শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

‘ধিঙৰ ধৰ্ষণকাণ্ড এক নাটক আছিল, হত্যা কৰা হৈছিল অভিযুক্তক’, বিস্ফোৰক অভিযোগ বিধায়ক আমিনুল ইছলামৰ

নাটক আছিল নেকি ধিঙৰ ধৰ্ষণকাণ্ড ? নাটকীয়ভাৱে অভিযুক্ত তফাজ্জুল ইছলাম হত্য়া কৰা হৈছিল নেকি ? পুনৰ এই নাৰকীয় কাণ্ডক লৈ বিস্ফোৰক অভিযোগ ধিঙৰ বিধায়ক আমিনুল ইছলামৰ ।

‘ধিঙৰ ধৰ্ষণকাণ্ড এক নাটক আছিল, হত্যা কৰা হৈছিল অভিযুক্তক’, বিস্ফোৰক অভিযোগ বিধায়ক আমিনুল ইছলামৰ
বিধায়ক আমিনুল ইছলাম
manas-borah
Manas Borah | Updated On: 28 Jan 2025 11:10 AM

ধিঙৰ ধৰ্ষণকাণ্ডক লৈ বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামে । বিধায়কগৰাকীয়ে অভিযোগ উত্থাপন কৰিছে যে, ধিঙৰ ধৰ্ষণকাণ্ড এক নাটক আছিল । এক প্ৰকাৰে বিধায়ক আমিনুল ইছলামে এই ঘটনাক ধৰ্ষণৰ ঘটনা নহয় বুলিয়ে ক’ব বিচাৰিছে । তেওঁ এই ঘটনাক এক নাটক বুলি অভিহিত কৰি কয়, “ধিঙৰ কিশোৰীৰ লগত কোনো ধৰণৰ ধৰ্ষণকাণ্ড সংঘটিত হোৱাই নাছিল।”

ইফালে এই নাৰকীয় কাণ্ডৰ সৈতে জড়িত অভিযুক্ত তাফাজ্জুল ইছলামক নাটকীয়ভাৱে পানীত ডুবাই হত্য়া কৰা বুলি বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে ধিঙৰ বিধায়কগৰাকীয়ে । বিধায়কগৰাকীয়ে এই ধৰণৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰাৰ পাছতে সৰ্বত্ৰে সেই নাৰকীয় ঘটনাক লৈ পুনৰ চৰ্চা আৰম্ভ হৈছে । আমিনুল ইছমালৰ এই মন্তব্যই সচেতন মহলটো প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

উল্লেখ্য যে, যোৱা বছৰ আগষ্ট মাহত ধিঙৰ এগৰাকী কিশোৰীক ধৰ্ষণ কৰি পথ কাষত পেলাই যোৱাৰ অভিযোগ উত্থাপন হৈছিল । এই ঘটনাই সমগ্ৰ অসমতে প্ৰতিক্ৰিয়া সৃষ্টি কৰিছিল । ঠাইয়ে ঠাইয়ে এই ঘটনাৰ দোষীক উচিত শাস্তি প্ৰদানৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰাৰো পৰিলক্ষিত হৈছিল । ৰাজ্যৰ বিভিন্ন দল-সংগঠন আৰু ৰাইজৰ প্ৰতিবাদৰ পাছতে আৰক্ষীয়ে তফাজ্জুল ইছলাম নামৰ এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছিল ।

ইয়াৰ পাছতে অনুসন্ধানৰ বাবে গ্ৰেপ্তাৰ কৰা অভিযুক্তক নিশাই ঘটনাস্থলীলৈ লৈ গৈছিল আৰক্ষীয়ে । ঘটনাৰ তদন্তৰ সময়তে আৰক্ষীৰ জিম্মৰ পৰা পলায়নৰ চেষ্টা কৰি এটা পুখুৰীত সলিল সমাধি ঘটিছিল অভিযুক্তৰ । আৰক্ষীয়ে দাবী কৰিছিল যে, অনুসন্ধানৰ বাবে ঘটনাস্থলীলৈ লৈ যোৱা হৈছিল অভিযুক্ত তফাজ্জুল ইছলামক আৰু সেই সময়তে অভিযুক্ত তফাজ্জুলে আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰে । ইয়াৰ পাছতে ঘটনাস্থলীৰ সমীপত থকা এটা পুখুৰীত জাপ দিয়ে অভিযুক্তই । এই ঘটনা ধিঙৰ ধৰ্ষণকাণ্ড সংঘটিত হোৱাৰ ২৪ ঘণ্টাৰ ভিতৰতে সংঘটিত হয় ।

কিন্তু এই সমগ্ৰ ঘটনাটো এক নাটক আছিল বুলি অভিযোগ উত্থাপন কৰিছে আমিনুল ইছলামে । লগতে এই নাটকৰ দ্বাৰা হিন্দু-মুছলমানৰ মাজত ভয়ংকৰ সংঘাত লগোৱাৰ চেষ্টা চলোৱা হৈছিল বুলিও অভিযোগ উত্থাপন কৰিছে ধিঙৰ বিধায়কগৰাকীয়ে । বিধায়কগৰাকীয় অভিযোগ উত্থাপন কৰিছে যে, আৰক্ষীয়ে নাটক কৰি পুখৰীত ডুবাই হত্যা কৰিলে অভিযুক্ত তাফাজ্জুল ইছলামক ।