ৰাজ্যত ভুৱা আধাৰ কাৰ্ডৰ ভয়ংকৰ বেহা, আৰক্ষীৰ জালত বহিঃৰাজ্যৰ অভিযুক্ত!
অসমৰ ৪ জিলাত ভুৱা আধাৰ কাৰ্ড প্ৰস্তুত কৰা চক্ৰৰ বিৰুদ্ধে কঠোৰ হৈছে অসম আৰক্ষী। অভিযানৰ মাজত বৃহস্পতিবাৰে নগাঁও জিলাৰ জুৰীয়া আৰক্ষীৰ জালত পৰে ৫ অপৰাধী। ইয়াৰ ভিতৰত আছে বহিঃৰাজ্যৰ ৩জন ভুৱা আধাৰকাৰ্ড প্রস্তুতকাৰী। ভুৱা আধাৰ কাৰ্ড জালিয়াতিত জড়িত থকা জুৰীয়াৰ সূতিৰপাৰৰ চাহাবুদ্দিন নামৰ এজন কম্পিউটাৰ দোকানীক আটক কৰে নগাঁও আৰক্ষীয়ে।
অসমত চলিছে ভুৱা আধাৰ কাৰ্ড প্ৰস্তুত কৰাৰ ৰমৰমীয়া বেহা। কেৱল ৰাজ্যৰ ভিতৰৰে নহয় বহিঃৰাজ্যৰ পৰা আহি বহুলোক আৰম্ভ কৰিছে ভুৱা আধাৰ কাৰ্ডৰ ব্যৱসায়। কেইবাখনো জিলাত মুঠ জনসংখ্যাতকৈ বেছি আধাৰ কাৰ্ড। অসমত প্ৰস্তুত কৰি বহিঃৰাজ্যলৈও প্ৰেৰণ কৰা হৈছে ভুৱা আধাৰ কাৰ্ড । আধাৰ কাৰ্ডৰ এই উদ্বেগজনক তথ্য পোহৰলৈ অহাৰ পাছত উত্থাপন হৈছে বহু প্ৰশ্নৰ।
কেইবাখনো জিলাত মুঠ জনসংখ্যাৰ তুলনাত অধিক প্ৰস্তুত হৈছে আধাৰকাৰ্ড। ইয়াৰ পাছতে সন্দেহজনক বিদেশীয়ে ভুৱা আধাৰ কাৰ্ড উলিওৱাৰ সন্দেহ কৰা হৈছে এই জিলাকেইখনত। লাভ কৰা তথ্যৰ পৰা এয়া স্পষ্ট যে এই জিলাকেইখনত অবৈধভাৱে কাৰ্ড ইছ্যু কৰা হৈছে ভুৱা আধাৰ। যাৰ ফলত মুঠ জনসংখ্যাতকৈ বেছিকৈ ইছ্যু কৰা হৈছে আধাৰ কাৰ্য।
- বৰপেটাত মুঠ জনসংখ্যাৰ বিপৰীতে ১০৩.৭৪% আধাৰকাৰ্ড
- ধুবুৰী জিলাত আছে মুঠ জনসংখ্যাৰ বিপৰীতে ১০৩.৪৮%
- মৰিগাঁৱত মুঠ জনসংখ্যাৰ বিপৰীতে ১০১.৭৬% আধাৰকাৰ্ড
- নগাঁও জিলাত আছে মুঠ জনসংখ্যাৰ বিপৰীতে ১০০.৮৬% আধাৰকাৰ্ড
আধাৰ কাৰ্ডৰ এই সংখ্যাই সকলোকে হতবাক কৰিছে সকলোকে। ইয়াৰ পাছতে অসমৰ ৪ জিলাত ভুৱা আধাৰ কাৰ্ড প্ৰস্তুত কৰা চক্ৰৰ বিৰুদ্ধে কঠোৰ হৈছে অসম আৰক্ষী। অভিযানৰ মাজত বৃহস্পতিবাৰে নগাঁও জিলাৰ জুৰীয়া আৰক্ষীৰ জালত পৰে ৫ অপৰাধী। ইয়াৰ ভিতৰত আছে বহিঃৰাজ্যৰ ৩জন ভুৱা আধাৰকাৰ্ড প্রস্তুতকাৰী। ভুৱা আধাৰ কাৰ্ড জালিয়াতিত জড়িত থকা জুৰীয়াৰ সূতিৰপাৰৰ চাহাবুদ্দিন নামৰ এজন কম্পিউটাৰ দোকানীক আটক কৰে নগাঁও আৰক্ষীয়ে।
চাহাবুদ্দিনক আটক কৰাৰ পিছতে এই সন্দৰ্ভত পোহৰলৈ আহিছে বহু তথ্য। চাহাবুদ্দিনৰ লগতে আৰক্ষীয়ে আটক কৰিছে বিহাৰৰ জ্ঞান প্ৰকাশ আৰু উত্তৰ প্ৰদেশৰ অৱনীশ কুমাৰ আৰু আদিত্য কুমাৰ নামৰ দুই অভিযুক্তক। ইয়াৰ পূৰ্বে ভুৱা আধাৰ কাৰ্ড প্ৰস্তুত কৰা আনাৰুল ইছলাম নামৰ চামগুৰিৰ আন এটা অপৰাধীকো আৰক্ষীয়ে আটক কৰিছিল। জেএমবিৰ জেহাদীক ভাৰতত আশ্ৰয় লোৱাৰ বাবে ভুৱা আধাৰ কাৰ্ডৰ যোগান ধৰিছিল আনাৰুলে।
উল্লেখ্য যে, বিহাৰৰ আৰু উত্তৰ প্ৰদেশৰ পৰা আহি চাহাবুদ্দিনৰ ঘৰত বাহৰ পাতিছিল এইসকল অভিযুক্তই। অসমৰ জুৰীয়াৰ এইদৰে প্ৰস্তুত কৰা আধাৰ কাৰ্ড যোগান ধৰা হয় বিহাৰৰ আৰু উত্তৰ প্ৰদেশলৈ। এই আটাইকেইজন অভিযুক্তক নগাঁৱৰ ইটাচালী নগৰ আৰক্ষী চকীত সোধ-পোছ অব্যাহত ৰাখিছে। তদন্তৰ অন্তত অধিক তথ্য পোহৰলৈ অহাৰ আশংকা কৰা হৈছে।
ইয়াৰ মাজতে ৰাজ্যৰ আধাৰ কাৰ্ড প্ৰণালীক লৈ এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। ৰাজ্যিত কেবিনেটত আধাৰ কাৰ্ড এছ অ’ পিৰ প্ৰস্তাৱত জনোৱা হয় অনুমোদন। যাৰ বাবে বহু পৰ্যায়ৰ অন্তত আবেদনকাৰীয়ে লাভ কৰিব পাৰিব আধাৰ কাৰ্ড । এই ক্ষেত্ৰত এতিয়াৰ পৰা এন আৰ চিত নাম নথকা লোকসকলে ৰাজ্যত লাভ নকৰে আধাৰ কাৰ্ড।