উমৰাংছু কয়লাখনিৰ ঘটনা সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিজাববীয়াকৈ গোচৰ ৰুজু…

Gauhati HC on Umrangshu: কিছুদিন পূৰ্বে উমৰাংছুত সংঘটিত হোৱা ঘটনাই সমগ্ৰ ৰাজ্য জোকাৰি গৈছিল। কয়লাখনিৰ ভিতৰত আৱদ্ধ হৈ মৃত্যু বৰণ কৰিছিল একাংশ শ্ৰমিক। এই ঘটনা সন্দৰ্ভত এতিয়া নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে।

উমৰাংছু কয়লাখনিৰ ঘটনা সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিজাববীয়াকৈ গোচৰ ৰুজু...

উমৰাংছু ঘটনা

Updated On: 

28 Jan 2025 17:19 PM

উমৰাংছু কয়লাখনিৰ মৰ্মান্তিক ঘটনা সন্দৰ্ভত নিজাববীয়াকৈ গোচৰ ৰুজু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। মঙলবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ নেতৃত্বত গঠিত খণ্ড বিচাৰপীঠে সমগ্ৰ ঘটনা সন্দৰ্ভত ৰাজ্য চৰকাৰক এক শপতনামা দাখিল কৰাৰ নিৰ্দেশ দিয়ে। অহা ৭ ফেব্ৰুৱাৰীত এই শপতনামা দাখিল কৰিব লাগিব অসম চৰকাৰে।  এই সময়চোৱাত ন্যায়ালয়ত যুক্তি দৰ্শাই মহাধিবক্তা দেৱজিত  শইকীয়াই।

মনকৰিবলগীয়া যে ৰেট হল মাইনিং নিষিদ্ধ কৰিছিল দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে। কিন্তু উমৰাংছুৰ ঘটনাৰ পাছতো তিনিচুকীয়াৰ লিডুৰ লগতে কাৰ্বি আংলং জিলাত ৰেট হল মাইনিং চলি থকাৰ তথ্য পোহৰলৈ আহিছে।  নিষেধাজ্ঞাৰ পাছতো কেনেকৈ এই ৰেট হল মাইনিঙৰ কাম ৰাজ্যত চলি আছে সেই সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰে উচ্চ ন্যায়ালয়ে। লগতে ৰেট হল মাইনিং সন্দৰ্ভত চৰকাৰৰ স্থিতি জানিব বিচাৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। জানিব পৰা মতে, সংবাদ মাধ্যমত প্ৰকাশিত বাতৰিৰ ওপৰত ভিত্তি কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে নিজাববীয়াকৈ এই গোচৰ ৰুজু কৰে।

উল্লেখ্য যে, যোৱা ৬ জানুৱাৰীত উমৰাংছুৰ কয়লাখনিত আৱদ্ধ হৈ পৰিছিল কেইবাজন শ্ৰমিক। চৰকাৰী পৰিসংখ্যা অনুসৰি মুঠ ৯জন শ্ৰমিক কয়লাখনিৰ ভিতৰত আৱদ্ধ হৈ পৰিছিল যদিও বেচৰকাৰীভাৱে ইয়াৰ সংখ্যা অধিক বুলি দাবী কৰে একাংশই। ৬ জানুৱাৰীত আৱদ্ধ হৈ পৰা শ্ৰমিকসকলক উদ্ধাৰ কৰাৰ বাবে কেইবাটাও উদ্ধাৰকাৰী দলে চেষ্টা চলাইছিল। ৰাজ্যৰ বাহিৰৰ পৰা উদ্ধাৰকাৰী দল অহাৰ লগে ভাৰতীয় সেনা, এছ ডি আৰ এফ, ভাৰতীয় নৌ সেনাই মিলি এই উদ্ধাৰ অভিযান চলাইছিল।

কিন্তু দিনে নিশা চলোৱা অভিযানৰ অন্তত মাত্ৰ ৪ জনৰ শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। এই সময়তো বাকী শ্ৰমিককেইজন সেই অভিশপ্ত কয়লাখনিৰ ভিতৰত আৱদ্ধ হৈ আছে। বৰ্তমান সময়ত খনিৰ ভিতৰত আৱদ্ধ হৈ থকা শ্ৰমিকসকল হল সৰ্প বৰ্মন (৪৬) গোসাইগাঁও, খুচি মোহন ৰায় (৫৭) ফকিৰগ্ৰাম, সঞ্জিত সৰকাৰ (৩৫)জলপাইগুৰি, পশ্চিমবংগ, লিজান মগৰ (২৬), উমৰাংছু,ডিমা হাচাও, শৰত গয়াৰী (৩৭),বাতাসীপুৰ, শোণিতপুৰ।

এই ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে কেইবাজনলোকক গ্ৰেপ্তাৰ কৰিছে। কিন্তু ঘটনাৰ মূল অভিযুক্ত সন্দৰ্ভত এতিয়ালৈকে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই।  অভিযোগ  অনুসৰি ৰাজ্যত বৰ্তমান সময়তো বহু অবৈধ কয়লাখনি চলি আছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে শেহতীয়াকৈ অসম আৰক্ষীয়ে এনে কয়লাখনিৰ বিৰুদ্ধে কিছু পদক্ষেপ হাতত লৈছিল। গতিকে এনে ৰেট হল মাইনিং সন্দৰ্ভত চৰকাৰে পৰৱৰ্তী পদক্ষেপ কি লয় সেয়া হ’ব লক্ষণীয়।

 

অন্য খবৰ পঢ়কঃ উমৰাংছুৰ কয়লাখনিৰ ২০০ ফুটলৈ উঠিছে পানী, এতিয়া ভিতৰত আৱদ্ধ বহু শ্ৰমিক…

দাঁতৰ সমস্যা দূৰ কৰিব পৰা ঘৰুৱা উপায়সমূহৰ বিষয়ে জানক
কাইলৈৰ পৰা অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশন, ভট্টদেৱ সমন্বয় ক্ষেত্ৰত যুদ্ধকালীন ব্যস্ততা
সৰস্বতী পূজালৈ মাজত মাঁথো ৩টা দিন, মৃন্ময় মূৰ্তিত শেষ পৰশ দিয়াত ব্যস্ত মৃৎশিল্পীসকল
প্ৰতিদিনে যদি দুটা বগৰী খাই, তেন্তে কি হয় জানেনে?