কৰিম কিম্বা মৰিম: দেশৰ স্বাধীনতাৰ বাবে বৃটিছৰ গুলী বুকু পাতি লোৱা কনকলতা বৰুৱাৰ আজি মৃত্যু বাৰ্ষিকী | freedom fighter martyr kanaklata baruahs death anniversary Assam news - Assam Tv9

কৰিম কিম্বা মৰিম: দেশৰ স্বাধীনতাৰ বাবে বৃটিছৰ গুলী বুকু পাতি লোৱা কনকলতা বৰুৱাৰ আজি মৃত্যু বাৰ্ষিকী

Updated On: 

20 Sep 2024 11:33 AM

বৃটিছৰ থানাত ভাৰতৰ পতাকা উত্তোলন কৰিবলৈ গৈ ইংৰাজ বাহিনীৰ গুলী বুকু পাতি লৈছিল কনকলতা বৰুৱাই। গহপুৰ থানাৰ সন্মুখত ব্ৰিটিছৰ গুলীত ছহিদ হৈছিল কনকলতা বৰুৱা৷ ইতিহাসৰ পাতত আজিও সোণালী আখৰেৰে লিপিবদ্ধ হৈ আছে কনকলতা বৰুৱাৰ গাঁথা ৷ ১৯৪২ৰ ভাৰত ত্যাগ আন্দোলনৰ অসমৰ ছহিদসকলৰ ভিতৰত কনিষ্ঠ মহিলা তথা প্ৰথমগৰাকী মহিলা আছিল কনকলতা বৰুৱা।

কৰিম কিম্বা মৰিম: দেশৰ স্বাধীনতাৰ বাবে বৃটিছৰ গুলী বুকু পাতি লোৱা কনকলতা বৰুৱাৰ আজি মৃত্যু বাৰ্ষিকী

আজি ছহিদ কনকলতা বৰুৱাৰ মৃত্যু বাৰ্ষিকী

Follow Us On

দেশৰ স্বাধীনতাৰ যুঁজত তেজেৰে ৰঙালী হৈছিল ভাৰতৰ লগতে অসম ভূমি ৷ বৃটিছৰ থানাত ভাৰতৰ পতাকা উত্তোলন কৰিবলৈ গৈ ইংৰাজ বাহিনীৰ গুলী বুকু পাতি লৈছিল কনকলতা বৰুৱাই। গহপুৰ থানাৰ সন্মুখত ব্ৰিটিছৰ গুলীত ছহিদ হৈছিল কনকলতা বৰুৱা৷ ইতিহাসৰ পাতত আজিও সোণালী আখৰেৰে লিপিবদ্ধ হৈ আছে কনকলতা বৰুৱাৰ গাঁথা ৷ ১৯৪২ৰ ভাৰত ত্যাগ আন্দোলনৰ অসমৰ ছহিদসকলৰ ভিতৰত কনিষ্ঠ মহিলা তথা প্ৰথমগৰাকী মহিলা আছিল কনকলতা বৰুৱা। এই বিশেষ দিনটোত শ্ৰদ্ধাৰে বীৰ ছহিদ কনকলতা বৰুৱাক সুৱঁৰিছে তেখেতৰ পৰিয়ালবৰ্গ তথা ৰাজ্যবাসীয়ে।

১৯২৪ চনৰ ২২ ডিচেম্বৰত তেতিয়াৰ অভিভক্ত দৰং জিলাৰ গহপুৰত জন্মগ্ৰহণ কৰিছিল অসমৰ প্ৰথমগৰাকী মহিলা ছহিদ কনকলতা বৰুৱাই (Kanaklata Baruah first woman martyr of Assam) ৷ তেওঁৰ পিতৃ আছিল কৃষ্ণকান্ত বৰুৱা আৰু মাতৃ আছিল কনকেশ্বৰী বৰুৱা ৷ সৰুতেই ঘাট মাউৰা হোৱা কনকলতা আৰু তেওঁৰ দুই ভাতৃ-ভগ্নীয়ে ডাঙৰ-দীঘল হৈছিল ককাক আৰু খুৰাকৰ লগত ৷ সৰুৰে পৰা কনকলতা আছিল সকলোৰে আদৰৰ ৷

