সৰিয়হৰ ডুলিতে ভূত! এইবাৰ উৎকোচ লৈ জনতা ভৱনত গ্ৰেপ্তাৰ চৰকাৰী বিষয়া | excise officer arrested for taking bribe in janta bhawan dispur guwahati Assam news - Assam Tv9

সৰিয়হৰ ডুলিতে ভূত! এইবাৰ উৎকোচ লৈ জনতা ভৱনত গ্ৰেপ্তাৰ চৰকাৰী বিষয়া

খবৰ অনুসৰি জনতা ভৱনত চলিছিল তদাৰকী আৰু দুৰ্নীতি নিবাৰকৰ অভিযান৷ যি সময়ত উৎকোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ হয় আবকাৰী বিষয়াগৰাকী৷ আবকাৰী বিভাগৰ ছেকচন অফিচাৰ পাৰ্থ হাজৰিকা। আবকাৰী বিভাগৰ অৱসৰ সচিব পাৰ্থ হাজৰিকা৷ বাৰৰ লাইচেঞ্চৰ নামত ১ লাখ টকা বিচাৰিছিল বিষয়াজনে।

সৰিয়হৰ ডুলিতে ভূত! এইবাৰ উৎকোচ লৈ জনতা ভৱনত গ্ৰেপ্তাৰ চৰকাৰী বিষয়া

উৎকোচ লৈ জনতা ভৱনত গ্ৰেপ্তাৰ চৰকাৰী বিষয়া

Updated On: 

17 Oct 2024 12:00 PM

দুৰ্নীতৰ বিৰুদ্ধে শূণ্য সহনশীল নীতি গ্ৰহণ কৰা চৰকাৰৰ দিনতে এতিয়া চলিছে ঘোচ লোৱাৰ এক অঘোষিত প্ৰতিযোগিতা। চৰকাৰ প্ৰশাসন সলনি হ’লেও চৰিত্ৰ সলনি নহয় একাংশ ঘোচখোৰ বিষয়াৰ।ইজনৰ পাছত সিজনকৈ চৰকাৰী বিষয়া- কৰ্মচাৰী দুৰ্নীতি নিৰ্বাৰকৰ জালত পৰাৰ পিছতো শিকনি হোৱা নাই ঘোচখোৰৰ ৷ এইবাৰ ৰাজ্যৰ প্ৰশাসন হৃদপিণ্ড স্বৰূপ জনতা ভৱনতে হাত দাঙিলে এজন আবকাৰী বিষয়াই৷ পাৰ্থ হাজৰিকা নামৰ আবকাৰী বিষয়াজনক গ্ৰেপ্তাৰ৷ দুৰ্নীতি নিবাৰক শাখাই হাতে-লোটে কৰায়ত্ত কৰে বিষয়াজনক।

খবৰ অনুসৰি জনতা ভৱনত চলিছিল তদাৰকী আৰু দুৰ্নীতি নিবাৰকৰ অভিযান৷ যি সময়ত উৎকোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ হয় আবকাৰী বিষয়াগৰাকী৷ আবকাৰী বিভাগৰ ছেকচন অফিচাৰ পাৰ্থ হাজৰিকা। আবকাৰী বিভাগৰ অৱসৰ সচিব পাৰ্থ হাজৰিকা৷ বাৰৰ লাইচেঞ্চৰ নামত ১ লাখ টকা বিচাৰিছিল বিষয়াজনে। আজি ২৪,৫০০ টকা ঘোচ লোৱাৰ সময়তে ধৰা পৰিল পাৰ্থ হাজৰিকা ।

 

পূৰ্বেও ৪০ হাজাৰ টকাৰ ঘোচ লোৱাৰ অভিযোগ বিষয়াজনৰ বিৰুদ্ধে। পাৰ্থ হাজৰিকাৰ ঘৰ নলবাৰী জিলাৰ বৰনৰ্দীত বুলি জানিব পৰা গৈছে। বাৰৰ অনুজ্ঞাপত্ৰ দিয়াৰ নামত ২৫ হাজাৰ টকা উৎকোচ লৈছিল এইগৰাকী ঘোচখোৰ বিষয়াই। জনতা ভৱনৰ ডি ব্লকত চলিছে দুৰ্নীতি নিবাৰক শাখাৰ অভিযান।

দুৰ্নীতি নিৰ্বাৰকে গ্ৰেপ্তাৰ কৰা ঘোচখোৰ পাৰ্থ হাজৰিকাক অধিক জেৰাৰ বাবে ইতিমধ্যে দুৰ্নীতি নিৰ্বাৰকৰ হেড কোৱাটাৰলৈ নিয়া হৈছে ৷ উল্লেখ্য যে,পাৰ্থ হাজৰিকা অসম সচিবালয় সেৱা সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল ৷ তেওঁ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপিত হৈ আহিছে ৷ ইয়াৰ পাছতে উত্থাপন হৈছে বহু প্ৰশ্ন। আচলতে কি চলিছে জনতা ভৱনত?

সুনীল গাভাস্কাৰক অতিক্ৰম কৰি বেংগালুৰুৰ ষ্টেডিয়ামত ৰোহিত শৰ্মাই ৰচিলে ইতিহাস
ছলমানৰ পৰা মুনাৱাৰলৈ... লৰেন্স বিষ্ণোইৰ শত্ৰুৰ তালিকাত আৰু কোন কোন?
ড্ৰেগন ফলত কি ভিটামিন থাকে? বিশেষজ্ঞৰ পৰা জানক
কাতি মাহত তুলসী পূজা কেনেদৰে কৰিব? নকৰিব এই ভুল!