5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

শিৱসাগৰঃ শুই থকা পুত্ৰক দাৰে ঘপিয়াই শেষ কৰি পেলালে পিতৃয়ে, কাৰণ…

শিৱসাগৰৰ পৰা পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ হত্যাকাণ্ডৰ কথা। পিতৃয়ে হত্যা কৰাৰ অভিযোগ পুত্ৰক। অভিযুক্তই কৈছে."সি আমাক বহুদিন ধৰি অত্যাচাৰ কৰি আহিছিল, আৰু সহ্য কৰিব নোৱাৰিলো। সেয়ে মাৰি পেলালো"। 

শিৱসাগৰঃ শুই থকা পুত্ৰক দাৰে ঘপিয়াই শেষ কৰি পেলালে পিতৃয়ে, কাৰণ…
পিতা- পুত্ৰ
Follow Us
barasha-sarma
Barasha Sarma | Updated On: 19 Sep 2024 12:30 PM

দেশৰ সমান্তৰালকৈ অসমতো প্ৰতিদিনে বৃদ্ধি পাইছে অপৰাধজনিত  ঘটনা। হত্যা, ধৰ্ষণ, লুণ্ঠন আদিৰ দৰে ঘটনাই বাৰে বাৰে জনসাধাৰণ নিৰাপত্তাৰ ক্ষেত্ৰত প্ৰশ্ন উত্থাপন কৰিছে। মানুহ ইমানেই নিকৃষ্ট হৈ পৰিছে যে একাংশই নিজৰ আপোনজনকো হত্যা কৰিবলৈ কুন্ঠবোধ নকৰে। এনে এক ঘটনা সংঘটিত হয় শিৱসাগৰত। নিজ পুত্ৰৰ প্ৰাণ ল’লে পিতৃয়ে।শোৱাপাটীতে পুত্ৰ ঘপিয়াই হত্যা কৰে পিতৃয়ে। ইতিমধ্যে অভিযুক্ত পিতৃক গ্ৰেপ্তাৰ কৰি তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।

জানিব পৰা মতে এই নৃশংস ঘটনা সংঘটিত হৈছে শিৱসাগৰৰ কোঁৱৰপুৰ গোহাঁইগাঁৱত।  ৰমেন বৰুৱা নামৰ লোকজনে শোৱাপাটীতে দাৰে ঘপিয়াই হত্যা কৰে পুত্ৰ দিপু বৰুৱাক।  বুধবাৰে নিশাৰ ভাগত সংঘটিত হৈছে এই ঘটনা। জানিব পৰা মতে অইন দিনাৰ দৰে কালি নিশাও দিপু বৰুৱাই সুৰামত্ত অৱস্থাত ঘৰত প্ৰৱেশ কৰি হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি কৰে আৰু ঘৰৰ সা- সামগ্ৰী লণ্ড- ভণ্ড কৰে।

কেৱল কালিয়েই নহয়, সুৰা- ড্ৰাগছ আসক্ত দিপুৱে প্ৰায়ে ঘৰত অশান্তিৰ সৃষ্টি কৰি আহিছিল। আনকি নিজৰ পিতৃ- মাতৃকো অত্যাচাৰ কৰিছিল। অতদিনে পুত্ৰৰ অত্যাচাৰ নীৰৱে সহ্য কৰি গৈছিল পিতৃ-মাতৃয়ে। কিন্তু প্ৰতিদিনেই সংঘটিত হৈ অহা এনে ঘটনা সহ্য কৰিব নোৱাৰি কালি নিশা দিপুৰ পিতৃয়ে ল’লে এক কঠোৰ সিদ্ধান্ত।

কালি নিশা দিপু ঘৰলৈ আহি প্ৰথমে সকলো ভাঙি- চিঙি ধ্বংস কৰে আৰু পাছত শুই পৰে। পুৱতি নিশা প্ৰায় ৪.৩০ বজাত ৰমেন বৰুৱাই ভঁৰালৰ গাধৰিত থকা দাখন আনি দিপুক হত্যা কৰে। শুই থকা দিপুক উপৰ্যপুৰি প্ৰহাৰ কৰে ৰমেন বৰুৱাই যাৰ ফলত পুত্ৰৰ থিতাতে মৃত্যু হয়। তাৰ পাছত পিতৃ- মাতৃৰ সন্মুখত পুত্ৰৰ নিথৰ দেহ তেজেৰে লুতুৰী- পুতুৰী অৱস্থাত পৰি থাকে। লাহে লাহে এই খবৰ চাৰিওফালে বিয়পি পৰে আৰু পৰৱৰ্তী সময়ত স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়ে।

ঘটনা সন্দৰ্ভত অৱগত হোৱাৰ পাছতেই আৰক্ষী উপস্থিত হৈ প্ৰথমে হত্যাকাণ্ডত ব্যৱহাৰ কৰা দাখন জব্দ কৰি মৃতদেহ উদ্ধাৰ কৰে। আৰক্ষী উপস্থিত হোৱাৰ সময়ত ৰমেন বৰুৱা ঘৰৰ এটা চুকতে বহি আছিল। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত ৰমেন বৰুৱাক। অভিযুক্তই কৈছে যে- “সি আমাক বহুদিন ধৰি অত্যাচাৰ কৰি আহিছিল, আৰু সহ্য কৰিব নোৱাৰিলো। সেয়ে মাৰি পেলালো”।  আৰক্ষীয়ে মৃতদেহটোৰ মৰণোত্তৰৰ ব্যৱস্থা কৰাৰ লগতে গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে। এই সমগ্ৰ ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Latest News