শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

এখন বিশেষ ফটো! চিৰ বৈৰী পাকিস্তানী বিষয়াৰ সৈতে গৌৰৱ গগৈৰ কিহৰ বৈঠক?

পাকিস্তানৰ ৰাষ্ট্ৰদূতৰ সৈতে উচ্চ পৰ্যায়ৰ বৈঠকত অংশ গ্ৰহণ কৰিছিল কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে। এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। চলি থকা বিতৰ্কৰ মাজতে সামাজিক মাধ্যমত শৰ্মাই শ্বেয়াৰ কৰিছে এখন বিশেষ ফটো।

এখন বিশেষ ফটো! চিৰ বৈৰী পাকিস্তানী বিষয়াৰ সৈতে গৌৰৱ গগৈৰ কিহৰ বৈঠক?
গৌৰৱ গগৈImage Credit source: Facebook (himanta biswa sarma)
barasha-sarma
Barasha Sarma | Published: 13 Feb 2025 17:05 PM

সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপন কৰি ৰাজ্যৰ ৰাজনীতিত পুনৰ এক নতুন বিতৰ্কৰ সূচনা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সামাজিক মাধ্যমৰ জৰিয়তে শৰ্মাই গগৈৰ বিৰুদ্ধে কেইবাটাও গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰে। বৃহস্পতিবাৰে পুৱাৰ ভাগত সামাজিক মাধ্যমত শৰ্মাই এজন সাংসদৰ পাকিস্তানৰ ৰাষ্ট্ৰদূতৰ সৈতে উচ্চ পৰ্যায়ৰ বৈঠকৰ কথা উল্লেখ কৰিছিল। ইয়াৰোপৰি সাংসদগৰাকীয়ে বিদেশী পত্নীৰ বিৰুদ্ধেও আই এছ আইৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগ উত্থাপন কৰিছিল। ইয়াৰ মাজতে শৰ্মাই এখন বিশেষ ফটো পোষ্ট কৰিছে সামাজিক মাধ্যমত ।

এই ফটোখনত সাংসদ গৌৰৱ গগৈয়ে এজন ব্যক্তিৰ সৈতে বহি থকা দেখা গৈছে আৰু তেওঁলোকৰ পিছফালে আছে পাকিস্তান  হাই কমিছন (পাকিস্তান উচ্চ আয়ক্ত)ৰ বেনাৰ। এই ফটোখন সামাজিক মাধ্যমত পোষ্ট কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে লিখিছে যে-বিৰোধী ৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূতৰ সৈতে এনে উচ্চ পৰ্যায়ৰ বৈঠকৰ বাবে বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ অনুমোদন আৰু বৈঠকৰ পাছত ইয়াৰ বিতং বৰ্ণনাৰ প্ৰয়োজন হয়৷ ৰাজনীতিতকৈ ৰাষ্ট্ৰীয় নিৰাপত্তাই যিহেতু সদায়েই প্ৰাথমিক অগ্ৰাধিকাৰ পাব লাগে, আশাকৰোঁ মাননীয় সাংসদগৰাকীয়ে সেই সময়ত এই অত্যাৱশ্যকীয় চৰ্তসমূহ সম্পূৰ্ণকৈ মানি চলিছিল ৷

 

উল্লেখ্য যে, যোৱা কেইটামান দিন ধৰি কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ পত্নীৰ বিৰুদ্ধে বহু গুৰুত্বৰ অভিযোগ উত্থাপন হৈ আহিছে। নাম নোলোৱাকৈ শেহতীয়াকৈ মুখ্যমন্ত্ৰীয়ে কৈছিল যে এগৰাকী সাংসদৰ পত্নীৰ আছে আই এছ আইৰ সৈতে সম্পৰ্ক। বিবাহৰ পূৰ্বে তেওঁ পাকিস্তানত বহু সময়ত কটাইছিল। ইমানেই নহয়, সেই সাংসদগৰাকীৰ পত্নীয়ে ১২ বছৰ পাছতো গ্ৰহণ কৰা নাই ভাৰতীয় নাগৰিকত্ব।

ইয়াৰ পাছতে মুখ্যমন্ত্ৰীৰ অভিযোগৰ প্ৰত্যুত্তৰ দি সাংসদ গৌৰৱ গগৈয়ে কয় যে, “এটা পৰিয়াল যাৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপন হৈ আছে, তেওঁলোকে মোৰ বিৰুদ্ধে কিবা ক’লে মই গুৰুত্ব নিদিওঁ । অসমৰ মুখ্যমন্ত্ৰীয়ে তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ পৰা মনোযোগ আঁতৰাবৰ বাবে এইবোৰ কৰিছো “।

কেৱল ইমানেই নহয়, গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰীৰ পত্নীৰ সম্পত্তিৰ ওপৰতো গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে।  ইয়াৰ মাজতে শৰ্মাই সামাজিক মাধ্যমত পোষ্ট কৰা ফটোখনে এতিয়া বিশেষ চৰ্চা লাভ কৰিছে।  মুঠতে ৰাজ্যৰ ৰাজনীতি এতিয়া অন্যফালে গতি কৰিছে। কংগ্ৰেছে অভিযোগ উত্থাপন কৰিছে যে বিধানসভা নিৰ্বাচনৰ পূৰ্বে মূল সমস্যাৰ পৰা ৰাইজৰ দৃষ্টি আঁতৰ কৰিবলৈ বিজেপিয়ে এই ষড়যন্ত্ৰ ৰচিছে। অৱশ্যে ক’ৰ পানী ,ক’লৈ যায় সেয়া সময়তহে জানিব পৰা যাব।

 

 

অন্য খবৰ পঢ়কঃ এগৰাকী সাংসদে সাক্ষাৎ কৰিছিল পাকিস্তানী বিষয়াক, পত্নীৰ আছিল পাকিস্তানৰ সৈতে সু-সম্পৰ্কঃ হিমন্ত বিশ্ব

অন্য খবৰ পঢ়কঃ  সাংসদ পত্নীৰ ISI ৰ সৈতে সম্পৰ্ক, ১২ বছৰে লোৱা নাই ভাৰতীয় নাগৰিকত্বঃ হিমন্ত বিশ্বৰ ডাঙৰ অভিযোগ