পুনৰ সীমান্তৰ পৰা বিতাৰিত কৰা হ’ল চাৰি বাংলাদেশী অনুপ্ৰৱেশকাৰীক…
শেহতীয়াকৈ পুনৰ চাৰি বাংলাদেশী নাগৰিকৰ অনুপ্ৰৱেশত বাধা প্ৰদান কৰিছে অসম আৰক্ষীয়ে । অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰা এই চাৰিজন বাংলাদেশীক অসম আৰক্ষীয়ে বাধা দিয়াৰ তথ্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।
অবিৰতভাৱে সীমান্তৰে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰা বাংলাদেশী নাগৰিকক বাধা প্ৰদান কৰি আহিছে অসম আৰক্ষীয়ে । মনকৰিবলগীয়া যে, বিশেষকৈ বাংলাদেশত ৰাজনৈতিক অস্থিৰতা সৃষ্টি হোৱাৰে পৰা বাংলাদেশী নাগৰিকৰ ভাৰতত অনুপ্ৰৱেশৰ চেষ্টা বৃদ্ধি পাবলৈ ধৰিছে । ইয়াৰ মূলতে দেশখনত কৰ্ম সংস্থাপনৰ অভাৱ আৰু আৰ্থিক সংকটৰ বাবে ভাৰতত সেই দেশৰ নাগৰিকৰ অনুপ্ৰৱেশ বৃ্দ্ধি পাবলৈ ধৰিছে বুলি চৰ্চা হৈছে ।
ইয়াৰ মাজতে শেহতীয়াকৈ পুনৰ চাৰি বাংলাদেশী নাগৰিকৰ অনুপ্ৰৱেশত বাধা প্ৰদান কৰিছে অসম আৰক্ষীয়ে । উল্লেখ্য যে, সীমান্তত অসম আৰক্ষীয়ে বাংলাদেশীৰ অনুপ্ৰৱেশত বাধা দিয়া খবৰ প্ৰায়ে সামাজিক মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰি আহিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰা এই চাৰিজন বাংলাদেশীক অসম আৰক্ষীয়ে বাধা দিয়াৰ তথ্যও প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে ।
Zero Tolerance for Illegal Infiltration
Under strict vigil along the international border, four Bangladeshi nationals were apprehended by @assampolice near the border and pushed back.
🇧🇩 Md. Habil
🇧🇩 Md. Jakariya
🇧🇩 Md. Naim
🇧🇩 Md. Aliul SK pic.twitter.com/hR5C2SfH4U— Himanta Biswa Sarma (@himantabiswa) January 20, 2025
মুখ্যমন্ত্ৰী গৰাকীয়ে সামাজিক মাধ্যমত উল্লেখ কৰিছে যে, সীমান্তত বাংলাদেশীৰ অনুপ্ৰৱেশত বাধা দিবলৈ কঠোৰ সতৰ্কতাৰ অৱলম্বন কৰিছে অসম আৰক্ষীয়ে । সেই দেশৰ পৰা কোনো নাগৰিকে যাতে ভাৰতত অবৈধভাৱে প্ৰৱেশ কৰিব নোৱাৰে তাৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে ৰাজ্যৰ আৰক্ষীয়ে । ইয়াৰ অংশ হিচাপে পুনৰ অনুপ্ৰৱেশৰ চেষ্টা কৰা চাৰি বাংলাদেশীক আটক কৰি পুনৰ বিতাৰিত কৰিছে আৰক্ষীয়ে ।
এক্স হেণ্ডেলৰ এটা পোষ্টৰ জৰিয়তে মুখ্যমন্ত্ৰী গৰাকীয়ে জানিবলৈ দিছে যে, এই বাংলাদেশী নাগৰিক কেইজনৰ নাম হৈছে মঃ হাবিল, মঃ জকাৰিয়া, মঃ নাইম আৰু মঃ আলিউল এছ কে। উল্লেখ্য যে, কোনখন জিলাৰ পৰা এই কেইজন অনুপ্ৰৱেশকাৰীক ঘূৰাই পঠিওৱা হৈছিল সেই কথা স্পষ্ট কৰা নাই এক্স হেণ্ডেলৰ পোষ্টটোত ।
তেওঁ কয়, ‘অবৈধ অনুপ্ৰৱেশৰ বাবে শূন্য সহনশীলতা স্থিতি গ্ৰহণ কৰা হৈছে । আন্তঃৰাষ্ট্ৰীয় সীমান্তত কঠোৰ সতৰ্কতাৰ ব্য়ৱস্থাৰ অধীনত সীমান্তৰ ওচৰত অসম আৰক্ষীয়ে চাৰিজন বাংলাদেশী নাগৰিকক আটক কৰি পুনৰ বিতাৰিত কৰে ।’ এক্স হেণ্ডেলৰ পোষ্টটোত এইদৰে কয় মুখ্যমন্ত্ৰী শৰ্মাই ।
তথ্য অনুসৰি, চুবুৰীয়া দেশখনত ৰাজনৈতিক অস্থিৰতা সৃষ্টি হোৱাৰ পৰা অসমৰ পক্ষৰ পৰা ২১০ জনৰো অধিক অনুপ্ৰৱেশকাৰীক বাধা প্ৰদান কৰা হৈছে । অবৈধভাৱে প্ৰৱেশ কৰিবলৈ চেষ্টা সময়তে তেওঁলোকক আটক কৰি বিতাৰিত কৰা হৈছে । ইয়াৰ সমান্তৰালভাৱে উত্তৰত ১৮৮৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ ভাৰত-বাংলাদেশ সীমান্তত কঠোৰ সতৰ্কতা অৱলম্বন কৰা কৰিছে ৰাজ্যিক আৰক্ষীৰ লগতে সীমান্ত সুৰক্ষা বাহিনীয়ে ।