প্ৰচণ্ড গ্ৰীষ্ম প্ৰৱাহ! কিদৰে সুৰক্ষিত ৰাখিব নিজক? জানক চিকিৎসকৰ পৰামৰ্শ | extreme heat wave weather know how to protect yourself and what food to eat Assam news - Assam Tv9

প্ৰচণ্ড গ্ৰীষ্ম প্ৰৱাহ! কিদৰে সুৰক্ষিত ৰাখিব নিজক? জানক চিকিৎসকৰ পৰামৰ্শ

Updated On: 

21 Sep 2024 12:53 PM

ৰাজ্যত ক্ৰমান্বয়ে বৃদ্ধি পাইছে তাপমাত্ৰা। অত্যাধিক উষ্ণতা আৰু তাপমাত্ৰাৰ বাবে মানুহৰ স্বাস্থ্যৰ ক্ষেত্ৰতো বিপদ বৃদ্ধি পাইছে। প্ৰচণ্ড গৰমত কি ৰোগৰ আশংকা থাকে আৰু সেইবোৰ কেনেদৰে প্ৰতিৰোধ কৰিব পাৰি? জানো আহক

প্ৰচণ্ড গ্ৰীষ্ম প্ৰৱাহ! কিদৰে সুৰক্ষিত ৰাখিব নিজক? জানক চিকিৎসকৰ পৰামৰ্শ

প্ৰচণ্ড গ্ৰীষ্ম প্ৰৱাহ

Follow Us On

বৰ্ধিত তাপমাত্ৰাৰ বাবে মানুহৰ বাবে ঘৰৰ পৰা ওলাই অহাটো কঠিন হৈ পৰিছে। বৃহস্পতিবাৰে অসমত তাপমাত্ৰা আছিল ৩৮ ডিগ্ৰী চেলছিয়াছ। ৰাজ্যৰ ইতিহাসত ছেপ্টেম্বৰ মাহত এনে গৰম হয়তো পূৰ্বতে হোৱা নাই। বৃহস্পতিবাৰৰ দিনটোত ৰাজ্যৰ বিভিন্ন স্থানত গৰমৰ বাবে বহুজন অসুস্থ হোৱাৰ বাতৰি প্ৰকাশ পাইছিল। মৰাণত এখন দোকানৰ সন্মুখৰ চকীত বহি থাকোতেই মৃত্যুমুখত পৰে এজন লোক। ৩৫ বছৰীয়া যুৱকজন লখিমপুৰ তিনিকুৰীয়া সোণাৰি গাঁৱৰ নবীন হাজৰিকা বুলি জানিবলৈ পোৱা গৈছে।

শুকুৰবাৰেও পাৰাস্তম্ভ আৰু এখোপ আগুৱাই ৩৯ ডিগ্ৰী চুইছিল। শুকুৰবাবৰৰ দিনটোতো বঙাইগাঁও জিলাৰ কেইবাখনো বিদ্যালয়ৰ শিক্ষাৰ্থী, শিক্ষক আৰু কৰ্মচাৰী উৎকত গৰমত ঢলি পৰা বুলি বাতৰি প্ৰচাৰ হৈছে। বতৰ বিজ্ঞান বিভাগে আগন্তুক দিনত তাপমাত্ৰা বৃদ্ধি হোৱাৰ ভৱিষ্যতবাণী কৰিছে। দেওবাৰৰ দিনটোত পাৰাস্তম্ভই সৰ্বাধিক তাপমাত্ৰাৰ ঘৰ চুব বুলি সম্ভাৱনা ব্যক্ত কৰিছে বতৰ বিজ্ঞান বিভাগে। এনে সময়ত স্বাস্থ্য বিশেষজ্ঞসকলে সকলোকে স্বাস্থ্যৰ যত্ন ল’বলৈ আহ্বান জনাইছে।

তাপমাত্ৰা বৃদ্ধিৰ ফলত বহুতো সমস্যা হ’ব পাৰে। এই সময়ছোৱাত হিট ষ্ট্ৰোকৰ অধিক আশংকা থাকে। এই পৰিস্থিতিত শৰীৰৰ তাপমাত্ৰা ৪০ ডিগ্ৰীতকৈ অধিক হয়। হিট ষ্ট্ৰোকৰ ফলত তীব্ৰ জ্বৰ, মানসিক বিভ্ৰান্তি, মুৰৰ বিষ, মূৰ ঘূৰোৱা, পেশীৰ বিষ আদিৰ দৰে লক্ষণবোৰ দেখা দিবলৈ আৰম্ভ কৰে। সঠিক চিকিৎসা অবিহনে স্থিতি মাৰাত্মক হ’ব পাৰে।

 

অত্যাধিক গৰমৰ ফলত কি কি ৰোগ হয়?

