অসম আৰক্ষীয়ে অধিক সতৰ্কতা অৱলম্বন কৰাৰ মাজতে চাৰি বাংলাদেশীৰ অনুপ্ৰৱেশৰ চেষ্টা…!

পুনৰ বাংলাদেশী নাগৰিকক অসম আৰক্ষীয়ে আটক কৰা খবৰ প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে । মুখ্য়মন্ত্ৰীয়ে জানিবলৈ দিছে যে, সোমবাৰে মাজনিশা অনুপ্ৰৱেশৰ চেষ্টা কৰা চাৰি বাংলাদেশীক আটক কৰে অসম আৰক্ষীয়ে । তাৰ পাছতে পুনৰ তেওঁলোকৰ বিতাড়নৰ ব্যৱস্থা কৰে আৰক্ষীয়ে ।

অসম আৰক্ষীয়ে অধিক সতৰ্কতা অৱলম্বন কৰাৰ মাজতে চাৰি বাংলাদেশীৰ অনুপ্ৰৱেশৰ চেষ্টা...!

ভাৰত-বাংলাদেশ সীমান্ত

Updated On: 

11 Mar 2025 15:18 PM

আজিও বাংলাদেশৰ নাগৰিকৰ অনুপ্ৰৱেশৰ চেষ্টা অব্যাহত আছে । বিশেষকৈ চুবুৰীয়া দেশখনৰ ৰাজনৈতিক অস্থিৰতা সৃষ্টি হোৱাৰে পৰা সেই দেশৰ নাগৰিকে ভাৰতত অনুপ্ৰৱেশৰ চেষ্টা অব্যাহত ৰাখিছে । এইলৈ ভাৰত-বাংলাদেশ সীমান্তত বিএছএফৰ লগতে অসম আৰক্ষীয়ে অনুপ্ৰৱেশকাৰীক বাধা দিবৰ বাবে অধিক সতৰ্কতা অৱলম্বন কৰিছে । ইয়াৰ অংশ হিচাপে প্ৰত্যেক দিনেই বাংলাদেশৰ অনুপ্ৰৱেশকাৰীক আটক কৰি বিতাড়ন কৰিবলৈও সক্ষম হৈছে আৰক্ষীয়ে । ইফালে নিয়মীয়াকৈ ৰাজ্য়ৰ মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্য়মৰ জৰিয়তে বাংলাদেশীক আটক খবৰ প্ৰকাশ কৰি আহিছে ।

শেহতীয়াকৈ পুনৰ চাৰি বাংলাদেশী নাগৰিকক অসম আৰক্ষীয়ে আটক কৰা খবৰ প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে । মুখ্য়মন্ত্ৰীয়ে জানিবলৈ দিছে যে, সোমবাৰে মাজনিশা অনুপ্ৰৱেশৰ চেষ্টা কৰা চাৰি বাংলাদেশীক আটক কৰে অসম আৰক্ষীয়ে । তাৰ পাছতে পুনৰ তেওঁলোকৰ বিতাড়নৰ ব্যৱস্থা কৰে আৰক্ষীয়ে । লগতে আটক কৰা বাংলাদেশী নাগৰিক কেইজন আব্দুল কবীৰ, বধিউৰ ৰহমান, মঃ টায়ুব আৰু আব্দুল কালাম বুলি চিনাক্ত কৰাৰ কথা সদৰী কৰিছে মুখ্যমন্ত্ৰীয়ে ।

মুখ্য়মন্ত্ৰীয়ে সামাজিক মাধ্যম এক্স হেণ্ডেলত কয়, ” পুনৰ ৪ জন অবৈধ অনুপ্ৰৱেশকাৰীক আটক কৰি বিতাড়িত কৰা হৈছে । অনুপ্ৰৱেশকাৰীক বাধা দিবলৈ প্ৰচেষ্টা অব্য়াহত ৰাখিছে অসম আৰক্ষীয়ে ।” উল্লেখ্য যে, মুখ্য়মন্ত্ৰী শৰ্মাই অৱশ্যে বাংলাদেশী অনুপ্ৰৱেশকাৰী কেইজনক কোন ঠাইত আটক কৰা হৈছিল বা কোন সীমান্তৰে বিতাড়িত কৰা হৈছিল সেই কথা উল্লেখ কৰা নাই।

ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে দাবী কৰিছিল যে, বিগত সাত মাহত বাংলাদেশৰ পৰা অনুপ্ৰৱেশৰ চেষ্টা কৰা ৩০৫ জন অনুপ্ৰৱেশকাৰীক আটক কৰি নিজৰ দেশলৈ ঘূৰাই পঠিওৱা হৈছে আৰু লগতে “অনুপ্ৰৱেশমুক্ত অসম”ৰ প্ৰতি দায়বদ্ধতাৰে অসম চৰকাৰে কাম কৰি আছে বুলি দাবী কৰিছিল মুখ্যমন্ত্ৰীয়ে ।

যোৱা বছৰ চুবুৰীয়া দেশখনত অস্থিৰতা সৃষ্টি হোৱাৰ পাছৰে পৰা উত্তৰ-পূবৰ ১৮৮৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ ভাৰত-বাংলাদেশ সীমান্তত বি এছ এফে সতৰ্কতা তীব্ৰতৰ কৰি তুলিছে। একে সময়তে অসম আৰক্ষীয়েও যাতে কোনো লোকে অবৈধভাৱে ৰাজ্যখনত প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে সীমান্তত হাই এলাৰ্ট বজাই ৰাখিছে ।

এজন ব্যক্তিয়ে দৈনিক কিমান ঘণ্টা কাম কৰিব লাগে? বিজ্ঞানীয়ে দিলে সঠিক উত্তৰ
২০২৫-২৬ বিত্তীয় বৰ্ষৰ অসম বাজেটৰ কেইটামান গুৰুত্বপূৰ্ণ ঘোষণা...
গৌতম গম্ভীৰে কিমান পেঞ্চন লাভ কৰে জানেনে? শুনিলে হ'ব আচৰিত...
ফাইনেলত জয়ী হোৱাৰ পাছতো ভাৰতে চেম্পিয়নছ ট্ৰফী দেশলৈ আনিব নোৱাৰে, কাৰণ জানেনে?