গুৱাহাটী বিশ্ববিদ্যালয়ঃ প্ৰাক্তন আৱাসীসকলে হোষ্টেলত অহা-যোৱা, আড্ডা দিয়া বন্ধ কৰিব লাগেঃ হিমন্ত
Gauhati university: বিশ্ববিদ্যালয়ৰ হোষ্টেলত প্ৰাক্তন ছাত্ৰ- ছাত্ৰীৰ আহ- যহ সন্দৰ্ভত শৰ্মাই কয় যে, বিশ্ববিদ্য়ালয়ত সঘনাই প্ৰাক্তন ছাত্ৰ- ছাত্ৰীৰ আহ- যহ বন্ধ কৰি দিব লাগে। হোষ্টেলত আড্ডা দিয়া, ভাত খোৱা আদি বন্ধ কৰিব লাগে। অনুষ্ঠান নাথাকিলে পৰাপক্ষত হোষ্টেললৈ প্ৰাক্তন আৱাসী যাব নালাগে বুলি শৰ্মাই কয়।
গুৱাহাটী বিশ্ববিদ্যালয়ত সংঘটিত হোৱা ছাত্ৰকেন্দ্ৰিক সংঘাতকলৈ মুখ খুলিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নিৰ্বাচনৰ পাছতেই বিশ্ববিদ্যালয়খনৰ দুই হোষ্টেলৰ আৱাসীৰ মাজত সংঘটিত হৈছিল মাৰপিটৰ ঘটনা। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, বিশ্ববিদ্যালয়ত অনুষ্ঠিত হোৱা নিৰ্বাচনক লৈ হোষ্টেল বা বিশ্ববিদ্যালয়ত হোৱা সংঘাতবোৰে আমাৰ বাবে এক প্ৰকাৰ দুৰ্নাম কঢ়িয়াই আনে। আমাৰ ওপৰত বিশ্বাস আছে বাবে বিশেষকৈ পিতৃ- মাতৃয়ে ল’ৰা-ছোৱালীক চৰকাৰী হোষ্টেলত নাম লগাই দিয়ে। ভাবে নিশ্চিয়কৈ ল’ৰা- ছোৱালী ভাল হ’ব, ইয়াতে বেয়া কাম নচলে।
তেওঁ কয় যে, শৃংখলতাবিহীনতাৰ বাবে কিমান ঘটনা হ’ব পাৰে সেয়া আমি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ক্ষেত্ৰত দেখিছো। বিশ্ববিদ্যালয়ৰ এটা ডাঙৰ সমস্যা হ’ল বিশ্ববিদ্যালয় পাছ কৰি অহা ছাত্ৰ- ছাত্ৰীৰ নিশা আগমন। ই একেবাৰে মানি ল’ব নোৱাৰা কথা। কোনো কাৰণতে বিশ্ববিদ্যালয়ৰ প্ৰাক্তন আৱাসীসকল বিশ্ববিদ্যালয়ৰ হোষ্টেলত যাব নোৱাৰে। মই গোটেইকেইখন বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক এই ক্ষেত্ৰত অনুৰোধ কৰিছো, ল’ৰা- ছোৱালীয়ে আজি নুবুজিব, পাছত বুজিব। কিন্তু ল’ৰা- ছোৱালীৰ পিতৃ- মাতৃয়ে আমাৰ ওপৰত যি বিশ্বাস ৰাখে সেই বিশ্বাসৰ মাইলৰ খুঁটিত উত্তীৰ্ণ হোৱাৰ দায়িত্ব আমাৰ।
লগতে শৰ্মাই কয়, ঘেৰাও হওক, ধৰ্ণা হওক, হয়তো এনে ক্ষেত্ৰত বিশ্ববিদ্যালয় কৰ্তৃপক্ষই চৰম ত্যাগো কৰিব লগাত পৰিব পাৰে। কিন্তু এই ল’ৰা- ছোৱালীসকলৰ পিতৃ- মাতৃৰ আমাৰ ওপৰত যি বিশ্বাস তাৰ ক্ষেত্ৰত আমি কম্প্ৰমাই কৰিব নোৱাৰো।
বিশ্ববিদ্যালয়ৰ হোষ্টেলত প্ৰাক্তন ছাত্ৰ- ছাত্ৰীৰ আহ- যহ সন্দৰ্ভত শৰ্মাই কয় যে, বিশ্ববিদ্য়ালয়ত সঘনাই প্ৰাক্তন ছাত্ৰ- ছাত্ৰীৰ আহ- যহ বন্ধ কৰি দিব লাগে। হোষ্টেলত আড্ডা দিয়া, ভাত খোৱা আদি বন্ধ কৰিব লাগে। অনুষ্ঠান নাথাকিলে পৰাপক্ষত হোষ্টেললৈ প্ৰাক্তন আৱাসী যাব নালাগে বুলি শৰ্মাই কয়।
উল্লেখ্য যে, বিশ্ববিদ্যালয়ৰ নিৰ্বাচন অনুষ্ঠিত হৈ যোৱাৰ পাছত ২৭ ছেপ্টেম্বৰত আৰ চি চি- ১ আৰু আৰ চি চি- ২ৰ হোষ্টেলৰ আৱাসীৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হৈছিল। এই ঘটনাত প্ৰায় নিৰাপত্তাৰক্ষীসহ ৭ জন ছাত্ৰ আহত হৈছিল। ইয়াৰে একাংশক আই চি ইউতো ভৰ্তি কৰিবলগীয়া হৈছিল।
তাৰ পাছতেই বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ঘোষণা কৰিছিল যে সাময়িকভাৱে বন্ধ কৰা হ’ব আৰ চি চি- ১ আৰু আৰ চি চি- ২ ছাত্ৰাবাস। বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ জাননী লাভ কৰাৰ পাছতো কিন্তু আৱাসীসকলে হোষ্টেল ত্যাগ কৰা নাছিল আৰু দেওবাৰে পঞ্জীয়কৰ কাৰ্যালয় ঘেৰাও কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল। এই প্ৰতিবাদৰ অন্ততেই বিশ্ববিদ্যালয় কৰ্তৃপক্ষই হোষ্টেল বন্ধ কৰাৰ নিৰ্দেশ প্ৰত্যাহাৰ কৰাৰ আশ্বাস দিছিল।