কেৱল সংঘাত নহয়, আছে মৰম! গভীৰ নিশা পুখুৰীত আৱদ্ধ বন্যহস্তীৰ জাকক উদ্ধাৰ কৰিলে ৰাইজে
ঘটনা অনুসৰি তিতাবৰ বান্দৰচলিয়া চামগুৰি কাঢ়শলি অঞ্চলৰ প্ৰায় ৪ ফুট দ এটি পৰিত্যক্ত পানীভৰ্তি পুখুৰীত পৰিছিল ৪টাকৈ বন্যহস্তী। পুখুৰীটোত কেইবাঘণ্টা ধৰি আবদ্ধ হৈ পৰিছিল ৪ টাকৈ বন্যহস্তী। এখন ক্ষুদ্ৰ চাহ বাগিচাৰ মাজৰ পৰিত্যক্ত পুখুৰীত বিয়লিৰ পৰা গভীৰ নিশা পর্যন্ত বোকা পানীৰ মাজত আবদ্ধ হৈ পৰে বন্যহস্তীকেইটা। তাৰ ভিতৰত এটি পোৱালী হাতীও আছিল।
ৰাজ্যৰ চৌদিশে এতিয়া হাতী-মানুহৰ সংঘাত। কৰবাত যদি হাতত দা-লাঠি লৈ ৰাইজে মাজনিশা হাতী খেদিছে, কৰবাত আকৌ হাতীয়ে মানুহ মাৰিছে। বন্যহস্তীয়ে তহিলং কৰিছে বহুতৰে ঘৰ-বাৰী, খেতিপথাৰ। যাৰ বাবে বহু ঠাইত বিনিদ্ৰ ৰজনী কটাইছে ৰাইজে। কিন্তু ইয়াৰ মাজতে আহিছে এটা ভাল লগা খবৰ। তিতাবৰত দেখা গৈছে এক বিপৰীত দৃশ্য। য’ত ৰাইজে ৰক্ষা কৰিলে ৪টাকৈ বন্যহস্তীৰ প্ৰাণ। যি এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে।
ঘটনা অনুসৰি তিতাবৰ বান্দৰচলিয়া চামগুৰি কাঢ়শলি অঞ্চলৰ প্ৰায় ৪ ফুট দ এটি পৰিত্যক্ত পানীভৰ্তি পুখুৰীত পৰিছিল ৪টাকৈ বন্যহস্তী। পুখুৰীটোত কেইবাঘণ্টা ধৰি আবদ্ধ হৈ পৰিছিল ৪ টাকৈ বন্যহস্তী। এখন ক্ষুদ্ৰ চাহ বাগিচাৰ মাজৰ পৰিত্যক্ত পুখুৰীত বিয়লিৰ পৰা গভীৰ নিশা পর্যন্ত বোকা পানীৰ মাজত আবদ্ধ হৈ পৰে বন্যহস্তীকেইটা। তাৰ ভিতৰত এটি পোৱালী হাতীও আছিল। প্ৰাপ্ত তথ্য অনুসৰি মৰিয়ণিৰ গিবন অভৰায়ণ্যৰ পৰা খাদ্য তথা পানীৰ সন্ধানত জনাঞ্চললৈ ওলাই অহাৰ সময়তে পানীভৰ্তি পুখুৰীটোত পৰি যায় হাতী কেইটা।
তাৰ পাছতে বিপদগ্ৰস্ত বন্যহস্তীকেইটাক উদ্ধাৰ কৰিবৰ বাবে তৎকালীনভাৱে খবৰ দিছিল বন বিভাগক স্থানীয় ৰাইজে। কিন্তু খবৰ দিয়াৰ পিছতো বন বিভাগৰ লোক বহু পলমকৈ উপস্থিত হোৱাৰ অভিযোগ ৰাইজৰ। বহু সময় বন বিভাগলৈ অপেক্ষা কৰাৰ পাছত বন্যহস্তীকেইটা উদ্ধাৰৰ কাম আৰম্ভ কৰে ৰাইজে। সাহস আৰু তৎপৰতাৰে বহু সময়জুৰি কোৰ , চিপৰাঙেৰে আদিৰ সহায়ত পুখুৰীটোৰ পাৰ কাটি হাতীকেইটাক সুকলমে উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
গভীৰ নিশা এইদৰে বিপদগ্ৰস্ত হাতীকেইটা উদ্ধাৰ কৰি স্বস্তিৰ নিশ্বাস পেলাই অঞ্চলবাসীয়ে। লগতে যথাসময়ত বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত নোহোৱাৰ উপৰিও হাতী উদ্ধাৰ কৰিবৰ বাবে এখন এক্সকেভেটৰৰ ব্যৱস্থা কৰা বুলি ঘোষণা কৰাৰ পিছতো নিশা পৰ্যন্ত উক্ত এক্সকেভেটৰখন ঘটনাস্থলীলৈ আনি নিদিয়াত স্থানীয় ৰাইজৰ মাজত ব্যাপক মাত্ৰাত ক্ষোভৰ সৃষ্টি হয়।
উল্লেখ্য যে, মৰিয়ণিৰ গিবন অভৰায়ণ্যৰ পৰা খাদ্যৰ সন্ধানত তিতাবৰৰ জনাঞ্চললৈ ওলাই আহে বন্যহস্তীৰ জাক। এইদৰে প্ৰায় ৭০ জনীয়া বন্যহস্তীৰ এটি জাকে তিতাবৰৰ বান্দৰচলিয়া , লেটকুজান , ৰঙাজান , বৰচৈকটা , ধলি আদি অঞ্চলত অব্যাহত ৰাখিছে উপদ্ৰৱ। তহিলং কৰিছে ঘৰ-বাৰী, খেতিপথাৰ।