5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Assam by election: গৌৰৱৰ কথা মতে চলে প্ৰদেশ কংগ্ৰেছ! মিত্ৰ দলক ৰামঠগনেৰে দিলে বিশ্বাসঘাটকতাৰ পৰিচয়

Assam by election Explained: আশা কৰা হৈছিল, ২০২৬ চনত বিৰোধী আৰু শাসকীয় পক্ষৰ মাজত শক্তিশালী যুঁজ হ'ব কিন্তু তাৰ পূৰ্বেই বিৰোধিৰ মিত্ৰতা তাচপাতৰ দৰে খহি পৰে। অপৰিপক্ক কিছুমান সিদ্ধান্তই বিৰোধিক দুৰ্বল কৰি তোলাৰ লগতে বিজেপিৰ বাবে ইতিবাচক এক দিশ থিয় কৰাই দিলে।

Assam by election: গৌৰৱৰ কথা মতে চলে প্ৰদেশ কংগ্ৰেছ! মিত্ৰ দলক ৰামঠগনেৰে দিলে বিশ্বাসঘাটকতাৰ পৰিচয়
অসম উপ- নিৰ্বাচনত বিৰোধিৰ স্থিতি
barasha-sarma
Barasha Sarma | Updated On: 24 Oct 2024 15:46 PM

এনেকৈয়ে ভাগে সপোন! বিজেপিক পৰাভূত কৰি শাসনত অধিষ্ঠিত হোৱা বিৰোধিৰ সপোন কলিতে মৰহি পেলালে কংগ্ৰেছে। ৰাজনৈতিক ক্ষেত্ৰৰ উত্থান- পতনৰ পাছতো শিক্ষা নল’লে কংগ্ৰেছে। ইয়াৰ পৰিৱৰ্তে অহংকাৰত গদ গদ হৈ নিজৰ চৰিত্ৰ উদঙাই তুলিলে। কংগ্ৰেছে মিত্ৰদলৰ লগত কৰা বিশ্বাসঘাটকতাই বুজাই দিছে যে যি দলৰ কথাৰ কোনো ঠিক নাই সেই দলক ৰাজ্যৰ শাসনত গতাই দিয়া কিমান বিপদজনক হ’ব পাৰে।  মিত্ৰ দলৰ সৈতে বিশ্বাসঘাটকতা কৰা কংগ্ৰেছৰ বাবে কোনো নতুন কথা নহয়।  কিন্তু উপ- নিৰ্বাচনৰ পূৰ্বে গ্ৰহণ কৰা কংগ্ৰেছৰ ক্ষমতালিপ্সু সিদ্ধান্তই দলটোক বেক ফুটলৈ ঠেলি দিলে।

২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ  অলপ সময়। তাৰ পূৰ্বে ৰাজ্যত অনুষ্ঠিত হ’বলগীয়া উপ- নিৰ্বাচনৰ সময়ত কংগ্ৰেছে বিৰোধী ঐক্য ভাঙি তচনচ কৰিলে। কংগ্ৰেছে বুজা উচিত যে, ৰাজনীতি পৰিয়ালকেন্দ্ৰিক বা ব্যক্তিকেন্দ্ৰিক নহয়। ৰাজনীতি কৰিবলৈ হ’লে সমূহীয়া স্বাৰ্থ, দলৰ নেতা- কৰ্মীসকলৰ সহযোগৰ প্ৰয়োজন। যদি দলৰ মাজতেই একতা আনিব নোৱাৰে, যদি মিত্ৰ দলৰ বিশ্বাসতেই উপনীত হ’ব নোৱাৰে তেন্তে কেনেকৈ বিশ্বাস দিব জনতাক?

১৩ অক্টোবৰত অসমৰ ৫ সমষ্টিৰত বিধানসভাৰ উপ- নিৰ্বাচন অনুষ্ঠিত হ’ব। ইতিমধ্যে ইয়াক লৈ শাসক- বিৰোধিয়ে প্ৰাৰ্থী ঘোষণা কৰিছে। বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত বিৰোধী ঐক্য মঞ্চই নাম সলনি কৰি অসম সন্মিলিত মৰ্চা ৰাখিছিল। তেওঁলোকৰ উদ্দেশ্য আছিল একেলগে নিৰ্বাচনত অৱতীৰ্ণ হৈ বিজেপিৰ বিৰুদ্ধে শক্তিশালী ৰূপত যুঁজ দিয়া। সেই অনুসৰি কিছুদিন পূৰ্বে কংগ্ৰেছে ৪ সমষ্টিৰ বাবে প্ৰাৰ্থী ঘোষণা কৰিছিল। কিন্তু বিহালী সমষ্টিক লৈ বিৰোধিৰ মাজত দেখা দিছিল জটিলতাই।

