১৯ মার্চত লাভ কৰিব চৰকাৰী ঘৰৰ প্ৰথম কিস্তি, থলুৱা শিপিনীসকলৰ বাবে গুৰুত্ব সিদ্ধান্ত ৰাজ্য চৰকাৰৰ

আজি জিলা আযুক্ত আৰু সমজিলা আয়ুক্তসকলৰ সৈতে পৰ্যালোচনা বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী ।অহা ১৯ মাৰ্চত ৰাজ্যৰ ৩,৮৮,৩৫৮ গৰাকী হিতাধিকাৰীয়ে লাভ কৰিব প্রধানমন্ত্রী আৱাস যোজনা গ্রামীণৰ অধীনত প্রথম কিস্তি ধনৰাশি । ইয়াৰ লগতে থলুৱা শিপিনীসকলক লৈয়ো গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য় চৰকাৰে ।

১৯ মার্চত লাভ কৰিব চৰকাৰী ঘৰৰ প্ৰথম কিস্তি, থলুৱা শিপিনীসকলৰ বাবে গুৰুত্ব সিদ্ধান্ত ৰাজ্য চৰকাৰৰ

মুখ্যমন্ত্ৰীৰ বৈঠক

Published: 

17 Mar 2025 22:56 PM

অহা ১৯ মাৰ্চত ৰাজ্যৰ ৩,৮৮,৩৫৮ গৰাকী হিতাধিকাৰীয়ে লাভ কৰিব প্রধানমন্ত্রী আৱাস যোজনা গ্রামীণৰ অধীনত প্রথম কিস্তি ধনৰাশি । ইয়াৰ লগতে থলুৱা শিপিনীসকলক লৈয়ো গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য় চৰকাৰে । মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই সোমবাৰে লোকসেৱা ভৱনৰ সভাকক্ষৰ পৰা জিলা আযুক্ত আৰু সমজিলা আয়ুক্তসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে এক বৈঠকত মিলিত হয়।

বৈঠকত অহা ১৯ মার্চ তাৰিখে প্রধানমন্ত্রী আৱাস যোজনা গ্রামীণৰ অধীনত ৰাজ্যখনৰ ৩,৮৮,৩৫৮ গৰাকী হিতাধিকাৰীলৈ প্রথম কিস্তি ধনৰাশিৰ অনুমোদন পত্র আনুষ্ঠানিকভাবে বিতৰণৰ সম্পৰ্কত জিলা আযুক্ত আৰু সমজিলা আয়ুক্তসকলৰ সৈতে পৰ্যালোচনা কৰে মুখ্যমন্ত্ৰীয়ে । বৈঠকত মুখ্যমন্ত্রীয়ে ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টি সামৰি হিতাধিকাৰীসকলক আঁচনিখনৰ অধীনত প্রথম কিস্তিৰ ধনৰাশিৰ অনুমোদন পত্র বিতৰণৰ ব্যৱস্থা কৰিবলৈ জিলা আযুক্ত আৰু সমজিলা আয়ুক্তসকলক নির্দেশ দিয়ে।

তেওঁ কয় যে, বিভাগৰ তৰফৰ পৰা এই অনুষ্ঠানসমূহত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰিবলগীয়া মন্ত্রী, সাংসদ, বিধায়ক তথা বিশিষ্ট ব্যক্তি সকলৰ তালিকা ইতিমধ্যে জিলা আয়ুক্ত আৰু সমজিলা আয়ুক্তসকললৈ প্ৰেৰণ কৰা হৈছে। মুখ্যমন্ত্রীয়ে এই অনুষ্ঠান আয়োজনৰ প্ৰস্তুতিৰ অগ্রগতি সম্পৰ্কত জিলা আযুক্ত আৰু সমজিলা আয়ুক্তসকলৰ পৰা বিতংভাৱে বুজ লয় । ইয়াৰ লগতে অহা কালিৰ ভিতৰত এই অনুষ্ঠানৰ বাবে প্ৰয়োজনীয় সকলো প্রস্তুতি সম্পূর্ণ কৰিবলৈ যাৱতীয় ব্যৱস্থা গ্রহণৰ পৰামৰ্শ দিয়ে মুখ্যমন্ত্ৰীয়ে।

মুখ্যমন্ত্রীয়ে এই বৈঠকতে জিলাসমূহত গামোচা বিতৰণ কাৰ্যসূচীৰ বিষয়েও বিতংভাবে আলোচনা কৰে। গামোচা বিতৰণ কাৰ্যসূচীৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, বজাৰত যাতে শিপিনীসকলে গামোচাৰ উচিত মূল্য পায় তাৰ বাবে অসম চৰকাৰে স্বনিৰ্ভৰশীল নাৰী নামৰ আঁচনিখন গ্রহণ কৰিছে। তেওঁ কয় যে, ৰাজ্য চৰকাৰে প্রত্যক্ষভাৱে শিপিনীসকলৰ পৰা গামোচা ক্রয় কৰাৰ বাবে এই আঁচনিখন গ্রহণ কৰিছে। ৰাজ্য চৰকাৰে প্ৰতি বছৰে এটা নির্দিষ্ট দামত গামোচা ক্রয় কৰিলে বজাৰতো শিপিনীসকলে গামোচাৰ উচিত মূল্য পোৱাটো নিশ্চিত হ’ব। মধ্যভোগীৰ পৰা গামোচাৰ বজাৰখন মুক্ত কৰাৰ বাবে এই আঁচনিখন গ্রহণ কৰা হৈছে বুলি কয় মুখ্যমন্ত্রীয়ে ।

তেওঁ কয় যে, চৰকাৰে এই বছৰ ৬.৫ লাখ গামোচা ক্ৰয় কৰিবলৈ সক্ষম হৈছে আৰু অহা বছৰ ১০ লাখ গামোচা ক্রয় কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে বুলিও কয় মুখ্যমন্ত্ৰীয়ে । জিলা আয়ুক্তসকলেও প্রত্যক্ষভাবে শিপিনীসকলৰ পৰা গামোচা ক্ৰয় কৰি চৰকাৰী কাৰ্যসূচীসমূহত এই গামোচাৰ ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ আগবঢ়ায় মুখ্যমন্ত্ৰীয়ে। ঝাৰখণ্ড, বিহাৰ, উত্তৰ প্ৰদেশ আদি ৰাজ্যসমূহতো গামোচাৰ সমাদৰ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰীয়ে বাহিৰৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলক অসমৰ পৰা গামোচা ক্রয়ৰ বাবে অনুৰোধ জনাইছে বুলি কয় ।

আজিৰ এই বৈঠকত পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ প্ৰধান সচিব জে বি এক্কা, মুখ্যমন্ত্ৰীৰ প্রধান সচিব কে কে দ্বিবেদী, পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ আযুক্ত কীর্তি জল্লীৰ লগতে উচ্চ পদস্থ বিষয়াসকল উপস্থিত থাকে।

৬৫০ গৰাকী যুৱতীৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰা এইজন খেলুৱৈৰ সৈতে যুৱৰাজৰ কাজিয়া...
অৱসৰক লৈ বিৰাট কোহলীয়ে ক’লে এইদৰে, অনুৰাগীৰ মাজত চলিছে ব্যাপক চৰ্চা
ফাকুৱাৰ দিনা হ'ব বছৰৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ! জানক ৰং খেলাটো শুভ নে অশুভ?
আৰ্থিক সমস্যাত ভুুগিছে নেকি? তেন্তে বেগত ৰাখক এই বস্তু...