অসমৰ ৰাজপথত অৱতৰণ কৰিব অত্যাধুনিক যুঁজাৰু বিমানে, সাজু কৰা হৈছে ৰানৱে
যিকোনো জৰুৰীকালীন অৱস্থাত ৰাজপথত অৱতৰণ কৰিব পাৰিব ছুখয়, ৰাফেল, মিগ, তেজস, হাৰকিউলিছ, AN-32 আদিকে ধৰি বিভিন্ন যুঁজাৰু জেট বিমান। ৰাষ্ট্ৰীয় ঘাইপথৰ ৪.৫ কিলোমিটাৰ অংশত নিৰ্মাণ কৰা হৈছে অত্যাধুনিক উৰণ পথ। লগতে নিৰ্মাণ কৰা হব ট্ৰেফিক কন্টল টাৱাৰ।য'ত অৱতৰণ কৰাৰ লগতে উৰিব পাৰিব যুঁজাৰু হেলিকপ্তাৰো।

Fighter Jets To Land On Assam
অসমীয়া নতুন বৰ্ষৰ আৰম্ভণিতে আহিছে ভাল খবৰ। এইবাৰ অসমৰ ৰাজপথত অৱতৰণ কৰিব অত্যাধুনিক যুঁজাৰু বিমানে। বিমান বন্দৰৰ ৰানৱে সদৃশ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰা হৈছে অসমত। ডিব্ৰুগড় জিলাৰ মৰাণত নিৰ্মীয়মান চাৰিলেনযুক্ত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত নিৰ্মাণ কৰা হৈছে উন্নতমানৰ অত্যাধুনিক জৰুৰীকালীন ৰানৱেৰ সুবিধা। এই ঘাইপথতে অৱতৰণ কৰিব পাৰিব যুঁজাৰু বিমানে। প্ৰায় সম্পূৰ্ণ হৈছে উৰণপথটোৰ নিৰ্মাণ কাৰ্য।
যিকোনো জৰুৰীকালীন অৱস্থাত ৰাজপথত অৱতৰণ কৰিব পাৰিব ছুখয়, ৰাফেল, মিগ, তেজস, হাৰকিউলিছ, AN-32 আদিকে ধৰি বিভিন্ন যুঁজাৰু জেট বিমান। ৰাষ্ট্ৰীয় ঘাইপথৰ ৪.৫ কিলোমিটাৰ অংশত নিৰ্মাণ কৰা হৈছে অত্যাধুনিক উৰণ পথ। লগতে নিৰ্মাণ কৰা হব ট্ৰেফিক কন্টল টাৱাৰ।য’ত অৱতৰণ কৰাৰ লগতে উৰিব পাৰিব যুঁজাৰু হেলিকপ্তাৰো।
মৰাণৰ নিৰ্মিয়মান ৪ লেন যুক্ত ৩৭নং ৰাষ্টীয় ঘাইপথত নিৰ্মাণ কৰা হৈছে উন্নতমানৰ জৰুৰীকালীন ৰানৱে সুবিধা (ELF) ।যুদ্ধকালীন পৰিস্থিতি অথবা প্ৰাকৃতিক দুৰ্যোগৰ সময়ত এই ৰাজপথ নিমিখতে পৰিণত হৈ পৰিব ভাৰতীয় বায়ুসেনাৰ বিমান বন্দৰলৈ। উক্ত সময়ত পথচোৱাৰ কাষত মানুহ, জীৱ জন্তু সোমাব নোৱাৰাকৈ ফেন্চিঙৰ ব্যৱস্থা কৰা হৈছে। লগতে নিৰ্মাণ কৰা হৈছে এটা এয়াৰ ট্ৰেফিক কন্ট্ৰল টাৱাৰ (ATC)।অৱশ্যে জৰুৰীকালীন পৰিস্থিতিহে ব্যৱহাৰ হ’ব এই উৰণপথ।
ইতিমধ্যে ৰাইজৰ বাবে মুকলি কৰা হৈছে এই পথ। পহিলা এপ্ৰিলৰ পৰা যাতায়তৰ বাবে মুকলি কৰিছে এই পথ। প্ৰাপ্ত খবৰ অনুসৰি এই পথ আনুষ্ঠানিকভাৱে মুকলি কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । অত্যাধুনিক প্ৰযুক্তিৰে ভাৰতীয়া বায়ুসেনাৰ তত্বাৱধানত নিৰ্মাণ কৰা হৈছে এই পথটো। এয়া হৈছে উত্তৰ-পূবৰ প্ৰথমটো উৰণপথ। যি পথত জৰুৰীকালীন অৱস্থাত অৱতৰণ কৰিব পাৰিব যিকোনো অত্যাধুনিক যুঁজাৰু বিমানে।