মিত্ৰ দলসমূহে বিচাৰিছিল যে, কংগ্ৰেছে বিহালী সমষ্টি তেওঁলোকক এৰি দিয়ক। মিত্ৰ দলৰ এই সিদ্ধান্তত সন্মতি প্ৰকাশ কৰিছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই আৰু এই সমষ্টিৰ এৰি দিয়াৰ বাবে সকলো প্ৰয়াসে কৰিছিল। কিন্তু এই সকলো অংকত খেলি মেলি লগাইছিল কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে। নিজৰ স্থিতিত অটল থাকি গৌৰৱ গগৈয়ে সদ্য বিজেপি ত্যাগী জয়ন্ত বৰাক প্ৰাৰ্থিত্ব দিয়াৰ দাবী জনাইছিল।

কংগ্ৰেছক বাৰে বাৰে মৰ্চাই বুজাব চেষ্টা কৰিছিল আৰু সকলো ধৰণৰ আলোচনাৰ বাবে প্ৰস্তুত আছিল। কিন্তু পুৰণি অভ্যাস এৰিব নোৱাৰি অসম সন্মিলিত মৰ্চাক ৰামঠগন দিলে কংগ্ৰেছে। প্ৰথমে অসম সন্মিলিত মৰ্চাৰ সভাপতি হিচাপে পদত্যাগ কৰে ভূপেন বৰাই আৰু পৰৱৰ্তী সময়ত বিহালীৰ পৰা নিজাববীয়াকৈ প্ৰাৰ্থী ঘোষণা  কৰে কংগ্ৰেছে।

বন্ধু হোৱাৰ যোগ্য নহয় কংগ্ৰেছ। ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ সময়তো মিত্ৰদলৰ প্ৰতি কংগ্ৰেছৰ ভূমিকা অসন্মানজনক আছিল। এইবাৰো সেই একেই কাম কৰিলে কংগ্ৰেছে। যি সময়ত শক্তিশালী বিৰোধিক পৰাভূত কৰিবলৈ কংগ্ৰেছে নেতৃত্ব বহন কৰিব লাগিছিল সেই সময়ত দলটোৱে নিজৰ অহংকাৰ আৰু বিশ্বাসঘাটকতাৰ পৰিচয় দিলে।

সকলো ঠিকেই চলি আছিল,  কিন্তু দিল্লীত বহি থকা এজন সাসংদৰ অতপালিৰ বাবে অসমত বিৰোধিৰ অৱস্থা তথৈবচ হ’ল। শক্তিশালী যুৱ নেতা হিচাপে প্ৰতিষ্ঠা লাভ কৰা গৌৰৱ গগৈৰ আঁকোৰগোজ সিদ্ধান্তই ৰাজ্যৰ বিৰোধিৰ স্বপ্ন ভাঙি চুৰমাৰ কৰিলে। বিহালী সমষ্টিৰ পৰা হোৱা ৰাজনৈতিক পট পৰিবৰ্তনে বিৰোধিক দুৰ্বল কৰি পেলালে।  বাৰে বাৰে বিশ্বাসঘাটকতা কৰা কংগ্ৰেছে পুনৰবাৰ প্ৰমাণ কৰি  দিলে যে বন্ধু হোৱাৰ যোগ্য় নহয় কংগ্ৰেছ।

কংগ্ৰেছৰ এই সিদ্ধান্তই দলটোৰ প্ৰতি এক অশুভ বাৰ্তা কঢ়িয়াই আনিলে। উপ- নিৰ্বাচনত প্ৰাৰ্থী ঠিক কৰিব নোৱাৰা, মিত্ৰ শক্তিক বিশ্বাস দিব নোৱাৰা কংগ্ৰেছে বুজিব লাগিছিল যে ২০২৬ চনৰ নিৰ্বাচনী বৈতৰণী পাৰ কৰিবলৈ হ’লে অসম জাতীয় পৰিষদ, ৰাইজৰ দল, বাওঁ দল আদিক প্ৰয়োজন হ’ব। মিত্ৰতা ধৰি ৰখাৰ বিপৰীতে মিত্ৰদলৰ প্ৰতি কংগ্ৰছৰ নৰম স্থিতিয়ে জনতাক ভাবিবলৈ বাধ্য কৰাব যে ক্ষমতালোভী, বিশ্বাসঘাটক কংগ্ৰেছক বিশ্বাস কৰিব পাৰিনে?

