Assam: ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে পিতা-পুত্ৰই, স্বামী আৰু একমাত্ৰ পুত্ৰক হেৰুৱাই শোকত ভাগি পৰিছে মাতৃ…

Assam: এক ভয়ংকৰ পথ দুৰ্ঘটনাই থিতাতে প্ৰাণ কাঢ়িলে দুই পিতা- পুত্ৰৰ। আনহাতে স্বামী আৰু একমাত্ৰ পুত্ৰক হেৰুৱাই শোকত ভাগি পৰিছে মাতৃ। বৰপেটাত সংঘটিত হোৱা এই ঘটনাই তীব্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Assam: ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে পিতা-পুত্ৰই, স্বামী আৰু একমাত্ৰ পুত্ৰক হেৰুৱাই শোকত ভাগি পৰিছে মাতৃ...

পিতা- পুত্ৰ

Published: 

05 Nov 2024 06:57 AM

মৰ্মান্তিক! শোকাবহ! এক ভয়ংকৰ পথ দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে দুই পিতা পিতৃৰ। ঘৰৰ পৰা কিবা কামলৈ বুলি অহা পিতা- পুত্ৰৰ জীৱন্তে উভতা নহ’ল ঘৰলৈ।  সন্ধিয়া ঘৰলৈ উভতৰ পথতেই তেলৰ টেংকাৰৰ খুন্দাত থিতাতে প্ৰাণ বায়ু উৰিল পিতা- পুত্ৰৰ। এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে বৰপেটা ৰোডত। দুৰ্ঘটনা ইমানেই ভয়ংকৰ আছিল যে থিতাতে মৃত্যু হয় দুই মটৰ চাইকেল আৰোহীৰ। এই ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। আনহাতে স্বামী আৰু একমাত্ৰ পুত্ৰক হেৰুৱাই শোকত ভাগি পৰিছে মাতৃ।

বৰপেটা ৰোডৰ শিমলাগুৰীৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা। সোমবাৰে সন্ধিয়া দুই পিতা- পুত্ৰ ঘৰলৈ উভতাৰ পথত বৰপেটা ৰোডৰ শিমলাগুৰীৰ ২৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ নৱ নিৰ্মিত উৰণ সেতুত এই শোকাবহ ঘটনা সংঘটিত হয়। জানিব পৰা মতে একে দিশেৰে গৈ থকা এখন তেলৰ টেংকাৰৰ খুন্দাত পিতা- পুত্ৰৰ থিতাতে মৃত্যু হয়।

নিহত পিতৃ কৈলাশ মেধি আৰু পুত্ৰ ৰাজেশ মেধি বুলি চিনাক্ত হৈছে। তেওঁলোকৰ ঘৰ বাক্সাৰ আনন্দ বজাৰ হাটখোলাত। ঘটনাৰ বিৱৰণী অনুসৰি বাইক চাৰ্ভিচিং কৰি ঘৰলৈ উভতিছিল কৈলাশ মেধি আৰু ৰাজেশ মেধি। বৰপেটা ৰোডৰ হাউলী দিশলৈ গৈ থকা অৱস্থাত AS15S9071 নম্বৰৰ মটৰ চাইকেলখনক UP70FT7506 নম্বৰৰ তেলৰ টেংকাৰখনে মহটিয়াই লৈ যায়। যাৰ ফলত দুয়োৰে মৃত্যু হয়।

ঘটনাৰ পাছতেই উক্ত অঞ্চলটোত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। লগে লগে ঘটনা সন্দৰ্ভত স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়ে আৰু পৰৱৰ্তী সময়ত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰে। ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰাৰ লগতে আৰক্ষীয়ে দুয়োৰে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

জানিব পৰা মতে পিতৃ কৈলাশ মেধি আছিল ডাকঘৰৰ পোষ্টমাষ্টাৰ। আনহাতে পুত্ৰ ৰাজেশ মেধি তেওঁলোকৰ একমাত্ৰ পুত্ৰ আছিল। স্বামী আৰু একমাত্ৰ পুত্ৰক হেৰুৱাই এতিয়া শোকত ভাগি পৰিছে মাতৃ। এই ভয়ংকৰ, শোকাবহ ঘটনাই অঞ্চলটো শোকাস্তব্ধ কৰিছে। ঘটনা সন্দৰ্ভত অধিক তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

১ লাখৰো অধিক! ডুবাইত এটা সৰু ফ্লেটৰ ভাড়া জানিলে আচৰিত হ'ব আপুনি...
ধন লাভৰ বাবে এইদৰে ব্যৱহাৰ কৰক নিমখ আৰু লং!
দেশৰ একমাত্ৰ নদী, য'ৰ পৰা মানুহে উপাৰ্জন কৰে কোটি টকা! জানক কেনেকৈ...
কিয় ছাণ্টাক্লজে কেৱল ৰঙা কাপোৰ পৰিধান কৰে জানেনে, আছে এটা বিশেষ কাৰণ...