5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বুলি ক’বলৈ লাজ পাওঁ: সাহিত্য সভাৰ বৰ্তমানৰ অৱস্থাক লৈ সাহিত্যিক ড০ নগেন শইকীয়াৰ দুখ প্ৰকাশ

সাহিত্য সভাৰ বৰ্তমানৰ অৱস্থাক লৈ দুখ প্ৰকাশ কৰিলে সাহিত্যিক ড০ নগেন শইকীয়াই। অসম সাহিত্য সভাৰ সভাপতি পদ নিৰ্বাচনত বিতৰ্ক, কুৎসিত ৰাজনীতিয়ে তোলপাৰ লগাই থকাৰ সময়তে সভাৰ মৰ্যাদাক লৈ ক্ষোভ উজাৰিলে সাহিত্যিক, শিক্ষাবিদ, বুদ্ধিজীৱি ড0 নগেন শইকীয়া। সাহিত্য সভাৰ সভাপতি নিৰ্বাচন প্ৰক্ৰিয়া সলনি কৰিব লাগে বুলি নিজৰ মতামত প্ৰকাশ কৰিলে প্ৰাক্তন সভাপতিগৰাকীয়ে।

সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বুলি ক’বলৈ লাজ পাওঁ: সাহিত্য সভাৰ বৰ্তমানৰ অৱস্থাক লৈ সাহিত্যিক ড০ নগেন শইকীয়াৰ দুখ প্ৰকাশ
সাহিত্য সভাৰ বৰ্তমানৰ অৱস্থাক লৈ সাহিত্যিক ড০ নগেন শইকীয়াৰ দুখ প্ৰকাশ
trishna-kalita
Trishna Kalita | Updated On: 08 Nov 2024 17:11 PM

সভাপতিকেন্দ্ৰিক বিতৰ্কত জৰ্জৰিত সাহিত্য সভা৷ সাহিত্য সভাৰ বৰ্তমানৰ অৱস্থাক লৈ দুখ প্ৰকাশ কৰিলে সাহিত্যিক ড০ নগেন শইকীয়াই। অসম সাহিত্য সভাৰ সভাপতি পদ নিৰ্বাচনত বিতৰ্ক, কুৎসিত ৰাজনীতিয়ে তোলপাৰ লগাই থকাৰ সময়তে সভাৰ মৰ্যাদাক লৈ ক্ষোভ উজাৰিলে সাহিত্যিক, শিক্ষাবিদ, বুদ্ধিজীৱি ডo নগেন শইকীয়া। সাহিত্য সভাৰ সভাপতি নিৰ্বাচন প্ৰক্ৰিয়া সলনি কৰিব লাগে বুলি নিজৰ মতামত প্ৰকাশ কৰিলে প্ৰাক্তন সভাপতিগৰাকীয়ে। অসাহিত্যিক এজনক সভাপতিৰ পদ দিলে সাহিত্য সভা হৈ নাথাকে বুলি উল্লেখ।

সাংবাদিকৰ আগত সাহিত্যিক ডo নগেন শইকীয়াই কয়- “সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বুলি ক’বলৈ মই লাজ পাওঁ। মোক সাহিত্য সভাৰ মানুহ বুলি ক’লে মই অস্বস্তি পোৱাৰ দৰে পাওঁ। মোৰ ৰাইটিং পেডতো অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বুলি লিখা নাই। কোনোবাই সাহিত্য সভাৰ মানুহ বুলি ক’লেই গাত চেকা লগাৰ দৰে অনুভৱ কৰো।”

তেওঁ কয়, “সাহিত্য সভাক সম্পূৰ্ণ সলনি নকৰিলে সাহিত্য সভাৰ মৰ্যদা নাথাকিব।অসমৰ সাহিত্য সভাৰ ভৱিষ্যৎ কিতাপত মই লিখিছোঁ- সাহিত্য সভাক সাহিত্যিকৰ অনুষ্ঠান হৈ থাকিবলৈ দিয়ক।যিসকলে সাহিত্য ভাল পায় তেওঁলোকে সাহিত্য সভাৰ বাহিৰৰ কাম কৰক। সভাপতি হ’বলৈ প্ৰকৃতাৰ্থত সাহিত্যিক হ’ব লাগে। অসাহিত্যিক এজনে এই পদ পালে সেইখন সাহিত্য সভা হৈ নাথাকে।”

ইয়াৰ উপৰিও তেওঁ কয়, “সম্পাদক হ’বলৈ আমাক এনে মানুহ লাগে যি নিজৰ স্বাৰ্থ বাদ দি কাম কৰিব পাৰে। কিন্তু এতিয়া দেখিছোঁ যে সভাপতি কৰবাতে থাকে আৰু সম্পাদকে সকলো চলাবলৈ যত্ন কৰে। সাহিত্য সভাত সভাপতিৰ ৰায়ে শেষ ৰায় হৈ আহিছে। সাহিত্য সভাৰ বৰ্তমানৰ অৱস্থাক লৈ মই সচাঁকে দুঃখিত। মই ভাবো নতুন লিখকসকলক সাহিত্য সভাৰ লগত সংযুক্ত কৰিব লাগে। ”

ড০ শইকীয়াই  ক’লে, ‘একবিংশ শতিকাৰ পৰা সাহিত্য সভাৰ অৱনমন হৈছে’। সাহিত্য সভাৰ সভাপতি নিৰ্বাচন প্ৰক্ৰিয়া সলনি কৰিব লাগে বুলি নিজৰ মতামত প্ৰকাশ কৰিলে প্ৰাক্তন সভাপতিগৰাকীয়ে। প্ৰয়াত প্ৰাক্তন সভাপতি হোমেন বৰগোহাঞিক অপমান কৰি লখিমপুৰ অধিৱেশনত সভাৰ নিয়মাৱলী সলনি কৰাক লৈও আক্ষেপ প্ৰকাশ কৰে বিশিষ্ট সাহিত্যিকগৰাকীয়ে।

ইফালে সভাপতিৰ পদবীক লৈ বিতৰ্ক চলি থকাৰ মাজতে শুকুৰবাৰে অন্ত পৰিল অসম সাহিত্য সভাৰ মনোনয়ন পত্ৰ দাখিল পৰ্ব। প্ৰধান সম্পাদক আৰু উপ-সভাপতি পদৰ বাবে দাখিল কৰিলে মুঠ ৮খন মনোনয়ন। প্ৰধান সম্পাদকৰ পদত ৩ আৰু উপ-সভাপতি পদৰ বাবে ৫খন মনোনয়ন দাখিল। শুকুৰবাৰে উপ-সভাপতি পদৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিলে দৰঙৰ চহিৰ ভূঞা, ডিব্ৰুগড়ৰ অজয় সিংহ, নগাঁৱৰ পদুম ৰাজখোৱা, নলবাৰীৰ বিপিন কলিতাই। তেনেদৰে প্ৰধান সম্পাদকৰ বাবে মনোনয়ন পত্ৰ দিয়ে যোৰহাটৰ দেবজিৎ বৰা আৰু গুৱাহাটীৰ সঞ্জীৱ শৰ্মাই।

 

 

Latest News