Diwali 2024: দেৱালীত কেইবাবছৰ ধৰি আতচবাজীৰ পৰা বিৰত থকা এখন গাওঁ, সেউজীয়া দীপাৱলী পালনৰ বাবে প্ৰতিজ্ঞাবদ্ধ সকলো | For the past few years a village in Assam has been observing a green Diwali avoiding firecrackers Assam news - Assam Tv9

Diwali 2024: দেৱালীত কেইবাবছৰ ধৰি আতচবাজীৰ পৰা বিৰত থকা এখন গাওঁ, সেউজীয়া দীপাৱলী পালনৰ বাবে প্ৰতিজ্ঞাবদ্ধ সকলো

কালী পূজা আৰু পোহৰৰ উৎসৱ দীপাৱলীলৈ মাজত মাত্ৰ দুদিন। কাৰখানাত তৈয়াৰ কৰিছে নান তৰহৰ আতচবাজী। দীপাৱলীত ফটকা, আটচবাজীৰ নামত ধোৱাত উৰি যাব কোটি কোটি টকা । কিন্তু ইয়াৰ মাজতে ব্যতিক্ৰমী ৰূপত ঠিয় দিছে গহপুৰৰ গোপাল জাৰনীৰ ৰাইজ ।

Diwali 2024: দেৱালীত কেইবাবছৰ ধৰি আতচবাজীৰ পৰা বিৰত থকা এখন গাওঁ, সেউজীয়া দীপাৱলী পালনৰ বাবে প্ৰতিজ্ঞাবদ্ধ সকলো

দেৱালীত কেইবাবছৰ ধৰি আতচবাজীৰ পৰা বিৰত থকা এখন গাওঁ

Published: 

28 Oct 2024 13:55 PM

সমাগত পোহৰৰ উৎসৱ দীপাৱলী আৰু কালী পূজা।  সমগ্ৰ ৰাজ্য, দেশ পোহৰৰ ৰঙেৰে সাজি উঠে এই উৎসৱত ৷ প্রত্যেক ঘৰে ঘৰে সাজি উঠে চাকিৰ পোহৰেৰে। মানুহৰ ঘৰৰ লগতে মনবোৰো পোহৰ হৈ পৰে। কাতি মাহৰ অমৱস্যা তিথিত দীপান্বিতাৰ লগতে উদযাপন কৰা হয়। এতিয়া মাটিৰ সামগ্ৰী প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে মৃৎশিল্পীসকল। দীপাৱলীলৈ মাজত মাথোঁ দুটা দিন থকাৰ সময়তে পোহৰলৈ আহিছে এখন গাঁৱৰ কাহিনী।

ব্যতিক্ৰমী ৰূপত গহপুৰৰ এখন গাওঁ। অগ্নিক সাক্ষী কৰি ফটকা নুফুটুৱাৰ সংকল্প লৈছে ৰাইজে। চৌদিশে এতিয়া উপলব্ধ হৈছে ফটকা, বিভিন্ন প্ৰকাৰৰ আটচবাজীৰ বিক্ৰী । কাৰখানাত তৈয়াৰ কৰিছে নান তৰহৰ আতচবাজী। দীপাৱলীত ফটকা, আটচবাজীৰ নামত ধোৱাত উৰি যাব কোটি কোটি টকা । কিন্তু ইয়াৰ মাজতে ব্যতিক্ৰমী ৰূপত ঠিয় দিছে গহপুৰৰ গোপাল জাৰনীৰ ৰাইজ । এই গাঁৱখনৰ ৰাইজে দীপাৱলীত বিগত ৭-৮ বছৰ ধৰি ফটকা,আতচবাজী ফুটুৱাৰ পৰা বিৰত থাকি পৰিৱেশ বিনষ্ট হোৱাৰ পৰা ৰক্ষা কৰিছে। এগছিকৈ চাকি জ্বলাই সেউজীয়া দীপাৱলী পালনৰ বাবে প্ৰতিজ্ঞাবদ্ধ স্থানীয় ৰাইজ।

এই অঞ্চলৰ পৰা কাজিৰঙা নিচেই ওচৰত হোৱা বাবে প্ৰতিবছৰে কাজিৰঙাৰ জীৱ-জন্তুৰ সুৰক্ষাৰ স্বাৰ্থত এই সুন্দৰ পদক্ষেপ গ্ৰহণ কৰি আহিছে। দীপাৱলীত ফটকা ফুটালে কাজিৰঙাৰ জীৱ-জন্তু, চৰাই-চিৰিকটি ভয় খোৱাৰ সম্ভাৱনা থাকে। ইয়াৰোপৰি গাঁৱখনৰ কোনো দোকানত যাতে ফটকাৰ বিক্ৰী নহয় আৰু সৰু ল’ৰা-ছোৱালীৰ কোনো অনিষ্ট নহয় তাৰ প্ৰতিও লক্ষ্য ৰাখিছে।

গাঁৱৱাসীয়ে কি কয়?

গাঁৱৰ ৰাইজৰ মতে, যিদৰে জীৱ-জন্তুবোৰে আমাৰ অনিষ্ট কৰা নাই, গতিকে আমিও অনিষ্ট কৰা উচিত নহয়। আমি ওচৰে-পাজৰে থকা সকলো জীৱ-জন্তুক আমাৰ বন্ধু বুলি ভাবো। ইয়ালৈ কাজিৰঙাৰ পৰা গঁড়, হৰিণা,গাহৰিৰ লগতে বহু জীৱ-জন্তু আহে। কিন্তু এই বন্যপ্ৰাণীসমূহে আমাক ভয় নকৰে আৰু আমিও ভয় নকৰো আৰু তেওঁলোকক নেখেদো। আমি প্ৰায় ৭-৮ বছৰ ধৰি ফটকা বা কোনোধৰণৰ আতচবাজী নুফুটাই সেউজ দীপাৱলী পালন কৰি আহিছোঁ। ইয়াত থকা দোকানবোৰৰ ওপৰতো ফটকা বিক্ৰী নিষেধাজ্ঞা আছে। ল’ৰা-ছোৱালীয়ে যাতে এইবোৰ কিনি ফুটাব নোৱাৰে তাৰ ওপৰতো আমি নজৰ দিও।

উল্লেখ্য যে , ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ এই গাঁৱখনৰ ৰাইজে দিপাৱলীত ফটকা ফুটালে ইয়াৰ শব্দৰ সৈতে পূৰ্ণ সুযোগ লৈ চোৰাং চিকাৰীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জীৱ – জন্তু বিশেষ কৈ গঁড় গুলীয়াই নিধন কৰাৰ সম্ভাৱনা থাকে । সেই বাবেই গোপাল জাৰনীৰ ৰাইজে অগ্নিক সাক্ষী কৰি ফটকা নুফুটুৱাৰ বাবে প্ৰতিজ্ঞাবদ্ধ হৈছে ৷

শুভ ফল লাভৰ বাবে ঘৰৰ এই দিশত ৰোপণ কৰক এজোপা তুলসী গছ
মানস ৰাষ্ট্ৰীয় উদ্যানত পুনৰ দেখা গ'ল এছিয়াটিক সোণালী মেকুৰী...
শীতকালত শুকান ছালৰ যত্ন কিদৰে ল’ব?
শচীন-ৰোহিত নহয়, এইগৰাকী তাৰকাৰ নামত আছে অপেনাৰ হিচাপে সৰ্বাধিক শতকৰ অভিলেখ