সেই সময়খিনিত জাতিৰ পিতা মহাত্মা গান্ধীৰ নেতৃত্বত আৰম্ভ হৈছিল ভাৰত ত্যাগ আন্দোলন ৷ আন্দোলনৰ ঢৌৱে বাৰুকৈ চুই গৈছিল কনকলতাৰ কুমলীয়া মনটোকো ৷ তেতিয়া কনকলতা আছিল ১৮ বছৰীয়া গাভৰু ৷ ১৯৪২ চনৰ ৮ আগষ্টত বোম্বেত বহা এখন সভাত মহাত্মা গান্ধীয়ে ইংৰাজৰ বিৰুদ্ধে ভাৰত ত্যাগৰ প্ৰস্তাৱ ঘোষণা কৰিলে ৷

তেজপুৰত সেই আন্দোলন আগুৱাই নিয়াৰ দায়িত্বভাৰ গ্ৰহণ কৰিছিল জ্যোতিপ্ৰসাদ আগৰৱালাই ৷ জোতিপ্ৰসাদ আগৰৱালাৰৰ নেতৃত্বত ১৯৪২ চনৰ ২০ ছেপ্টেম্বৰ তাৰিখে ভাৰতীয় জাতীয় কংগ্ৰেছৰ অসম শাখাই গহপুৰ, বিহালী, চতিয়া আৰু ঢেকীয়াজুলি থানাত উত্তোলিত হৈ থকা ব্ৰিটিছৰ পতাকা নমাই তাৰ ঠাইত ভাৰতৰ জাতীয় পতাকা উত্তোলন কৰাৰ আঁচনি গ্ৰহণ কৰিছিল। সেই মৰ্মে গহপুৰ থানাত ভাৰতীয় পতাকা উত্তোলন কৰিবলৈ আগভাগ লৈছিল কলকলতা বৰুৱাই।

উল্লেখ্য যে, ইংৰাজ বাহিনীৰ গুলীত কনকলতা বাগৰি পৰাৰ পিছতে মুকুন্দ কাকতিয়ে ভাৰতীয় জাতীয় কংগ্ৰেছৰ পতাকাখন তুলি ল’বলৈ চেষ্টা কৰোতে পুলিচৰ গুলীত তেওঁ একে স্থানতে ছহিদ হয় । কনকলতা বৰুৱা আৰু মুকুন্দ কাকতি ছহিদ হোৱা স্থানতে বৰ্তমানৰ গহপুৰ নগৰৰ মাজমজিয়াত গহপুৰ আৰক্ষী থানাৰ সম্মুখৰ বৰপুখুৰীৰ পাৰত তেওঁলোকৰ স্মৃতিত ব্ৰঞ্জেৰে নিৰ্মিত পূৰ্ণাবয়ব মূৰ্তি যুগল প্ৰতিষ্ঠিত হৈ আছে ।তেওঁলোকৰ উপৰিও প্ৰাণ আহুতি দিছিল ভোগেশ্বৰী ফুকননী, কুমলী দেৱী, তিলেশ্বৰী বৰুৱা, মনবৰ নাথ আৰু কমলা মিৰিয়ে।

পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
এই জন্তুবোৰে কৰে আত্মহত্যা, তালিকাত কাৰ নাম?
ওজন হ্ৰাসৰ বাবে উপকাৰী সেউজীয়া পাচলিৰ ৰস
ঘৰৰ মূল দুৱাৰত ওলোমাই দিয়ক এই বিধ বস্তু, ধনেৰে উপচি পৰিব...
Exit mobile version