চিকিৎসক ডাঃ অংকিত কুমাৰে কৈছে যে গ্ৰীষ্মকালত অত্যাধিক ঘাম ওলোৱাৰ ফলত ডিহাইড্ৰেচনৰ সমস্যা উদ্ভৱ হয়। ইয়াৰ বাবে ভাগৰ, মূৰ ঘূৰোৱা, মুখ শুকান হোৱা, কম প্ৰস্ৰাৱৰ দৰে সমস্যাই দেখা দিয়ে । সূৰ্যৰ তীব্ৰ ৰশ্মিৰ বাবে ছাল জ্বলিব পাৰে, এনে স্থিতিক চানবাৰ্ণ বুলি কোৱা হয়। যাৰ ফলত ছাল ৰঙা পৰে আৰু দেখাত ভয়ংকৰ হৈ পৰে। অত্যাধিক গৰমৰ ফলত হিটষ্ট্ৰোক হোৱাৰ আশংকাও থাকে। হিট ৱেভ ফলত মৃত্যু পৰ্যন্ত হ’ব পাৰে। এনে পৰিস্থিতিত সাৱধান হোৱাটো প্ৰয়োজন।

কিদৰে নিজক সুৰক্ষিত ৰাখিব?

গ্ৰীষ্মকালত শৰীৰ হাইড্ৰেটেড কৰি ৰখাটো অতি গুৰুত্বপূৰ্ণ। সেয়েহে দিনে কমেও ৮-১০ গিলাচ পানী খাব। ইয়াৰ লগতে নেমু পানী, নাৰিকল পানী, আৰু অন্যান্য ইলেক্ট্ৰলাইট পানীয়ও উপকাৰী।কেফেইন আৰু সুৰা সেৱন পৰিহাৰ কৰিব কিয়নো সেইবোৰে শৰীৰত ডিহাইড্ৰেচন বৃদ্ধি কৰে। গ্ৰীষ্মকালত পাতল ৰঙৰ কপাহ আৰু ঢিলা কাপোৰ পিন্ধিব, যিয়ে শৰীৰ শীতল ৰখাত সহায় কৰে আৰু ঘামো সহজে শুকাই যায়। যিমান সম্ভৱ দিনত দুপৰীয়া ১২ বজাৰ পৰা আবেলি ৪ বজাৰ সময়খিনি ঘৰৰ ভিতৰত থাকিব। কাৰণ এই সময়ত তাপমাত্ৰা সৰ্বোচ্চ স্তৰত থাকে। বাহিৰলৈ যোৱাৰ আগতে চানস্ক্ৰীণ ব্যৱহাৰ কৰিব যি আপোনাৰ ছালক চানবাৰ্ণৰ পৰা সুৰক্ষিত কৰিব।

খাদ্যৰ যত্ন ল’ব

ডাঃ অংকিতে বৰ্ণনা কৰিছে যে এই সময়ত পাতল আৰু সন্তুলিত আহাৰ গ্ৰহণ কৰক। অধিক ফল আৰু পাচলি খাব, সতেজ ফল যেনে তৰমুজ, খৰমুজ, তিয়ঁহ খাব যি শৰীৰক হাইড্ৰেটেড ৰখাত সহায় কৰে। বৃদ্ধ, শিশু আৰু গৰ্ভৱতী মহিলাৰ বিশেষ যত্ন ল’ব কিয়নো তেওঁলোকৰ ওপৰত হিট ৱেভৰ প্ৰভাৱৰ সম্ভাৱনা অধিক। যদি এই লোকসকলৰ মূৰ ঘূৰোৱা, অত্যাধিক ঘাম ওলোৱা বা মূৰ্চ্ছা যোৱা আদিৰ ক্ষেত্ৰত লগে লগে চিকিৎসকৰ সহায় ল’ব।

অনেক গুণসম্পন্ন তিতা কেৰেলাত কি ভিটামিন অধিক থাকে, জানেনে?
মানসিক আৰু শাৰীৰিক স্বাস্থ্য উন্নত হ'ব, জানক কিয় পুৱা সোনকালে শুই উঠিব লাগে...
পিঁয়াজৰ বাকলিৰ আছে বহু উপকাৰী গুণ, সবিশেষ জানক
পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
Exit mobile version