ৰাজ্যত কংগ্ৰেছৰ এক বেয়া নাম আছে! পৰিয়ালবাদ, অহংকাৰী, দুৰ্নীতি, কেলেংকাৰী আদি অভিযোগেৰে জৰ্জৰিত কংগ্ৰেছে এতিয়াও এই অপবাদসমূহৰ পৰা মুক্ত হ’ব পৰা নাই। আঞ্চলিক শক্তিক লগত লৈ নিজক পুনৰ প্ৰতিষ্ঠা কৰাৰ এক সুযোগ পাইছিল কংগ্ৰেছে। কিন্তু সেই বিশ্বাস, সেই সুযোগত উপনীত হোৱাত বিফল হ’ল কংগ্ৰেছ।

শেহতীয়াকৈ অসম সন্মিলিত মৰ্চাই ঘোষণা কৰিছে যে কংগ্ৰেছক বাদ দি তেওঁলোকে মিত্ৰতা অক্ষুন্ন ৰাখিব। কংগ্ৰেছৰ এই স্থিতিৰ পাছতেই অখিল গগৈ, লুৰিণজ্যোতি গগৈ, অজিত ভূঞা আদিয়ে দলটোক কঠোৰ সমালোচনা কৰাৰ লগতে এয়া ঐতিহাসিক বিশ্বাসঘাটকতা বুলি কৈছে। অখিল গগৈয়ে কৈছে যে, কংগ্ৰেছৰ ৰাজনীতিত নৈতিকতা, আদৰ্শ আদিৰ স্থান নাই, আছে মাঁথো ক্ষমতাৰ লোভ। লুৰিণ জ্যোতি গগৈয়ে মুকলিকৈ কৈছে যে, কংগ্ৰেছৰ ওচৰত সততা, গুণগত ৰাজনীতিৰ মূল্য নাই, কংগ্ৰেছে বিচাৰে কেৱল টকা আৰু চিণ্ডিকেট।

অসমৰ বিৰোধিৰ এতিয়া এই অৱস্থা। থন ধৰি উঠা বিৰোধিক গৌৰৱ গগৈৰ স্থিতিয়ে যে বিধ্বস্ত কৰিলে তাত কোনো সন্দেহ নাই। গৌৰৱ গগৈৰ গদগদ সিদ্ধান্তই কেৱল বিৰোধিক নহয়, কংগ্ৰেছৰ অন্তঃকন্দলো উদঙাই তুলিছে। বিগত কেইটামান দিন ধৰি কংগ্ৰেছৰ সভাপতি পদক লৈ কুচকাৱাজ চলি আছে। একাংশই প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে ভূপেন বৰাক বিচৰাৰ পৰিৱৰ্তে একাংশই গৌৰৱ গগৈক বিচাৰিছে। কংগ্ৰেছৰ মাজত সৃষ্টি হোৱা লবীকেন্দ্ৰিক ৰাজনীতিত উফৰি পৰিছে ভূপেন বৰা।

কংগ্ৰেছৰ লক্ষ্য হ’ব লাগিছিল ২০২৬ চনৰ বিধানসভা নিৰ্বাচন। তাৰ পৰিবৰ্তে কংগ্ৰেছে উপ- নিৰ্বাচনক লৈ খোৱা- কামোৰা কৰি দলটোক বেকফুটলৈহে ঠেলি দিলে। হাৰিয়ানাৰ পৰা শিক্ষা নোলোৱা কংগ্ৰেছে নিজৰ চৰিত্ৰ সলনি কৰিব পাৰিব বুলি আশা কৰিব নোৱাৰি। আশা কৰা হৈছিল, ২০২৬ চনত বিৰোধী আৰু শাসকীয় পক্ষৰ মাজত শক্তিশালী যুঁজ হ’ব, কিন্তু এতিয়া বিৰোধী আৰু বিৰোধীৰ মাজতহে যুঁজ হোৱাৰ লক্ষণ দেখা দিছে। অ-পৰিপক্ক কিছুমান সিদ্ধান্তৰ বাবে বিৰোধী তাচপাতৰ দৰে খহি পৰিল। এতিয়া মাঁথো সময়লৈ অপেক্ষা! সময়ত দেখা যাব কোনে কাৰ বিৰুদ্ধে থিয় দিয়ে আৰু কোন দলে ধৰিব পাৰে শাসনৰ বাঘজৰী…

Latest News