ৰঙিয়াত পিষ্টলধাৰীৰ সন্ত্ৰাস! গুলীচালনাত আহত এজন যুৱক

বৃহস্পতিবাৰে নিশা প্ৰায় ১২ বজাত সংঘটিত হয় এই গুলীচালনাৰ ঘটনা। গুলীচালনাৰ ঘটনাৰ লগে লগে হুৱাদুৱা লাগে অঞ্চলটোত। মুহূৰ্ততে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী। আৰক্ষীয়ে জব্দ কৰে জ্যোতিপ্ৰকাশ শৰ্মাৰ মাৰাণাস্ত্ৰ।

ৰঙিয়াত পিষ্টলধাৰীৰ সন্ত্ৰাস! গুলীচালনাত আহত এজন যুৱক

ৰঙিয়াত গুলীচালনা

Updated On: 

13 Sep 2024 13:13 PM

ৰঙিয়াত নিশা সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা। হাতত পিষ্টল লৈ সন্ত্ৰাস চলালে এজন লোকে। জ্যোতিপ্ৰকাশ শৰ্মাৰ নামৰ লোকজনৰ গুলিত আঘাপ্ৰাপ্ত হৈছে এজন লোক। অনুজ্ঞাপত্ৰ থকা পিষ্টলটোৰে সন্ত্ৰাস সৃষ্টি কৰিছিল জ্যোতিপ্ৰকাশ শৰ্মাই। ঘটনাক লৈ ৰঙিয়াৰ দিপ্তীনগৰত সৃষ্টি হয় এক আতংকময় পৰিৱেশ।

বৃহস্পতিবাৰে নিশা প্ৰায় ১২ বজাত সংঘটিত হয় এই গুলীচালনাৰ ঘটনা। গুলীচালনাৰ ঘটনাৰ লগে লগে হুৱাদুৱা লাগে অঞ্চলটোত। মুহূৰ্ততে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী। আৰক্ষীয়ে জব্দ কৰে জ্যোতিপ্ৰকাশ শৰ্মাৰ মাৰাণাস্ত্ৰ। আহত লোকজনৰ নাম মৃদুল বণিয়া বুলি জানিব পৰা গৈছে। তৰ্কাতৰ্কিত লিপ্ত হোৱাৰ পাছতে জ্যোতিপ্ৰকাশে মৃদুললৈ বুলি দুই জাঁই গুলী নিক্ষেপ কৰে। ফলত আঘাতপ্ৰাপ্ত হয় মৃদুল। ০.৩২ পিষ্টলেৰে জ্যোতিপ্ৰকাশে গুলীয়াই আহত কৰে মৃদুলক।

ইতিমধ্যে আঘাতপ্ৰাপ্ত মৃদুলক নলবাৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে। সামান্য কথাতে জ্যোতিপ্ৰকাশ শৰ্মা ওৰফে বাবাই নিজৰ পিষ্টলেৰে দুজাঁই গুলীৰে মৃদুল বণিয়া নামৰ যুৱকজনক প্ৰাণনাশৰ চেষ্টা চলোৱাৰ অভিযোগ। পূৰ্বেও নিজৰ অনুজ্ঞাপত্ৰ থকা পিষ্টলটোৰে সন্ত্ৰাস সৃষ্টি কৰিছিল জ্যোতিপ্ৰকাশ শৰ্মাই। এই কথা জানিবলৈ দিয়ে স্থানীয় লোকে। নিজৰ সুৰক্ষাৰ বাবে মৰাণস্ত্ৰ লৈ এতিয়া সমগ্ৰ অঞ্চলটোতে সন্ত্ৰাস সৃষ্টি কৰিছে অভিযুক্ত জ্যোতিপ্ৰকাশ শৰ্মাই। পূৰ্বে বহু ৰাজহুৱা স্থানত নিজৰ পিষ্টল কৈ উদ্যত হৈ উঠিছিল এইগৰাকী জ্যোতিপ্ৰকাশ শৰ্মা ওৰফে বাবা।

গুলীচালনাৰ ঘটনাৰ লগে লগে হুৱাদুৱা লাগে অঞ্চলটোত। মুহূৰ্ততে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী। আৰক্ষীয়ে জব্দ কৰে জ্যোতিপ্ৰকাশ শৰ্মাৰ মাৰাণাস্ত্ৰ। জ্যোতিপ্ৰকাশৰ বিৰুদ্ধে উচিত ব্যৱস্থা লোৱাৰ দাবী স্থানীয় ৰাইজৰ। অভিযোগ অনুসৰি দীৰ্ঘদিন ধৰি অঞ্চটোত এইদৰে পিষ্টলটোৰে সন্ত্ৰাস সৃষ্টি আহিছে জ্যোতিপ্ৰকাশে। যাৰ বাবে ভয়তে নিশা বাহিৰলৈ ওলাব নোৱাৰে কোনেও। সকলোৱে ওপৰতে পিষ্টলেৰে আক্ৰমণ চলাই জ্যোতিপ্ৰকাশ শৰ্মা ওৰফে বাবাই । সেয়েহে জ্যোতিপ্ৰকাশৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ প্ৰশাসনক আহ্বান ৰাইজৰ।ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে

 

 

এজন ব্যক্তিয়ে দৈনিক কিমান ঘণ্টা কাম কৰিব লাগে? বিজ্ঞানীয়ে দিলে সঠিক উত্তৰ
২০২৫-২৬ বিত্তীয় বৰ্ষৰ অসম বাজেটৰ কেইটামান গুৰুত্বপূৰ্ণ ঘোষণা...
গৌতম গম্ভীৰে কিমান পেঞ্চন লাভ কৰে জানেনে? শুনিলে হ'ব আচৰিত...
ফাইনেলত জয়ী হোৱাৰ পাছতো ভাৰতে চেম্পিয়নছ ট্ৰফী দেশলৈ আনিব নোৱাৰে, কাৰণ জানেনে?