ৰক্ষকেই ভক্ষক! নাবালিকাক যৌন নিৰ্যাতনৰ অভিযোগত কাৰাগাৰৰ আলহী হ’ল অসম আৰক্ষীৰ বিষয়া
৮ বছৰ পূৰ্বে এগৰাকী আৰক্ষী বিষয়াৰ বিৰুদ্ধে উত্থাপন হৈছিল যৌন নিৰ্যাতনৰ অভিযোগ। ২০১৮ চনত এগৰাকী মহিলাই আৰক্ষী বিষয়াগৰাকীৰ ৰিৰুদ্ধে আনিছিল এই গুৰুতৰ অভিযোগ। ৮ বছৰ ধৰি চলি আছিল এই গোচৰটো। অৱশেষত আজি সেই গোচৰটোৰ ৰায়দান দিয়ে আদালতে।

ৰক্ষকেই যদি ভক্ষক হয় সাধৰণ লোকক সুৰক্ষা দিব কোনে? আৰক্ষীৰ ওচৰতে থাকে ৰাইজৰ নিৰাপত্তাৰ বাঘজৰী। কিন্তু আৰক্ষীয়ে যদি এই নিৰপত্তাত বাধা হৈ আহে জনতাক ৰক্ষা কৰিব কোনে? আন ৰাজ্যত নহয় এইখন অসমতে সংঘটিত হৈছিল তেনে এক ঘটনা। ৮ বছৰ পূৰ্বে এগৰাকী আৰক্ষী বিষয়াৰ বিৰুদ্ধে উত্থাপন হৈছিল যৌন নিৰ্যাতনৰ অভিযোগ। সেই অভিযোগৰ ভিত্তিত জে’ললৈ প্ৰেৰণ কৰা হৈছে আৰক্ষী বিষয়াগৰাকীক। যৌন নিৰ্যাতনৰ গোচৰত অভয়াপুৰীৰ আৰক্ষী বিষয়া নিজামুদ্দিন ভূঞাক ৫ বছৰ সশ্ৰম কাৰাদণ্ডৰ ৰায়দান আদালতৰ।
২০১৮ চনতে সংঘটিত হৈছিল এটা জঘন্য ঘটনা। এগৰাকী আৰক্ষী বিষয়াৰ কু-কৰ্মৰ বলি হৈছিল এগৰাকী নাবালিকা। স্কুললৈ যোৱাৰ পথতে নাবালিকাৰ সৈতে জঘন্য কাণ্ড সংঘটিত কৰিছিল এইগৰাকী কলংকিত আৰক্ষী বিষয়াই। ২০১৮ চনত এগৰাকী মহিলাই আৰক্ষী বিষয়াগৰাকীৰ ৰিৰুদ্ধে আনিছিল এই গুৰুতৰ অভিযোগ। ৮ বছৰ ধৰি চলি আছিল এই গোচৰটো। অৱশেষত আজি সেই গোচৰটোৰ ৰায়দান দিয়ে আদালতে। অভয়াপুৰীস্থিত অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়ধীশ আদালতে দিলে গুৰুত্বপূৰ্ণ ৰায়।
অভিযুক্ত আৰক্ষী বিষয়াগৰাকীৰ নাম নিজামুদ্দিন বৰভূঞা। এইগৰাকী আৰক্ষী বিষয়াৰ বাবে এতিয়া প্ৰশ্ন উত্থাপন হৈছে সমগ্ৰ বিভাগটোৰ ওপৰত। নিজামুদ্দিন বৰভূঞাই কু-কাণ্ডই লজ্জানত কৰিলে ৰাজ্যবাসীৰ লগতে অসম আৰক্ষীক। যি সময়ত ৰাজ্যত সংঘটিত প্ৰতিটো অপৰাধৰ লৈ কঠোৰ হৈছে আৰক্ষী-প্ৰশাসন, সেই সময়তে পোহৰলৈ অহা এনে খবৰে চৰ্চা লাভ কৰিছে। সামাজিক মাধ্যমত বিভিন্নজনে প্ৰদান কৰিছে বিভিন্ন মন্তব্য।
কু-কাণ্ড কৰাৰ অভিযোগত POCSO আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছিল নিজামুদ্দিন বৰভূঞাক। এতিয়া ৮ বছৰৰ অন্তত POCSO আইনৰ অধীনত আৰক্ষী বিষয়া নিজামুদ্দিন বৰভূঞাক ৫ বছৰৰ জে’ললৈ প্ৰেৰণ কৰা হৈছে। বি কে নাথৰ আদলতে POCSO আইনৰ অধীনত আৰক্ষী বিষয়াগৰাকীক দোষী সাব্যস্ত কৰে। অভয়াপুৰীস্থিত অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়ধীশ ভুপেন কুমাৰ নাথে প্ৰদান কৰে ৰায়দান। বৰভূঞাক ৫০ হাজাৰ টকাৰ জৰিমনাও বিহিলে আদালতে। জৰিমনাৰ উপৰিও ৩ মাহ কাৰাবাস খাটিব লাগিব নিজামুদ্দিন বৰভূঞাই।