffalo) আৰু দল-হৰিণা (Swamp deer)-ৰ এক বৃহৎ প্ৰজনন ক্ষেত্ৰ। ‘আন্তৰাষ্ট্ৰীয় পক্ষীজীৱন’ (Birdlife International) সংস্থাই কাজিৰঙাক পক্ষীকূলৰ সংৰক্ষণৰ বাবে ‘গুৰুত্বপূৰ্ণ পক্ষী ক্ষেত্ৰ’ (Important Bird Area) বুলি স্বীকৃতি দিছে। ভাৰতৰ অইন উদ্যানসমূহৰ তুলনাত কাজিৰঙাত বন্যজীৱন সংৰক্ষণত উল্লেখযোগ্য সফলতা লাভ কৰা গৈছে। পূব হিমালয় ‘জৈৱ বৈচিত্ৰ্যৰ উল্লেখ্য স্থান’ত (biodiversity hotspot) অৱস্থিত এই উদ্যানত উচ্চ হাৰত প্ৰজাতিৰ বিবিধতা আৰু দৰ্শন পোৱা যায়। এই সকলোবোৰৰ লগতে শীতকালত পৰিভ্ৰমীয়ে ভিৰ কৰে কাজিৰঙাৰ নদী-জলাশয়সমূহত।

শীতকালৰ এই সময়ছোৱাত পৰ্যটকে ভিৰ কৰে ৰাষ্ট্ৰীয় উদ্যানখনত, কিন্তু এইবাৰ পোহৰলৈ আহিছিল সুৰাপায়ী চালকৰ বাবে হোৱা দুৰ্ঘটনাৰ কথা যাৰ বাবে কঠোৰ হৈ পৰিছে নগাওঁ-গোলাঘাট প্ৰশাসন।

সুৰামত্ত চালকৰ বাবে সংঘটিত ঘটনা

তথ্যনুসৰি, কিছুদিনপূৰ্বে কঁহৰা বনাঞ্চলৰ পৰ্যটকক লৈ জীপ ছাফাৰী কৰাৰ সময়তে পথৰ পৰা বাগৰি পৰিছিল জীপছী। যাৰ ফলত চাৰি গৰাকী পযটক দুৰ্ঘটনাত পতিত হৈছিল। আৰক্ষী আৰু বন বিভাগে সমগ্ৰ ঘটনা তন্ন তন্নকৈ চাই ধৰা পেলাইছিল যে সুৰাপান কৰাৰ ফলত এই ঘটনা সংঘটিত হৈছিল।

কিন্তু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পুনৰ অঘটন! চালকে দুটাকৈ গড়ৰ ওচৰেৰে তীব্ৰ গতিৰে পাৰ হৈ যাব ধৰা বাহনখনৰ পৰা হঠাতে চিটিকি পৰিল মাতৃ-সন্তান। অৱশেষত দুটাকৈ গঁড়ৰ সন্মুখৰ পৰা কোনোমতে প্ৰাণ ৰক্ষা কৰি পুনৰ বাহনত উঠিবলৈ সক্ষম হয়। জিপছীখনে তীব্ৰ বেগেৰে কেঁকুৰী পাৰ হওতেই এই ঘটনা সংঘটিত হৈছিল আৰু সামাজিক মাধ্যমত এই ভিডিঅ’ ভাইৰেল হৈ পৰিছে। এজন পৰ্যটকৰ কেমেৰাত বন্দী হৈছিল সমগ্ৰ ঘটনা।

কাজিৰঙাক লৈ কঠোৰ প্ৰশাসন আৰু বনবিভাগ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত সুৰামত্ত চালকৰ বাবেই কিছুদিন পূৰ্বে চাৰি গৰাকী পযটক দুৰ্ঘটনাত পতিত হৈছিল। ইফালে আকৌ ভাইৰেল হৈ পৰিছে জীপছিৰ পৰা পৰ্যটক চিটিকি পৰা ভিডিঅ’। ইয়াৰ পিছতে সষ্টম হৈ পৰিছে নগাঁও, গোলাঘাট জিলা প্ৰশাসন আৰু বনবিভাগ। কঁহৰা বনাঞ্চলৰ মিহিমুখৰ লগতে বাগৰি বনাঞ্চলত প্ৰশাসনে এনালাইজাৰেৰে সুৰাপায়ী চালকৰ বিৰুদ্ধে অভিযানত নামে। চালকসকলে সুৰাপান কৰি যাতে কোনো দুৰ্ঘটনা সংঘটিত কৰিব নোৱাৰে তাৰ প্ৰতি চোকা দৃষ্টি ৰাখিছে।

 

 

 

ভাৰতৰ প্ৰথমগৰাকী শিক্ষয়িত্ৰী কোন আছিল?
হাতলৈ টকা অহাৰ লগে লগে শেষ হৈ যায় নেকি? ভুলতো নকৰিব এই কাম
ঘৰলৈ ধন-সম্পত্তি আহিবলৈ কি কৰা উচিত? জানক ধনী হোৱাৰ লক্ষণ!
শুৱাৰ সময়ত বিচনাৰ তলত পানী ৰাখে নেকি? জানক ইয়াৰ ফলত কি হয়...