সমাজত অন্ধবিশ্বাস, কু- সংস্কাৰ বিয়পোৱাৰ অভিযোগত 'জাম্পিং স্পাইডাৰ ষ্টুডিঅ'ৰ বিৰুদ্ধে এজাহাৰ দাখিল... | fir against JUMPING SPIDER STUDIO himashri saikia assam Assam news - Assam Tv9

সমাজত অন্ধবিশ্বাস, কু- সংস্কাৰ বিয়পোৱাৰ অভিযোগত ‘জাম্পিং স্পাইডাৰ ষ্টুডিঅ’ৰ বিৰুদ্ধে এজাহাৰ দাখিল…

Updated On: 

26 Sep 2024 16:15 PM

JUMPING SPIDER STUDIO: সমাজত অন্ধবিশ্বাস, কু- সংস্কাৰ বিয়পোৱাৰ অভিযোগত ইউটিউব চেনলটোৰ বিৰুদ্ধে চানমাৰি থানাত গোচৰ ৰুজু।  এজাহাৰত হিমাশ্ৰী শইকীয়াৰ নাম স্পষ্টভাৱে উল্লেখ কৰা হৈছে।

সমাজত অন্ধবিশ্বাস, কু- সংস্কাৰ বিয়পোৱাৰ অভিযোগত জাম্পিং স্পাইডাৰ ষ্টুডিঅৰ বিৰুদ্ধে এজাহাৰ দাখিল...

জাম্পিং স্পাইডাৰ ষ্টুডিঅ'ৰ বিৰুদ্ধে এজাহাৰ

Follow Us On

জাম্পিং স্পাইডাৰ ষ্টুডিঅ’ (JSS) ৰ বিৰুদ্ধে এজাহাৰ দাখিল অসম পাব্লিক ৱৰ্কছৰ। সমাজত অন্ধবিশ্বাস, কু- সংস্কাৰ বিয়পোৱাৰ অভিযোগত ইউটিউব চেনলটোৰ বিৰুদ্ধে চানমাৰি থানাত গোচৰ ৰুজু।

অসম পাব্লিক ৱৰ্কছে এজাহাৰত উল্লেখ কৰিছে যে-

” শেহতীয়াভাবে PODCAST ৰ নামত অসমত একাংশ লোকে হকে-বিহকে কিছুমান অন্ধবিশ্বাস সমাজত বিয়পাই থকা আমাৰ দৃষ্টিগোচৰ হৈছে। অতি শেহতীয়াকৈ “চয়তানক পূজা কৰা এটা ভয়ানক সংগঠন ILLUMINATI শীর্ষকেৰে যোৱা ২১-০৯-২০২৪ তাৰিখে “JUMPING SPIDER STUDIO” নামৰ এটি Facebook page ৰ পৰা এটা ভিডিঅ’ সামাজিক মাধ্যমত এৰি দিয়া হয়।

উক্ত ভিডিঅ’যোগে পাশ্চাত্যৰ ILLUMINATI নামৰ কোনো সংগঠনৰ নিকৃষ্ট কিছু কাম-কাজৰ বর্ণনা কৰা হয়। “হিমাশ্রী শইকীয়া নামৰ মহিলা এগৰাকীয়ে আঁত ধৰা উক্ত অনুষ্ঠানত নাম প্রকাশ নকৰা এগৰাকী অপ্রকৃতিস্থ যুৱকক মানি আনি ILLUMINATI নামৰ এই পাশ্চাত্যৰ এটি সংগঠনৰ অতি নিকৃষ্ট মানৰ অন্ধবিশ্বাসৰ কুকীর্তিৰ বিষয়ে তেওঁলোক আলোচনাত মিলিত হয়।

এখন সুস্থ সমাজৰ সকলো পৰিসীমা অতিক্রম কৰি তেওঁলোকে কিদৰে পানী কেচুৱা এটিক ভয় খুৱাই শিশুটি উত্তেজিত হোৱাৰ লগে লগে অতি হিংস্যুক পদ্ধতিৰে শিশুটিৰ গলৰ পৰা তেজ সংগ্ৰহ কৰি সেই তেজ কেনেকৈ ILLUMINATI Group ৰ সদস্যসকলে পান কৰি মানৱ সমাজৰ ওপৰত নিয়ন্ত্রণ সাব্যস্ত কৰে ইত্যাদি কথা মুকলিভারে সামাজিক মাধ্যমত প্রকাশ কৰে। যিটো সময়ত সমাজত সুফলেই হওক বা কুফলেই হওক অসমৰ ফুলকুমলীয়া শিশুসকলেও ম’বাইল ফোনত ভিডিঅ’সমূহ চাই থাকে এনে অৱস্থাত একমাত্র সমাজত অন্ধবিশ্বাস বিয়পোৱাৰ উদ্দেশ্যই এই হিংস্যুক নিকৃষ্ট ILLUMINATI ৰ নিচিনা পাশ্চাত্যৰ কোনো সংগঠনৰ কুকীর্তি অসমীয়া মানুহৰ মাজত বিয়পাই দিয়া তথা উক্ত সংগঠনৰ সদস্য অসমতো ১১০ শতাংশ নিশ্চিতি দি থকা বুলি কোৱাৰ আঁৰত হিমাশ্রী শইকীয়া আৰু উক্ত যুৱকজনৰ কোনো কোনো অন্তঃনির্হিত অসৎ উদ্দেশ্য আছে তথা এই ভিডিঅ’টোৱে অসমীয়া নৱ-প্ৰজন্মক বিপথে পৰিচালিত কৰিব।

ড্ৰাগছ, সুৰা আদি নিচাই ইতিমধ্যেই যুৱ সমাজক বিপথে নিয়াৰ সময়তে পাশ্চাত্যৰ এনে অসৎ সংগঠনৰ বিষবাষ্প অসমীয়া সমাজ জীৱনত পৰিকল্পিতভাৱে  এৰি দিয়াৰ আঁৰত দুয়োগৰাকীৰে কুঃঅভিসন্ধি স্পষ্ট দেখা যায়। ইয়াৰ পূর্বেও হিমাশ্রী শইকীয়া নামৰ মহিলাগৰাকীয়ে বিভিন্ন অন্ধবিশ্বাসৰ সৈতে জড়িত ভিডিঅ’ সামাজিক মাধ্যমত প্ৰচাৰ চলাইছে। এখন সুস্থ সমাজৰ শৃংখলিত সমাজ ব্যৱস্থাক অন্ধবিশ্বাসেৰে প্ৰৰোচিত কৰা এনে কাণ্ডৰ বিৰুদ্ধে উচিত তদন্ত কৰি বিহীত ব্যৱস্থা ল’বলৈ অনুৰোধ জনাই মহাশয়ৰ ওচৰত এই এজাহাৰ দাখিল কৰিলো”।

 

প্ৰতিদিনে কেঁচা নহৰু খোৱাৰ উপকাৰীতাৰ বিষয়ে জানেনে?
নৰসিংহৰ পাত পাচলি নে মচলা? জানক সঠিক উত্তৰ
অত্যাধিক চাহ খোৱা অভ্যাসৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব? জানক বিশেষজ্ঞৰ পৰা
কেঁচা অমিতাই স্বাস্থ্যক কেনেদৰে প্ৰভাৱিত কৰে? বিশেষজ্ঞৰ পৰা জানক
Exit mobile version