শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

প্ৰসংগ শ্বেৰমান আলী ! বিধানসভা অধ্যক্ষলৈ কিয় জাননী জাৰি কৰিবলগীয়া হ’ল উচ্চ ন্যায়ালয়ে ?

নিলম্বিত বিধায়ক শ্বেৰমান আলী আহমেদৰ বিধায়ক পদ খাৰিজ নকৰাক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে অসম বিধানসভাৰ অধ্যক্ষলৈ জাননী জাৰী কৰিছে । অধ্যক্ষৰ লগতে বিধানসভাৰ প্ৰধান সচিব, বিধানসভাৰ সচিব আৰু বাঘবৰৰ শ্বেৰমান আলী আহমেদলৈও এই জাননী জাৰী কৰিছে উচ্চ ন্যায়ালয়ে ৷ এই সন্দৰ্ভত শপতনামা দাখিল কৰিবলৈ উচ্চ ন্যায়ালয়ে নিৰ্দেশ দিছে ।

প্ৰসংগ শ্বেৰমান আলী ! বিধানসভা অধ্যক্ষলৈ কিয় জাননী জাৰি কৰিবলগীয়া হ’ল উচ্চ ন্যায়ালয়ে ?
অসম বিধান সভা
manas-borah
Manas Borah | Published: 10 Sep 2024 12:55 PM

অসমৰ কংগ্রেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলী আহমেদৰ বিধায়ক পদ খাৰিজ নকৰাক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে অসম বিধানসভাৰ অধ্যক্ষলৈ জাননী জাৰী কৰিছে । অধ্যক্ষৰ লগতে বিধানসভাৰ প্ৰধান সচিব, বিধানসভাৰ সচিব আৰু বাঘবৰৰ শ্বেৰমান আলী আহমেদলৈও এই জাননী জাৰী কৰিছে উচ্চ ন্যায়ালয়ে ৷ এই সন্দৰ্ভত শপতনামা দাখিল কৰিবলৈ উচ্চ ন্যায়ালয়ে নিৰ্দেশ দিছে । শ্বেৰমান আলীৰ বিধায়ক পদ খাৰিজ কৰাৰ বাবে কংগ্ৰেছ নেতা ৰকিবুল হুছেইনে দাখিল কৰা এক আবেদনৰ ভিত্তিত শুনানি গ্ৰহণ কৰি এই জাননী জাৰী কৰিছে উচ্চ ন্যায়ালয়ে ।

এই শুনানিত শ্বেৰমান আলীৰ বিধায়ক পদ খাৰিজকলৈ গোচৰ বিচাৰাধীন হৈ থাকোতে ৰকিবুল হুছেইনৰ আবেদন সন্দৰ্ভত বিধানসভাৰ অধ্যক্ষই সিদ্ধান্ত গ্রহণ কৰিব পাৰিব বুলিও গুৱাহাটী উচ্চ ন্যায়ালয়ে অন্তৱৰ্তীকালীন নিৰ্দেশ দিয়ে । উল্লেখ্য যে, ২০২১ চনৰ অক্টোবৰ মাহত দল বিৰোধী কাৰ্যৰ বাবে কংগ্ৰেছৰ পৰা নিলম্বিত হৈছিল বাঘবৰৰ বিধায় শ্বেৰমান আলী । ইয়াৰ লগতে শ্বেৰমান আলীৰ বিধায়ক পদ খাৰিজ কৰিবলৈয়ো অসম বিধানসভাৰ অধ্যক্ষক দাবী জনাইছিল কংগ্ৰেছ দলে ৷

ইয়াৰ অংশ হিচাপে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰকিবুল হুছেইনে যোৱা ২ মে’ত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ ওচৰত শ্বেৰমান আলীৰ বিধায়ক পদ খাৰিজ কৰাৰ বাবে এক আবেদন দাখিল কৰিছিল । দেশৰ সংবিধানৰ দশম অনুসূচীৰ ভিত্তিত বিধায়ক শ্বেৰমান আলী আহমেদৰ বিধায়ক পদ খাৰিজ কৰাৰ বাবে আবেদন দাখিল কৰিছিল কংগ্ৰেছে । পাছত উচ্চতম ন্যায়ালয়ৰ এক ৰায়ৰ ভিত্তিত ৰকিবুল হুছেইনে উচ্চ ন্যায়ালয়ৰ কাষ চাপে ।

আবেদনকাৰী তথা কংগ্ৰেছৰ সাংসদ ৰকিবুল হুছেইনৰ হৈ আদালতত হাজিৰ হোৱা জ্যেষ্ঠ অধিবক্তা কে এন চৌধুৰীয়ে আদালতত অৱগত কৰে যে,দলৰ পৰা নিলম্বিত হোৱাৰ পিছত শ্বেৰমান আলীৰ বিধায়ক পদ খাৰিজ কৰাৰ বাবে ২ মে’ত অধ্যক্ষৰ ওচৰত আবেদন দাখিল কৰা হৈছিল । এই আবেদনৰ তিনি মাহৰ ভিতৰত অধ্যক্ষই সিদ্ধন্ত গ্ৰহণ কৰিব লাগে । কিন্তু তিনি মাহৰ পাছতো বিধানসভা অধ্যক্ষই এইলৈ কোনো সিদ্ধান্ত গ্ৰহণ নকৰিলে ।

নিৰ্ধাৰিত সময়ৰ ভিতৰত অধ্যক্ষই আবেদনখনৰ সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰাত ব্যৰ্থ হোৱাত কংগ্ৰেছ নেতা ৰকিবুল হুছেইন আদালতৰ কাষ চাপিবলগীয়া হৈছিল বুলিও কয় অধিবক্তা কে এন চৌধুৰীয়ে । এই বিষয়ত শুনানী গ্ৰহণ কৰি ন্যায়ালয়ে বিধানসভাৰ অধ্যক্ষ, বিধানসভাৰ প্ৰধান সচিব, বিধানসভাৰ সচিব আৰু শ্বেৰমান আলী আহমেদলৈ জাননী জাৰী কৰাৰ লগতে শপতনামা দাখিল কৰাৰ নিৰ্দেশ দিয়ে ।