5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

নলবাৰীৰ হৰি মন্দিৰত ৰাস মহোৎসৱৰ আয়োজন, প্ৰথমবাৰৰ বাবে ভ্ৰাম্যমাণ থিয়েটাৰৰ টিকট অনলাইন যোগে পাব ৰাইজে

Nalbari Rash Theater Ticket Online Booking: কাইলৈৰ পৰা ৰাজ্যজুৰি আৰম্ভ হ’ব ৰাস মহোৎসৱ। আঘোণ মাহৰ পূৰ্ণিমা তিথিত আয়োজন কৰা হয় ৰাসলীলা। কি উজনি-কি নামনি, চৌদিশে গুঞ্জৰিত হ'ব মাথোঁ কৃষ্ণৰ বন্দনা। নামনিৰ নলবাৰী হৰি মন্দিৰত চলিছে ৰাসৰ পূৰ্ণ প্ৰস্তুতি। ভ্ৰাম্যমাণ থিয়েটাৰৰ নাট উপভোগ কৰিব বিচৰা দৰ্শকসকলৰ সুবিধাৰ্থে অনলাইনযোগে টিকট বুকিঙৰো ব্যৱস্থা কৰিছে শ্ৰীশ্ৰী হৰিমন্দিৰ ৰাস মহোৎসৱ পৰিচালনা সমিতিয়ে।

নলবাৰীৰ হৰি মন্দিৰত ৰাস মহোৎসৱৰ আয়োজন, প্ৰথমবাৰৰ বাবে ভ্ৰাম্যমাণ থিয়েটাৰৰ টিকট অনলাইন যোগে পাব ৰাইজে
নলবাৰীৰ হৰি মন্দিৰত ৰাস মহোৎসৱৰ আয়োজন
barasha-misra
Barasha Misra | Published: 14 Nov 2024 17:17 PM

Nalbari Rash Mahotsav 2024:  পূৰ্ণগতিত নলবাৰীৰ শ্ৰী শ্ৰী হৰি মন্দিৰৰ ৯১ সংখ্যক ৰাস মহোৎসৱৰ প্ৰস্তুতি। নামনি অসমৰ ৰাসৰ ভিতৰত অন্যতম নলবাৰীৰ হৰি মন্দিৰৰ ৰাস মহোৎসৱ। প্ৰথমবাৰৰ বাবে ভ্ৰাম্যমাণ থিয়েটাৰৰ টিকট অনলাইন যোগে দিয়াৰ ব্যৱস্থা ৰাস উদযাপন সমিতিৰ। আজি Online Ticket ব্যৱস্থাপনা মুকলি কৰে কেবিনেট মন্ত্ৰী তথা ৰাস উদযাপন সমিতিৰ সভাপতি জয়ন্ত মল্ল বৰুৱাই। অনলাইন থিয়েটাৰ টিকত বুকিঙৰ বাবে তলত দিয়া লিংকটোত ক্লিক কৰি আপোনাৰ পচন্দৰ থিয়েটাৰৰ টিকট বুক কৰিব পাৰে।

এতিয়া দৰ্শকে https://hari-mandir.web.app ৰ সহায়ত নিজৰ পছন্দৰ অভিনেতা-অভিনেত্ৰীয়ে অভিনয় কৰা থিয়েটাৰ চাব পাৰিব। সকলোপিনৰে পৰা সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে নলবাৰীৰ শ্ৰী শ্ৰী হৰি মন্দিৰ। আজি মন্দিৰত উপস্থিত হৈ ৰাসৰ প্ৰস্তুতিৰ বুজ ল’লে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। নলবাৰীৰ ৰাস মহোৎসৱত এইবাৰ সমাহাৰ ঘটিব মৃন্ময় মূৰ্তিৰ ৰাস, জীৱন্ত ৰাস আৰু পুতলা ৰাসৰ। ২০ আৰু ২১ নবেম্বৰত প্ৰদৰ্শন কৰা হ’ব জীৱন্ত ৰাসৰ। ৰাস মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব ৰামায়ণ ধাৰাবাহিকৰ ৰাম আৰু সীতাসহ কুৰিৰো অধিক শিল্পী।

১৫ নৱেম্বৰৰ পৰা ২৮ নৱেম্বৰলৈকে ১৪ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ৯১ সংখ্যক শ্ৰীশ্ৰী ৰাস মহোৎসৱ। প্ৰায় ১০ খনকৈ ভ্ৰাম্যমান থিয়েটাৰে প্ৰদৰ্শন কৰিব নাট। বৰদৈচিলা থিয়েটাৰে ২১ আৰু ২২ নৱেম্বৰত, কলাগুৰু থিয়েটাৰে ২১-২৩ নৱেম্বৰলৈ, ৰাজতিলক থিয়েটাৰে ২২-২৬ নৱেম্বৰলৈ, ইতিহাস থিয়েটাৰে ২৩-২৭ নৱেম্বৰলৈ, ৰাজমুকুট থিয়েটাৰে ২৩-২৭ নৱেম্বৰলৈ, বৃন্দাবন থিয়েটাৰে ২৩-২৬ নৱেম্বৰলৈ, ৰাজলক্ষ্মী থিয়েটাৰে ২৩-২৬ নৱেম্বৰলৈ, থিয়েটাৰ সূর্যই ২৪-২৭ নৱেম্বৰলৈ, ৰাজধানী থিয়েটাৰে ২৪-২৭ নৱেম্বৰলৈ আৰু হেঙুল থিয়েটাৰে ২৫-২৭ নৱেম্বৰলৈ নাট মঞ্চস্থ কৰিব নাট। ইয়াৰোপৰি থাকিব কণ্ঠশিল্পী জয় বৰুৱাৰ গীতৰ শৰাই।

প্ৰতিবছৰৰ দৰে এইবাৰো নলবাৰী চহৰস্থিত ঐতিহ্যমণ্ডিত হৰি মন্দিৰত অসম প্ৰকাশন পৰিষদৰ দ্বাৰা গ্ৰন্থমেলা, বাণিজ্য মেলা আদিও থাকিব। ৰাসৰ শান্তি-শৃংখলাৰ দিশটো চোৱা-চিতাৰ দায়িত্বত নিয়োজিত থাকিব হাজাৰোধিক স্বেচ্ছাসেৱক আৰু একেলগে ৫হাজাৰ লোক।

উল্লেখ্য যে, উজনি আৰু নামনিৰ ৰাসৰ মাজত বহু পাৰ্থক্য দেখিবলৈ পোৱা যায়। উজনিৰ ৰাস অভিনয়কেন্দ্ৰিক আৰু নামনিৰ ৰাস মূৰ্তিকেন্দ্ৰিক। শ্ৰীকৃষ্ণৰ বিভিন্ন কৰ্মৰাজিক মৃণ্ময় মূৰ্তিসমূহৰ মাজেৰে সজাই তুলি প্ৰদৰ্শন কৰা হয়। কালীয় দমন, পুতুনা বধ, দধিমথন, কংসবধ, বৃন্দাবনৰ ৰঅসলীলা আদি মৃণ্ময় মূৰ্তিসমূহৰ জৰিয়তে উপস্থাপন কৰা হয়। ঠাইভেদে ৰাস মহোৎসৱৰ লগত সংগতি ৰাখি ঢুলীয়া, ওজাপালি খোলা গান (অপেছাদাৰী নাট), নাম-প্ৰসংগ আদি পালন কৰা হয়।

Latest News