দীপাৱলীৰ নিশা ৰাজ্যৰ ভিন্ন প্ৰান্তত বিধ্বংসী অগ্নিকাণ্ড! শিৱসাগৰত জীৱন্তে অগ্নিদগ্ধ হৈ এজনৰ মৃত্যু
শিৱসাগৰ থানাপট্টীত নিশা সংঘটিত হৈছে বিধ্বংসী অগ্নিকাণ্ড। অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ হৈ এজন লোকৰ মৃত্যু হয়। মৃত লোকজনৰ নাম ৰামজন্ম ৰায়। এই বিধ্বংসী জুইত জাহ গ’ল ১১টা ভাড়াঘৰ। অগ্নিকাণ্ডত গুৰুতৰভাৱে আহত হয় শ্যাম ৰায় নামৰ এজন লোক।
দীপাৱলীৰ আনন্দ-উলাহৰ মাজতে ৰাজ্যৰ ভিন্ন প্ৰান্তত ভয়ংকৰ অগ্নিকাণ্ড। নিশা শিৱসাগৰত বিধ্বংসী অগ্নিকাণ্ড৷ ৭নং ৱাৰ্ডৰ লক্ষীপ্ৰিয়া পথৰ ১১টাকৈ ভাড়াঘৰত লাগে জুই৷ বিধ্বংসী জুইত অগ্নিদগ্ধ দুজনকৈ লোক৷ অগ্নিদগ্ধ দুজনৰ এজন লোকৰ মৃত্যু৷
শিৱসাগৰ থানাপট্টীত নিশা সংঘটিত হৈছে বিধ্বংসী অগ্নিকাণ্ড। অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ হৈ এজন লোকৰ মৃত্যু হয়। মৃত লোকজনৰ নাম ৰামজন্ম ৰায়। এই বিধ্বংসী জুইত জাহ গ’ল ১১টা ভাড়াঘৰ। অগ্নিকাণ্ডত গুৰুতৰভাৱে আহত হয় শ্যাম ৰায় নামৰ এজন লোক। আহত লোকজনক ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত। অগ্নিকাণ্ডত বিস্ফোৰণ ঘটে এটা চিলিণ্ডাৰ। চিলিণ্ডাৰ বিস্ফোৰণৰ পিছত অধিক ভয়ংকৰ ৰূপ লয় জুয়ে। পাছত ঘটনাস্থলীত উপস্থিত হৈ অগ্নিনিৰ্বাপক বাহিনীয়ে নিৰ্বাপন কৰে জুই।
মৰাণতো বিধ্বংসী অগ্নিকাণ্ড৷ ভস্মীভূত চিল্কালেণ্ড নামৰ এখন কাপোৰ দোকানৰ গুদামঘৰ৷ দ্বাৰিকা এনক্লেভৰ দ্বিতীয় মহলাত থকা চিল্কালেণ্ডত লাগে জুই৷ আতচবাজীৰ ফিৰিঙতি গুদামত পৰাৰ ফলতে জুইৰ সূত্ৰপাতৰ সন্দেহ৷ কাপোৰৰ গুদামত জুই লাগি ভস্মীভূত হয় ২৫ লক্ষাধিক টকাৰ সামগ্ৰী। নিশাই ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় মন্ত্ৰী যোগেন মহনে।
তিনিচুকীয়াত হিজুগুৰি VIP পথত ৰখাই থোৱা টেংকাৰত অগ্নিকাণ্ড৷ জুইত সম্পূৰ্ণৰূপে ভস্মীভূত হয় টেংকাৰখন৷ নিশা নলবাৰীৰ সাগৰকুছিত ভয়ংকৰ অগ্নিকাণ্ড। জুইত জাহ যায় শ্ৰীকান্ত কলিতা নামৰ এজন লোকৰ বাসগৃহ। ডিব্ৰুগড়ৰ লালমাটিত ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিকাণ্ডত ভস্মীভূত হয় বাৰ্বী ষ্ট’ৰ নামৰ এটা শ্ব’ৰূম। ১০ লক্ষাধিক টকাৰ সম্পত্তি নষ্ট হোৱা বুলি দাবী কৰিছে শ্ব’ৰুমটোৰ কৰ্তৃপক্ষই । অগ্নিকাণ্ডত আঘাতপ্ৰাপ্ত দুজন লোকক এএমচিএইছলৈ প্ৰেৰণ কৰা হৈছে ।
ডিগবৈ গোলাইত ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হয়। সেনাৰ তৎপৰতাত নিৰ্বাপিত হয় জুই। শিলচৰ জানিগঞ্জৰ ভূইয়াৰগদ্দিত ভয়ংকৰ অগ্নিকাণ্ড। ফটকাৰ ফিৰিঙতিৰ পৰাই তুলাৰ গুদামত জুই লগাৰ সন্দেহ। জুইত ভস্মীভূত এখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ তুলাৰ গুদাম। শিলচৰত আন এক অগ্নিকাণ্ড সংঘটিত হয় । শিলচৰৰ ছেকেণ্ড লিং ৰোডত সংঘটিত হয় এই অগ্নিকাণ্ড ৷ ৯ নং লেনৰ প্ৰতিমা নাথ নামৰ এগৰাকী মহিলাৰ বাসগৃহত সংঘটিত হয় এই অগ্নিকাণ্ডত । স্থানীয় লোকে হঠাৎ জুই প্ৰত্যক্ষ কৰি জুই নিয়ন্ত্ৰণৰ বাবে তৎপৰ হয় । খবৰ পোৱাৰ লগে লগে অগ্নিনিৰ্বাপক বাহিনীও ঘটনাস্থলীত উপস্থিত হয় । স্থানীয় ৰাইজ আৰু অগ্নিনিৰ্বাপক বাহিনীৰ প্ৰচেষ্টাত অৱশেষত জুই নিয়ন্ত্ৰণলৈ আহে ৷
পোহৰৰ উৎসৱ দীপাৱলীৰ মাজতে মহানগৰীৰ বেহাৰবাৰীতো বিধ্বংসী অগ্নিকাণ্ড। জুইত ভস্মীভূত হয় তিনিটাকৈ গুদাম। বেহাৰবাৰী শৰ্মা কাটাত এই অগ্নিকাণ্ড। ঘটনাস্থলীত উপস্থিত অগ্নিনিৰ্বাপক বাহিনীৰ ১০খন বাহন। গণেশপাৰা, লাচিত নগৰতো অগ্নিকাণ্ড।