শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Assam Budget 2025: আজি অসম বিধানসভাত উত্থাপন কৰা হ’ব ২০২৫-২৬ বিত্তীয় বৰ্ষৰ সাধাৰণ বাজেট, কি কি বিশেষ থকিব এইবাৰৰ বাজেটত?

আজি দিনৰ ১১.৩০ বজাত বিত্তমন্ত্ৰী অজন্তা নেওগে বিধানসভাত দাখিল কৰিব চতুৰ্থখন পূৰ্ণাংগ সাধাৰণ বাজেট। এইবাৰৰ বাজেট বিগত বৰ্ষসমূহতকৈ সম্পূৰ্ণ পৃথক হ'ব। ইয়াৰ বাবে বাজেটত সৰ্বাধিক গুৰুত্ব দিয়া হ'ব নিৰ্বাচনক। সমান্তৰালকৈ যুৱ আৰু মহিলাসকল জড়িত হৈ থকা অৰুণোদয়, মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিক অধিক গতিশীলতা প্ৰদানৰ লক্ষ্যৰে বাজেটত নতুনত্ব অনাৰ চেষ্টা কৰিব বিত্তমন্ত্ৰী অজন্তা নেওগে।

Assam Budget 2025: আজি অসম বিধানসভাত উত্থাপন কৰা হ’ব ২০২৫-২৬ বিত্তীয় বৰ্ষৰ সাধাৰণ বাজেট, কি কি বিশেষ থকিব এইবাৰৰ বাজেটত?
অসম বাজেট ২০২৫
trishna-kalita
Trishna Kalita | Updated On: 10 Mar 2025 08:42 AM

আজি অসম বিধানসভাত উত্থাপন কৰা হ’ব ২০২৫-২৬ বিত্তীয় বৰ্ষৰ সাধাৰণ বাজেট। দিনৰ ১১.৩০ বজাত বিত্তমন্ত্ৰী অজন্তা নেওগে বিধানসভাত দাখিল কৰিব চতুৰ্থখন পূৰ্ণাংগ সাধাৰণ বাজেট। এইখনেই হ’ব বৰ্তমানৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ অন্তিমখন পূৰ্ণাংগ বাজেট। দেওবাৰে দিছপুৰত অনুষ্ঠিত ৰাজ্যিক কেবিনেটৰ বৈঠকে অনুমোদন জনায় বাজেটত। এতিয়া কোন কোন স্তৰৰ লোক লাভান্বিত হ’ব এইবাৰ বাজেটত? মধ্যবিত্ত লোকৰ বাবে থাকিবনে বিশেষ সুবিধা? দাখিল হ’বলগীয়া বাজেটক লৈ সৰ্বত্ৰ সৃষ্টি হৈছে চৰ্চা৷

২০২৬ চনত হ’ব বিধান সভাৰ নিৰ্বাচন। সেয়ে এইবাৰৰ বাজেট বিগত বৰ্ষসমূহতকৈ সম্পূৰ্ণ পৃথক হ’ব। ইয়াৰ বাবে বাজেটত সৰ্বাধিক গুৰুত্ব দিয়া হ’ব নিৰ্বাচনক। সমান্তৰালকৈ যুৱ আৰু মহিলাসকল জড়িত হৈ থকা অৰুণোদয়, মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিক অধিক গতিশীলতা প্ৰদানৰ লক্ষ্যৰে বাজেটত নতুনত্ব অনাৰ চেষ্টা কৰিব বিত্তমন্ত্ৰী অজন্তা নেওগে। নিয়ম অনুসৰি ২৬ত  বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰিব পাৰিব অন্তৱৰ্তীকালীন বাজেট। এই বাজেটক লৈ শাসনাধীন বিজেপি চৰকাৰৰ মাজক দেখা গৈছে ব্যাপক উছাহ। এই বাজেটক লৈ আছে জনসাধাৰণৰ বহু প্ৰত্যাশা। ২০২৫-২৬ বিত্তীয় বৰ্ষৰ সাধাৰণ বাজেট বিশেষ হ’ব কিয়নো হয়তো ইয়াৰ এবছৰ পাছতে অনুষ্ঠিত হ’ব বিধান সভাৰ নিৰ্বাচন। এই বাজেট নিশ্চয়কৈ ব্যাপক প্ৰভাৱ পেলাব নিৰ্বাচনত।

