5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

গুৱাহাটী বিশ্ববিদ্যালয়ঃ হোষ্টেল খালী নকৰিলে আবাসীয়ে, ঘেৰাও কৰিলে পঞ্জীয়কৰ বাসগৃহ!

Gauhati university: গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই আৰ চি চি- ১ আৰু আৰ চি চি- ২ হোষ্টেল দুটা সাময়িকভাৱে বন্ধ কৰাৰ নিৰ্দেশ জাৰি কৰিছিল। নিৰ্দেশৰ পাছতো আবাসীসকলে হোষ্টেল ত্যাগ নকৰাত বিশ্ববিদ্যালয় কৰ্তৃপক্ষই হোষ্টেলৰ বিদ্যুত সেৱা কৰ্তন কৰাৰ লগতে খাদ্যৰ লগত জড়িত সেৱা আদিও বন্ধ কৰি দিছিল।

গুৱাহাটী বিশ্ববিদ্যালয়ঃ হোষ্টেল খালী নকৰিলে আবাসীয়ে, ঘেৰাও কৰিলে পঞ্জীয়কৰ বাসগৃহ!
গুৱাহাটী বিশ্ববিদ্যালয়
barasha-sarma
Barasha Sarma | Published: 07 Oct 2024 11:19 AM

প্ৰতিবাদত উত্তাল গুৱাহাটী বিশ্ববিদ্যালয়। হোষ্টেলৰ আৱাসীৰ দ্বাৰা প্ৰতিবাদ সাব্যস্ত কৰাৰ পাছত গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই কিছুদিন পূৰ্বে জাৰি কৰা নিৰ্দেশনা বাতিল কৰাৰ আশ্বাস প্ৰদান কৰে। যোৱা মাহত গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত হোৱা ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ পাছত বিশ্ববিদ্যালয়খনৰ দুই হোষ্টেলৰ আৱাসীৰ মাজত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছিল। তাৰ পাছতেই আৰ চি চি- ১ আৰু আৰ চি চি- ২ ৰ আবাসীসকলক হোষ্টেল এৰাৰ নিৰ্দেশ জাৰি কৰিছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই।

আজি হোষ্টেল খালী কৰাৰ আছিল শেষ সময়সীমা। যাৰ বাবে হোষ্টেলৰ আবাসীসকলে গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। দেওবাৰে সন্ধিয়া ৭ মান বজাৰ পৰা নিশা ১ মান বজালৈ ছাত্ৰ- ছাত্ৰীসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি নিৰ্দেশনা উঠাই লোৱাৰ দাবী উত্থাপন কৰে।  ছাত্ৰ- ছাত্ৰীসকলে ঘেৰাও কৰে পঞ্জীয়কৰ আবাসগৃহ। জানিব পৰা মতে উপাচাৰ্য আবাসৰ প্ৰথম গেটৰ পৰা ছাত্ৰ- ছাত্ৰী সোমাই আহি পৰিস্থিতি উত্তপ্ত কৰি তোলে। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ পৰৱৰ্তী সময়ত বিশ্ববিদ্যালয় কৰ্তৃপক্ষই আৰক্ষীও মোতায়েন কৰে।

তীব্ৰ প্ৰতিবাদৰ অন্তত হোষ্টেল খালী কৰাৰ বাবে দিয়া নিৰ্দেশ প্ৰত্যাহাৰ কৰাৰ আশ্বাস দিয়ে  বিশ্ববিদ্যালয় কৰ্তৃপক্ষই। লগতে কয় যে, সোমবাৰে দিনৰ ভাগত নিৰ্দেশনা প্ৰত্যাহাৰৰ বাবে লিখিত জাননী দিয়া হ’ব।

উল্লেখ্য যে, ২৭ ছেপ্টেম্বৰত বিশ্ববিদ্যালয়খনৰ RCC- 1 আৰু RCC-2 ৰ আবাসীসকলৰ মাজত হোৱা নিৰ্বাচনকেন্দ্ৰিক সংঘাতত প্ৰায় ৭ জন ছাত্ৰ গুৰুতৰভাৱে আহত হৈছিল। ইয়াৰে কেইবাজনক আই চি ইউত ভৰ্তি কৰিবলগীয়া হৈছিল। উল্লেখ কৰা প্ৰয়োজন যে,  গুৱাহাটী বিশ্ববিদ্যালয় নিৰ্বাচনত আৰ চি চি-১ ৰ পৰা ৩ টা পদত প্ৰতিদ্বন্দ্বিতা আগবঢ়াই দুজন জয়ী হৈছে আৰু আৰ চি চি- ২ ৰ পৰা ৪ জন ছাত্ৰই প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল যদিও জয়ী হৈছিল এজন। গতিকে এনেবোৰ কাৰণতে এই কাজিয়াৰ সূত্ৰপাত হৈছিল বুলি একাংশই সন্দেহ কৰিছিল।

তাৰ পাছতে গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই আৰ চি চি- ১ আৰু আৰ চি চি- ২ হোষ্টেল দুটা সাময়িকভাৱে বন্ধ কৰাৰ নিৰ্দেশ জাৰি কৰিছিল। নিৰ্দেশৰ পাছতো আবাসীসকলে হোষ্টেল ত্যাগ নকৰাত বিশ্ববিদ্যালয় কৰ্তৃপক্ষই হোষ্টেলৰ বিদ্যুৎ সেৱা কৰ্তন কৰাৰ লগতে খাদ্যৰ লগত জড়িত সেৱা আদিও বন্ধ কৰি দিছিল। এই ঘটনাৰাজিৰ পাছতেই চাঞ্চল্যৰ সৃষ্টি হয় হোষ্টেলৰ আবাসীসকলৰ মাজত আৰু পৰৱৰ্তী সময়ত তেওঁলোকে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

 

Latest News