শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

কেতিয়া অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন? উচ্চ ন্যায়ালয়ৰ ৰায়দানৰ পাছত মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা…

পঞ্চায়ত নিৰ্বাচনক লৈ দীৰ্ঘদিন ধৰি চলি আছিল চৰ্চা। সকলোৱে অপেক্ষা কৰিছিল ন্যায়ালয়ৰ ৰায়লৈ। মষ্টি পুনঃনিৰ্ধাৰণ সন্দৰ্ভত কেইবাখনো আবেদন দাখিল কৰা হৈছিল আদলতত। বিষয়টো গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বিচাৰাধীন হৈ পৰাত সিদ্ধান্ত ল’ব পৰা নাছিল ৰাজ্য চৰকাৰে। দেওবাৰে পঞ্চায়ত নিৰ্বাচনক লৈ ৰায় প্ৰদান কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে।

কেতিয়া অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন? উচ্চ ন্যায়ালয়ৰ ৰায়দানৰ পাছত মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা…
পঞ্চায়ত নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা
trishna-kalita
Trishna Kalita | Updated On: 12 Jan 2025 16:25 PM

অৱশেষত আহিল সেই খবৰটো। ৰাজ্যত অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন। পঞ্চায়ত নিৰ্বাচনক লৈ দীৰ্ঘদিন ধৰি চলি আছিল চৰ্চা। সকলোৱে অপেক্ষা কৰিছিল ন্যায়ালয়ৰ ৰায়লৈ। পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ অনুমতি উচ্চ ন্যায়ালয়ৰ। ৯খন পঞ্চায়তক বাদ আন পঞ্চায়তত নিৰ্বাচন অনুষ্ঠিত কৰাৰ অনুমতি আদালতৰ। সমষ্টি পুনঃনিৰ্ধাৰণ সন্দৰ্ভত কেইবাখনো আবেদন দাখিল কৰা হৈছিল আদলতত। বিষয়টো গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বিচাৰাধীন হৈ পৰাত সিদ্ধান্ত ল’ব পৰা নাছিল ৰাজ্য চৰকাৰে।

এই ৰায়ৰ পাছতে ৰাজ্যত শীঘ্ৰেই অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন। জটিলতা থকা ৯খন পঞ্চায়তক বাদ দি বাকী পঞ্চায়তত অনুষ্ঠিত হ’ব নিৰ্বাচন।  দেওবাৰে পঞ্চায়ত নিৰ্বাচনক লৈ ৰায় প্ৰদান কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে। শ্ৰীভূমি জিলাৰ ৯খন পঞ্চায়তক বাদ দি পাতিব পাৰিব নিৰ্বাচন । দীৰ্ঘদিন ধৰি ন্যায়ালয়ত বন্দি হৈ আছিল ৰায়ৰ শুনানি । অৱশেষত চৰকাৰক নিৰ্বাচন অনুষ্ঠিত কৰাৰ অনুমতি দিলে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ । এতিয়া যিকোনো মুহূৰ্তত ঘোষণা হ’ব পাৰে পঞ্চায়ত নিৰ্বাচনৰ দিন ।

উল্লেখ্য যে,  ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহতে ৰাজ্যত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব বুলি ঘোষণা কৰিছিল । কিন্তু শুকুৰবাৰে সন্ধিয়া অনুষ্ঠিত হোৱা কেবিনেটৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদমেল সম্বোধন কৰি আদালতত চলি থকা গোচৰৰ বাবে পঞ্চায়ত নিৰ্বাচন পিছুৱাব পাৰে বুলি উল্লেখ কৰিছিল।  শুকুৰবাবে নিশা ১২ বজাৰ পূৰ্বে এই বিষয়ত ৰায় লাভ নকৰিলে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ পাছতহে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত ল’ব লাগিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জনাইছিল। শ্ৰীভূমি জিলাৰ ৯খন পঞ্চায়তক লৈ এই বিষয়ত সমস্যা হৈ থকাৰ কথা দোহাৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাবে নিশা ১২ বজাৰ পূৰ্বে ৰায়দান আহিলে পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰা হ’ব বুলি জানিবলৈ দিয়ে।

তাৰ পাছতে পুনৰ অনিশ্চয়তালৈ গৈছিল পঞ্চায়ত নিৰ্বাচন। বিৰোধীয়েও পঞ্চায়ত নিৰ্বাচনক অনুষ্ঠিত কৰাক লৈ উত্থাপন কৰিছিল বহু প্ৰশ্ন। ইখালে মুখ্যমন্ত্ৰীৰ অভিযোগ কংগ্ৰেছৰ বাবে সময়মতে ৰাজ্যত অনুষ্ঠিত নহ”ল পঞ্চায়ত নিৰ্বাচন৷  কংগ্ৰেছৰ হাফিচ ৰচিদ চৌধুৰীয়ে আদালতত আবেদন দাখিল নকৰিলে নিৰ্ধাৰিত পঞ্চায়ত নিৰ্বাচন হ’লহেঁতেন বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে ৷

ইফালে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাক লৈ ন্যায়ালয়ৰ ৰায়ৰ পাছতে সাংবাদিকৰ আগত  প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে। তেওঁ কয় ফেব্ৰুৱাৰী মাহত মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা অনুষ্ঠিত হ’ব। সেয়েহে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ কিছু অসুবিধা হ’ব। এতিয়া নিৰ্বাচনী পৰিৱেশৰ সৃষ্টি হ’লে শিক্ষাৰ্থীসকলে পঢ়া-শুনা কৰিব নোৱাৰিব। মুখ্যমন্ত্ৰীয়ে কয়, “আমাৰ হাতৰ পৰা সময় পাৰ হৈ গ’ল। মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা পাছত নিৰ্বাচনৰ ব্যৱস্থা কৰিম। এতিয়া নিৰ্বাচন অনুষ্ঠিত কৰাৰ পৰিৱেশ নাথাকিব। বহাগ বিহুৰ আগে-পাছে অনুষ্ঠিত হ’ব নিৰ্বাচন। “

Latest News