শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

অসমবাসীক ভোগালী বিহুৰ ওলগ জনালে প্ৰধানমন্ত্ৰীৰ পৰা আৰম্ভ কৰি ইউনেস্কৰ সহকাৰী সচিব প্ৰধান লৈ বিভিন্নজনে

আজি অসমীয়াৰ হেঁপাহৰ ভোগালী বিহু। পুহৰ অন্তত হাঁড় কঁপোৱা শীতত পুৱাই উঠি মেজি জ্বলাই অগ্নি দেৱতাক সেৱা জনাইছে প্ৰতিজন অসমীয়াই। আজি অসমীয়াতে ভোগালী বিহুৰ শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰীৰ পৰা আৰম্ভ কৰি বিভিন্নজনে...

অসমবাসীক ভোগালী বিহুৰ ওলগ জনালে প্ৰধানমন্ত্ৰীৰ পৰা আৰম্ভ কৰি ইউনেস্কৰ সহকাৰী সচিব প্ৰধান লৈ বিভিন্নজনে
অসমবাসীক ভোগালী বিহুৰ ওলগ জনালে প্ৰধানমন্ত্ৰীয়েImage Credit source: Social media Image
barasha-misra
Barasha Misra | Published: 14 Jan 2025 11:31 AM

আজি ভোগৰ ভোগালী। মেজিৰ উমেৰে উমাল হ’ল ৰাজ্যবাসী। প্ৰতিজন অসমীয়াৰ মাজত দেখা গৈছে পাৰভঙা উচাহ। পুৱতি নিশাই উঠি অসমীয়াই মেজিত অগ্নিসংযোগ কৰে আৰু কনিষ্ঠজনে জ্যেষ্ঠজনৰ পৰা আশীৰ্বাদ লয় । মাঘ বিহু উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে X(টুইটাৰ)ত অসমীয়াতে জনাইছে শুভেচ্ছা।

প্ৰধানমন্ত্ৰীয়ে লিখিছে- “মাঘ বিহুৰ শুভেচ্ছা!আমি প্ৰকৃতিৰ প্ৰাচুৰ্য্য, শস্য চপোৱাৰ আনন্দ আৰু ভাতৃত্ববোধৰ মনোভাৱক উদযাপন কৰো। এই উৎসৱে সুখ আৰু ভাতৃত্ববোধৰ মনোভাৱক আগুৱাই লৈ যাওক।”

মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমবাসীক বিহুৰ ওলগ জনাই লিখিছে- “ভোগালী বিহুৰ সদৌটিলৈ আন্তৰিক ওলগ৷ মেজিৰ জুয়ে নাশ কৰক সমাজৰ সকলো অসূয়া-অপ্ৰীতি, বিভেদ-অশান্তি৷”

গৃহমন্ত্ৰী অমিত শ্বাহে ভোগালীৰ ওলগ জনাই লিখিছে- “অসমৰ ভাই-ভনীসকললৈ চেনেহৰ মাঘ বিহুৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। পৰম উলাহেৰে উদযাপিত এই উৎসৱ আমাৰ সমাজ আৰু প্ৰকৃতিৰ মাজৰ সমন্বয়ৰ পৰিচায়ক। এই উৎসৱে প্ৰত্যেকৰে জীৱনলৈ কঢ়িয়াই আনক সুখ, সুস্বাস্থ্য আৰু সমৃদ্ধিৰ আশীৰ্বাদ, এয়াই শুভকামনা।”

ভোগালী বিহু উপলক্ষে অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই শুভেচ্ছা জনাই X(টুইটাৰ)ত লিখিছে- “মোৰ মৰমৰ অসমবাসীৰ লগতে দেশবাসীক সাংস্কৃতিক আৰু লোক পৰম্পৰাৰ অনন্য প্ৰতীক ভোগালী বিহু, লোহৰী, মকৰ সংক্ৰান্তি, পোংগল আৰু উত্তৰায়ণৰ শুভ আৰু মংগলময় উৎসৱৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিলোঁ।”

অসমীয়াৰ বাপতি সাহোন ভোগালী বিহুৰ ওলগ জনাই কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে লিখিছে- “আপোনালোক সকলোকে হেঁপাহৰ মাঘ বিহুৰ আন্তৰিক ওলগ জনালোঁ। মেজিৰ পৱিত্ৰ জুইকুৰাই সকলো অসূয়া-অপ্ৰীতি, অপায়-অমংগল, অপশক্তি নাশ কৰি সমাজ জীৱনলৈ কঢ়িয়াই আনক অনাবিল সুখ-শান্তি, সমন্বয় তথা সমৃদ্ধিৰ বতৰা।”

সাংস্কৃতিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী বিমল বৰাই ভোগালীৰ ওলগ জনাই লিখিলে- “অসমবাসীলৈ বাপতিসাহোন ভোগালী বিহুৰ হিয়াভৰা ওলগ জনালোঁ। সোণগুটিৰে উপচি পৰা ভঁৰালে আমাৰ কৃষিজীৱী ৰাইজৰ বুকুত জগাই তোলক নতুন আশাৰ কিৰণ। মেজিৰ অগ্নিশিখাই সমাজৰপৰা সমস্ত অসূয়া-অপ্ৰীতিৰ ভাৱ আঁতৰাই আমাৰ সাতামপুৰুষীয়া সম্প্ৰীতিৰ বান্ধোন শক্তিশালী কৰাৰ লগতে সমাজখনক শান্তি-সমৃদ্ধিৰে পৰিপূৰ্ণ কৰি তোলক।”

ইফালে ইউনেস্কোৰ মুখ্য কাৰ্যালয়ে ভোগালী বিহুৰ শুভেচ্ছা জনালে অসমবাসীক। মন্ত্ৰী বিমল বৰাই X(টুইটাৰ)ত ভিডিঅ’ শ্বেয়াৰ কৰি জনালে এই কথা। ইউনেস্ক’ৰ সন্মানীয় সহকাৰী সঞ্চালকপ্ৰধান আৰ্নেষ্টো ৰামিৰেজ-অট্টন, বিশ্ব ঐতিহ্য কেন্দ্ৰৰ সঞ্চালক শ্ৰীলাজাৰ ইলউণ্ড অছম’ আৰু ইউনেস্ক’ত ভাৰতৰ স্থায়ী প্ৰতিনিধি শ্ৰী বিশাল ভি শৰ্মাই অসমৰ জনসাধাৰণক ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে।

ভোগালী বিহুৰ শুভেচ্ছা জনাই আপৰ নেতা অৰৱিন্দ কেজৰিৱালে লিখিছে- “সমূহ অসমবাসীলৈ মাঘ বিহুৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ৷ ভোগালীৰ এই পবিত্ৰ ক্ষণে সকলোৰে জীৱনলৈ অনাবিল সুখ, সমৃদ্ধি আৰু আশাৰ বতৰা কঢ়িয়াই আনক৷”

বছৰ বছৰ ধৰি অসমীয়াই উলহ-মালহেৰে বিহু পালন কৰি আহিছে। প্ৰতিটো বিহুৰ আছে বিশেষ বৈশিষ্ট বিশেষ নিয়ম আৰু বিশেষ ঐতিহ্য আৰু পৰম্পৰা।

Latest News