Assam sahitya sabha: ভোটগণনাৰ দিনটোতে অসম সাহিত্য সভাত অথন্তৰ! প্ৰথমে বাক-বিতণ্ডা, তাৰ পাছত মাৰপিট…
আজি ঘোষণা হ’ব অসম সাহিত্য সভাৰ নিৰ্বাচনী ফলাফল। কোন হ’ব অসম সাহিত্য সভাৰ পৰৱৰ্তী সভাপতি? ইয়াকে লৈ চলিছে চৰ্চা। এই উপলক্ষ্যে কামৰূপ জিলাৰ দদৰাৰ অন্তৰ্গত ভৃগু কুমাৰ ফুকন প্ৰেক্ষাগৃহত আয়োজিত কাৰ্য নিৰ্বাহক বৈঠকত অনুষ্ঠিত হোৱাৰ কথা আছিল ভোট গণনা পৰ্ব। তাৰ পূবেই সংঘটিত হয় মাৰপিটৰ ঘটনা।
পুনৰ সাহিত্য সভাত অনাকাংশিত ঘটনা সূত্ৰপাত। প্ৰথমতে দুজনৰ মাজত হয় বাক-বিতণ্ডা। তাৰ পাছত আৰম্ভ হয় মাৰপিট৷ দদৰাত ভোটগণনাৰ মাজতে সংঘটিত হয় এই ঘটনা৷ দদৰা ভৃগু ফুকন প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা কাৰ্যনিৰ্বাহকত সংঘটিত হৈছে মাৰপিট। প্ৰধান সম্পাদকৰ প্ৰাৰ্থী অজিত প্ৰসাদ শৰ্মাই প্ৰহাৰত আহত এজন সদস্য।প্ৰহাৰ কৰা সদস্য জনৰ নাম সুশীল ডেকা।
ঘটনা অনুসৰি সাহিত্য সভাৰ কাৰ্যনিৰ্বাহকত অংশ ল’বলৈ আহিছিল লোকজন। সেই সময়তে ঘটনা সংঘটিত হয় প্ৰচণ্ড মাৰপিটৰ ঘটনা। ইফালে উপ-সভাপতি পদৰ প্ৰাৰ্থী উপেন্দ্ৰ জিত শৰ্মাৰ বিৰুদ্ধেও মাৰপিটত লিপ্ত হোৱাৰ অভিযোগ। জানিব পৰা মতে নিমন্ত্ৰণী পত্ৰ নোপোৱাক লৈ উপেন্দ্ৰ জিৎ শৰ্মাক প্ৰশ্ন কৰিছিল সুশীল চন্দ্ৰ ডেকাই। তাৰ পিছতে সংঘটিত হয় মাৰপিট।
উল্লেখ্য যে, আজি ঘোষণা হ’ব অসম সাহিত্য সভাৰ নিৰ্বাচনী ফলাফল। উপেন ৰাভা হাকাচাম নে ড০ বসন্ত কুমাৰ গোস্বামী? কোন হ’ব অসম সাহিত্য সভাৰ পৰৱৰ্তী সভাপতি? ইয়াকে লৈ চলিছে চৰ্চা। এই উপলক্ষ্যে কামৰূপ জিলাৰ দদৰাৰ অন্তৰ্গত ভৃগু কুমাৰ ফুকন প্ৰেক্ষাগৃহত আয়োজিত কাৰ্য নিৰ্বাহক বৈঠকত অনুষ্ঠিত হোৱাৰ কথা আছিল ভোট গণনা পৰ্ব। তাৰ পূবেই সংঘটিত হয় মাৰপিটৰ ঘটনা।
উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱাৰ পাছত নিৰ্ধাৰিত সময়তকৈ দুঘন্টা পলমকৈ আৰম্ভ হৈছে অসম সাহিত্য সভাৰ ভোট গণনা পৰ্ব। পুৱা ১০.৩০বজাৰ পৰা ভোট গণনা হোৱাৰ কথা আছিল যদিও দুপৰীয়া ১২বজাতহে নিৰ্বাচনী বিষয়াসকলৰ উপস্থিতিত খোলা গৈছে ভোটৰ বাকচ।
লক্ষণীয়ভাৱে এইবেলি নিৰ্বাচনক লৈ তীব্ৰ বিতৰ্ক সৃষ্টি হৈছিল । বিশেষকৈ অসম সাহিত্য সভাৰ সভাপতি পদক লৈ সূচনা হৈছিল বিতৰ্কৰ। সভাপতি নিৰ্বাচনৰ বাবে সংবিধান সংশোধন কৰি ৫ জন সাহিত্যিকৰ নাম নিৰ্বাচিত কৰি পেনেল আকাৰে শাখাসমূহলৈ প্ৰেৰণ কৰিছিল । এই তালিকা প্ৰকাশ পোৱাৰ পাছতেই সকলোফালে সমালোচিত হৈছিল সাহিত্য সভা।
ইয়াৰ পাছতে প্ৰকাশ কৰা হৈছিল অসম সাহিত্য সভাৰ ২০২৫-২০২৭ৰ সভাপতি পদৰ নতুন তালিকা। তালিকাত নাম আছিল- বসন্ত কুমাৰ গোস্বামী, গোবিন্দ প্ৰসাদ শৰ্মা, উপেন ৰাভা হাকাচাম, অনুৰাধা শৰ্মা পূজাৰী আৰু ভীমকান্ত বৰুৱাৰ।
এইবাৰ ২০২৫-২৭ বৰ্ষৰ অসম সাহিত্য সভাৰ নিৰ্বাচনত সভাপতি পদত প্ৰতিদ্বন্দ্বিতা কৰিছে বিশিষ্ট সাহিত্যিক ড০ বসন্ত কুমাৰ গোস্বামী আৰু বিশিষ্ট লোক সংস্কৃতিৰ গৱেষক পণ্ডিত তথা ভাষাবিদ ড৹ উপেন ৰাভা হাকাচামে তদুপৰি উপ-সভাপতি পদত পদুম ৰাজখোৱা, ডাঃ বিপিন কলিতা, চহিৰ ভূঞা আৰু প্ৰধান সম্পাদক পদত অজিত প্ৰসাদ শৰ্মা, দেৱজিৎ বৰা আৰু ড৹ সঞ্জীৱ কুমাৰ শৰ্মাই প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ।