গুৱাহাটী বিশ্ববিদ্যালয়ৰ কিতাপত বিষ্ণুপ্ৰসাদ ৰাভা সন্দৰ্ভত ভুল তথ্য প্ৰকাশ!

পুনৰ বিতৰ্কত সোমাই পৰিছে গুৱাহাটী বিশ্ববিদ্যালয়। এইবাৰ কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা সন্দৰ্ভত ভুল তথ্য প্ৰকাশ কৰিলে গুৱাহাটী বিশ্ববিদ্যালয়ে। এই বিষয়টোৱে শেহতীয়াকৈ তীব্ৰ বিতৰ্কৰ সৃষ্টি কৰিছে।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ কিতাপত বিষ্ণুপ্ৰসাদ ৰাভা সন্দৰ্ভত ভুল তথ্য প্ৰকাশ!

বিষ্ণু প্ৰসাদ ৰাভা

Published: 

04 Dec 2024 12:01 PM

পুনৰ বিতৰ্কত সোমাই পৰিছে গুৱাহাটী বিশ্ববিদ্যালয়। সমালোচনাই লগ নেৰা বিশ্ববিদ্যালয়খনৰ পাঠ্যক্ৰমত এইবাৰ সংলগ্ন হ’ল কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা সম্পৰ্কীয় ভুল তথ্য।  বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমত লাগতিয়াল এখন কিতাপত কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাই লাভ কৰা সন্মান সন্দৰ্ভত বহু বিভ্ৰান্তিকৰ তথ্য উপস্থাপন কৰা দেখা যায়।  শেহতীয়াকৈ এই বিষয়টোৱে ছ’চিয়েল মিডিয়াত তোলাপাৰ লগাইছে আৰু বিভিন্নজনে কিতাপৰ লেখক- প্ৰকাশকৰ বিৰুদ্ধে শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।

উল্লেখ্য যে, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৪ বছৰীয়া স্নাতক পাঠ্যক্ৰমৰ প্ৰথম ষান্মাষিকৰ বাধ্যতামূলক বহুমুখী পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা সহায়ক পুথিত পোৱা গৈছে ভুল তথ্য। ‘আধুনিক অসমৰ নিৰ্মাতা’ নামৰ কিতাপখনত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা সন্দৰ্ভত বহু বিভ্ৰান্তিকৰ তথা ভুল তথ্য প্ৰকাশ কৰা দেখা গৈছে। উল্লেখ কৰা প্ৰয়োজন যে, ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ অনুসৰি মানৱিক বিদ্যা আৰু সমাজ বিজ্ঞান- প্ৰথম খণ্ডৰ বাবে এই সহায়ক পুথি খন প্ৰকাশ কৰা হৈছিল।

কিতাপখনৰ তথ্যখিনি

ৰাজ্যৰ কেইবাখনো মহাবিদ্যালয়ৰ অধ্যাপক অধ্যাপিকাৰ সম্পাদনাত প্ৰস্তুত হোৱা এই কিতাপখন প্ৰকাশ কৰিছে সূৰ্য প্ৰকাশে। কিন্তু কিতাপখনত সন্নিবিষ্ট ভুল তথ্যৰ বাবে এতিয়া সৃষ্টি হৈছে বিতৰ্কৰ। কিতাপখনত বিষ্ণুপ্ৰসাদ ৰাভাই লাভ কৰা কেইটামান উল্লেখযোগ্য স্বীকৃতি আৰু বঁটাৰ কথা উল্লেখ কৰিছে। সেই স্বীকৃতি আৰু বঁটাৰ তালিকাত  পদ্মশ্ৰী, সংগীত নাটক অকাডেমী আদি বঁটাৰ নাম উল্লেখ কৰি গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই বিভ্ৰান্তিকৰ তথ্য উপস্থাপন কৰাৰ দাবী উত্থাপন কৰিছে একাংশই।

এই কিতাপখন সম্পাদনাৰ তালিকাত নাম আছে- নৱজ্যোতি মহাবিদ্যালয়, কলগাছিয়া ইমৰান হুচেইন, সহকাৰী অধ্যাপক (অংশকালীন),ইতিহাস বিভাগ, ড০ দীক্ষিতা বুঢ়াগোহাঁই, সহকাৰী অধ্যাপিকা, ৰাজনীতি বিজ্ঞান বিভাগ, দমদমা মহাবিদ্যালয়, ড০ ইব্ৰাহিম আলি মণ্ডল, সহকাৰী অধ্যাপক, ইতিহাস বিভাগ, ভোলানাথ কলেজ ধুবুৰী।

এই বিষয়টোক লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। অৱশ্যে এই সন্দৰ্ভত এতিয়ালৈকে গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই কোনো স্পষ্টীকৰণ দিয়া নাই। গতিকে কলাগুৰুকলৈ ভুল তথ্য প্ৰকাশৰ বাবে লেখক- প্ৰকাশৰ বিৰুদ্ধে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই কি সিদ্ধান্ত গ্ৰহণ কৰে সেয়া সময়ত হ’ব লক্ষণীয়। ইয়াৰোপৰি বিষ্ণু প্ৰসাদ ৰাভাৰ দৰে এজন ব্যক্তি সন্দৰ্ভত পাঠ্যক্ৰমত ভুল তথ্য উল্লেখ কৰা বিষয়টো দুৰ্ভাগ্যজনক।

অগ্নিগড় কোনে নিৰ্মাণ কৰিছিল? ইয়াৰ ৰহস্যৰ বিষয়ে জানো আহক
ভগৱান শিৱক কিয় নাৰিকল আগবঢ়োৱা নহয়?
চুলি সৰাৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ খাবলৈ আৰম্ভ কৰক এই বস্তু
ঘৰত তুলসী গছ আছে নেকি? এনেদৰে কৰক ব্যৱহাৰ, উজ্বল হৈ উঠিব ছাল...