ইফালে বাজেট দাখিলৰ পূৰ্বে বাজেট দাখিলৰ পূৰ্বে লোকসেৱা ভৱনত মুখ্যমন্ত্ৰীৰে বৈঠকত মিলিত হয় মন্ত্ৰী অজন্তা নেওগ। ইয়াৰ উপৰিও ৰাজ্যিক বিজেপিৰ নেতৃত্বৰ সৈতে আলোচলাত মিলিত হৈছে বিত্ত মন্ত্ৰীগৰাকী।  বৈঠকত উপস্থিত থাকে আন আন মন্ত্ৰীসকল। ইয়াৰ পূৰ্বেও বাজেট সন্দৰ্ভত অনুষ্ঠিত হয় বহু বিধায়িনী দলৰ বৈঠক।

কেইদিনমান পূৰ্বে বাজেট সন্দৰ্ভত ফেচবুক লাইভযোগে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে, এইবাৰ বাজেটত সাধাৰণ লোকৰ বাবে কেইবাখনো নতুন আঁচনি অনা হ’ব। যিয়ে সকাহ প্ৰদান কৰিব ৰাজ্যৰ দৰিদ্ৰ আৰু মধ্যবিত্ত লোকক। তেওঁ কয় যে, কেন্দ্ৰীয় চৰকাৰে বাজেটত ১২ লাখ পৰ্যন্ত উপাৰ্জন কৰাসকলৰ কৰমুক্ত কৰি মধ্যবিত্ত লোকসকলক এক ডাঙৰ সকাহ প্ৰদান কৰিছে। এতিয়া প্ৰধানমন্ত্ৰীৰ এই আদৰ্শক সৰোগত কৰি ৰাজ্য চৰকাৰ চলিত বিত্তীয় বৰ্ষৰ বাজেটত দৰিদ্ৰ আৰু মধ্যবিত্ত লোকৰ বাবে কেইবাটাও নতুন পৰিকল্পনা হাতত লোৱা হ’ব। অসমৰ যুৱ শক্তি আৰু শিক্ষাৰ্থীৰ বাবেও বহু আঁচনি থাকিব এইবাৰৰ বাজেটত।

মুখ্যমন্ত্ৰীয়ে লগতে কয়, নতুন অসম গঢ়াৰ বাবে আন্তঃগাঁথনিৰ প্ৰয়োজন। সেয়েহে এই ক্ষেত্ৰত ৰাজ্য চৰকাৰেও আন্তঃগাঁথনি উন্নয়নৰ বাবে বিভিন্ন পৰিকল্পনা হাতত ল’ব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে। এক সংবাদমেলত মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছিল যে, এই বাজেটত চাকৰি প্ৰত্যাশী স্নাতক উত্তীৰ্ণ নিৱনুৱাৰ বাবে থাকিব সুখবৰ। লগতে গ্ৰাম্যঞ্চলৰ উন্নয়নৰ বাবে লোৱা হ’ব পাৰে ব্যৱস্থা।

বাজেটৰ প্ৰস্তুতি সন্দৰ্ভত বিত্তমন্ত্ৰী অজন্তা নেওগে কয়, এইবাৰ আমি এখন ভাল বাজেট দিবলৈ চেষ্টা কৰিম। এই বাজেটত মহিলা সবলীকৰণক দিয়া হৈছে গুৰুত্ব। কৃষক- দৰিদ্ৰ শ্ৰেণী আৰু যুৱসকলৰ প্ৰতি বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে বাজেটত।” লগতে বিকশিক অসমৰ লক্ষ্যৰে এই বাজেট  প্ৰস্তুত কৰা হৈছে বুলি উল্লেখ কৰে বিত্তমন্ত্ৰী অজন্তা নেওগে।