ডিমা হাছাওত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত নিহত তিনি NSCN কেডাৰ…

ডিমা হাছাও জিলাত সংঘটিত হৈছে এনকাউণ্টাৰৰ ঘটনা । নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত তিনিজন NSCN ৰ কেডাৰ নিহত হৈছে ।

ডিমা হাছাওত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত নিহত তিনি NSCN কেডাৰ...

প্ৰতীকী ফটো

Updated On: 

29 Apr 2025 18:16 PM

নিৰাপত্তাৰক্ষীৰ এনকাউণ্টাৰত কমেও তিনিজন সন্দেহযুক্ত NSCNৰ কেডাৰ নিহত হোৱাৰ খবৰ লাভ কৰা গৈছে । ডিমা হাছাও জিলাত সংঘটিত হৈছে এই এনকাউণ্টাৰৰ ঘটনা । নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত তিনিজন NSCN ৰ কেডাৰ নিহত হৈছে । পিটিআইৰ প্ৰতিবেদন অনুসৰি, ডিমা হাছাও জিলাত মঙলবাৰে অসম আৰক্ষীৰ সৈতে হোৱা এনকাউণ্টাৰত কমেও তিনিজন সন্দেহযুক্ত এন এছ চি এন কেডাৰ নিহত হোৱা বুলি বিষয়াসকলে জানিবলৈ দিয়ে। লগতে উদ্ধাৰ হৈছে অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ ।

অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ জ্যেষ্ঠ বিষয়াসকলে পিটিআইক জনোৱা মতে, নাগালেণ্ডৰ পৰা এনএছচিএনৰ কেডাৰসকল অহাৰ পিছত হাফলং থানাৰ সীমাৰ অন্তৰ্গত এন কুবিন আৰু হেৰাকিলোৰ মাজৰ এটা স্থানত সংঘটিত হয় এই এনকাউণ্টাৰ ঘটনা। সেই স্থানত উগ্ৰপন্থীৰ উপস্থিতিৰ তথ্য লাভ কৰাৰ পাছতে অসম আৰক্ষী আৰু কেন্দ্ৰীয় সেনা বাহিনীৰ যৌথ দলে অভিযান চলাইছিল ।

এজন শীৰ্ষ বিষয়াই কয়, “উগ্ৰপন্থীৰ উপস্থিতিৰ তথ্য লাভ কৰাৰ পাছতে অসম আৰক্ষী আৰু কেন্দ্ৰীয় বাহিনীৰ যৌথ দলে অঞ্চলটোত অভিযান আৰম্ভ কৰে। নিৰাপত্তাৰক্ষীৰ দল আৰু উগ্ৰপন্থীৰ দলটো মুখামুখি হোৱাৰ পাছতে তীব্ৰ গুলীচালনা আৰম্ভ হয় ।”

দুয়ো পক্ষৰ মুখামুখি সংঘৰ্ষত তিনিজন এন এ চি এনৰ কেডাৰ থিতাতে নিহত হোৱা বুলি বিষয়াগৰাকীয়ে জানিবলৈ দিছে । আন এজন জ্যেষ্ঠ বিষয়াই কয় যে, “আমি সেই স্থানৰ পৰা দুটা এ কে ৪৭ ৰাইফল, এটা পিষ্টল আৰু গুলীৰ মজুত উদ্ধাৰ কৰিছো।” ইয়াৰ লগতে বৰ্তমান ঘটনাৰ তদন্ত আৰম্ভ কৰা হৈছে আৰু লগতে তেওঁলোকৰ সহযোগী সকলক গ্ৰেপ্তাৰৰ বাবে অভিযান চলি আছে বুলিও কয় আৰক্ষী বিষয়াগৰাকীয়ে ।

নিজৰ নামক লৈ কিয় বিতুষ্ট হৈছিল ইৰফান খান! মাত্ৰ এটা শব্দ আঁতৰায়েই হৈ পৰিল দৰ্শকৰ নয়নৰ মণি
হজম শক্তিৰ পৰা ছালৰ উজ্জ্বলতালৈ, গৰমত নেমু পানীয়ে সহায় কৰিব আপোনাক...
বৈভৱে তুলিলে অভিলেখৰ জোৱাৰ, বাকী নাথাকিল ৰিয়ানৰ এই অভিলেখো
ভীমকলৰ কলডিল খায় নে ? এইসমূহ আচৰিত স্বাস্থ্য উপকাৰী গুণৰ বিষয়ে জানক