কন্যাৰ জোৰণৰ দিনাই মৃত্যু পিতৃৰ, মুহূৰ্ততে বিবাহথলী হৈ পৰিল মৰিশালী…
নিজ পুত্ৰ- কন্যাৰ বিবাহক লৈ প্ৰত্যোক পিতৃৃ-মাতৃৰে যথেষ্ঠ আশা থাকে। প্ৰতিগৰাকী পিতৃ-মাতৃয়ে বিচাৰে তেওঁ কন্যা এখন ভাল ঘৰলৈ বিয়া হোৱাতো। কিন্তু নিজ কন্যাৰ বিয়া চোৱাৰ সৌভাগ্য নহ'ল এগৰাকী পিতৃৰ। কন্যাৰ জোৰণৰ দিনাই সাৱতিলে মৃত্যুক।
বিয়া, এক সামাজিক বান্ধোন! প্ৰতিগৰাকী পিতৃ-মাতৃৰে পুত্ৰ কন্যাৰ বাবে বহু সপোন থাকে। দীৰ্ঘদিনীয়া সপোন বুকুত বান্ধি মৰমৰ কন্যাক অন্য এঘৰলৈ উলিয়াই দিবলৈ সাজু হয় পৰিয়াল। বিয়া বুলি ক’লে প্ৰস্তুতি বহুদিনৰ। কিন্তু বিয়াক লৈ চলি থকা আনন্দৰ মাজতে সংঘটিত এক ঘটনাই চকু সেমেকাই তুলিব আপোনাৰ। নিজ কন্যাৰ বিয়া চোৱাৰ সৌভাগ্য নহ’ল এগৰাকী পিতৃৰ। বিয়াৰ মাত্ৰ এদিন পূৰ্বেই মৃত্যুক সাৱতি লয় দুৰ্ভগীয়া পিতৃয়ে। আকস্মিকভাৱে সংঘটিত হোৱা এই ঘটনাৰ পাছতেই বিয়াৰ আনন্দত উখল মাখল হৈ থকা ঘৰখন মৰিশালীলৈ ৰূপান্তৰিত হৈছে। পিতৃৰ শোকৰ ভাগি পৰিছে কইনা।
এই ঘটনা সংঘটিত হৈছে বৰপেটাৰ সৰভোগত। জানিব পৰা মতে, ২ ডিচেম্বৰত আছিল সৰভোগৰ শান্তি দাসৰ কন্যা নিশিতা দাসৰ বিবাহ অনুষ্ঠান। নলবাৰীৰ কৈঠালকুছিৰ প্ৰাঞ্জল বৰ্মনৰ সৈতে বিবাহ ঠিক হৈছিল নিশিতাৰ। দুখীয়া পৰিয়ালটোৱে কোনোমতে আত্মীয়- স্বজনৰ পৰা সহায় লৈ বিবাহৰ আয়োজন কৰিছিল। কিন্তু নিয়তিৰ নিষ্ঠুৰ পৰিহাস। বিয়াৰ এদিন পূৰ্বে মৃত্যুক সাৱতি লয় শান্তি দাসে।
দেওবাৰে আছিল নিশিতাৰ জোৰণ। নিয়ম অনুসৰি কালি দিনৰ ভাগত প্ৰাঞ্জলৰ পৰিয়ালৰলোকে নিশিতাক জোৰণ দি যায়। কিন্তু জোৰণৰ পাছতেই নিশা অসুস্থ হৈ পৰে কইনাৰ পিতৃ শান্তি দাস। লগে লগে পৰিয়ালটোৰ মাজত হুৱাদুৱা লাগে আৰু পৰিয়ালৰলোকে নিশাই শান্তি দাসক ভৰ্তি কৰাই সৰভোগ সমূহীয়া স্বাস্থ্য কেন্দ্ৰক। পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে চিকিৎসকে তেওঁক বৰপেটাস্থিত ফকৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ হাস্পাতাললৈ প্ৰেৰণ কৰে। কিন্তু চিকিৎসা আৰম্ভ হোৱাৰ কিছু সময় পাছতেই মৃত্যু হয় শান্তি দাসৰ। ইয়াৰ লগে লগে পৰিয়ালৰ ওপৰত সৰগ ভাগি পৰে।
জানিব পৰা মতে সৰভোগ বজাৰৰ সৰু কোঠা এটাত কাপোৰ ইষ্ট্ৰি কৰি কোনোমতে পৰিয়াল পোহপাল দিছিল শান্তি দাসে। ঘৰৰ একমাত্ৰ উপাৰ্জনকাৰী শান্তি দাসে কোনোমতে নিজ কন্যাৰ বিয়াৰ প্ৰস্তুতি চলাইছিল। আত্মীয় স্বজনৰ পৰা সহায় লৈ কন্যাক বিয়া দিব ওলাইছিল যদিও কন্যা দানৰ সপোন পূৰণ নহ’ল শান্তি দাসৰ। এই ঘটনাই পৰিয়ালটোৰ লগতে সমগ্ৰ অঞ্চলটোত শোকৰ ছা পেলাইছে।
ইফালে প্ৰাঞ্জল বৰ্মনৰ ঘৰতো বিয়াক লৈ চলিছিল সকলো প্ৰস্তুতি। বিয়াৰ আনন্দৰ মাজতে সংঘটিত এই ঘটনাই তেওঁলোকৰ ঘৰখনতো জোকাৰি যায়। তাৰ মাজতে নিশাৰ ভাগত কইনাৰ ঘৰত উপস্থিত হয় প্ৰাঞ্জল বৰ্মনৰ বায়েক আৰু খুড়াক। অৱশেষত কইনাৰ আত্মীয়ৰ সৈতে আলোচনা কৰি তেওঁলোকে আজি দুপৰীয়া যুৱতীগৰাকীক কইনা সাজেৰে প্ৰাঞ্জল বৰ্মনৰ ঘৰলৈ লৈ যায়।