5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

অসমৰ বান ব্যৱস্থাপনাৰ বাবে ধন আবণ্টনত ব্যৰ্থ কেন্দ্ৰ ! লোকসভাত স্থগিত ৰখাৰ প্ৰস্তাৱ গৌৰৱ গগৈৰ

সাংসদ গৌৰৱ গগৈয়ে অসমৰ বান ব্যৱস্থাপনাক লৈ আজি ৩১ জুলাই তাৰিখে লোকসভাত স্থগিত ৰখাৰ প্ৰস্তাৱ দাখিল কৰে । ইয়াৰ লগতে অসমৰ বান ব্যৱস্থাপনাকলৈ জৰুৰী আলোচনাৰ আহ্বান জনাই সাংসদ গৌৰৱ গগৈয়ে। এই জাননীত সাংসদ গগৈয়ে এইবাৰৰ কেন্দ্ৰীয় বাজেট ২০২৪ ত অসমৰ বান ব্যৱস্থাপনাৰ বাবে পৰ্যাপ্ত পৰিমাণৰ আবণ্টন নিদিয়াক লৈ উদ্বেগ প্ৰকাশ কৰে ।

অসমৰ বান ব্যৱস্থাপনাৰ বাবে ধন আবণ্টনত ব্যৰ্থ কেন্দ্ৰ !  লোকসভাত স্থগিত ৰখাৰ প্ৰস্তাৱ গৌৰৱ গগৈৰ
সাংসদ গৌৰৱ গগৈ
manas-borah
Manas Borah | Updated On: 31 Jul 2024 18:13 PM

বিৰোধীৰ উপ-দলপতি তথা কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে অসমৰ বান ব্যৱস্থাপনাক লৈ আজি ৩১ জুলাই তাৰিখে লোকসভাত স্থগিত ৰখাৰ প্ৰস্তাৱ দাখিল কৰে । ইয়াৰ লগতে অসমৰ বান ব্যৱস্থাপনাকলৈ জৰুৰী আলোচনাৰ আহ্বান জনাই সাংসদ গৌৰৱ গগৈয়ে। এই জাননীত সাংসদ গগৈয়ে এইবাৰৰ কেন্দ্ৰীয় বাজেট ২০২৪ ত অসমৰ বান ব্যৱস্থাপনাৰ বাবে পৰ্যাপ্ত পৰিমাণৰ আবণ্টন নিদিয়াক লৈ উদ্বেগ প্ৰকাশ কৰে ।

লোকসভাত দাখিল কৰা প্ৰস্তাৱ জাননীত সাংসদ গগৈয়ে উল্লেখ কৰে যে, অসমে প্ৰতিবছৰে ভয়াবহ বান সমস্যাৰ সন্মুখীন হৈ থকাৰ পাছতো কেন্দ্ৰই বাজেটত ফলপ্ৰসু বান ব্যৱস্থাপনাৰ বাবে পৰ্যাপ্ত ধন আবণ্টন দিয়াত ব্যৰ্থ হৈছে । সাংসদ গগৈয়ে কেন্দ্ৰীয় চৰকাৰক তীব্ৰ সমালোচনা কৰি কয়, বাজেট ভাষণত প্ৰয়োজনীয় আৰ্থিক সাহাৰ্য প্ৰদান নকৰাকৈ কেৱল অসমৰ কথা কৈ থকা হয় । এই কাৰ্যই ৰাজ্যখনৰ প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰাৰ ক্ষেত্ৰত দায়বদ্ধতাৰ অভাৱৰ ইংগিত দিয়ে বুলি দাবী কৰে গৌৰৱ গগৈয়ে ।

জাননীত এই কথাও উল্লেখ কৰে যে, সাংসদগৰাকীয়ে বান ব্যৱস্থাপনাৰ বাবে জল শক্তি মন্ত্ৰালয়লৈ আবণ্টন যথেষ্ট হ্ৰাস পাইছে । তেওঁ উল্লেখ কৰে, ২০২২-২৩ চনত ১০৪.৫৬ কোটি টকা আৰু ২০২৪ চনত আনুমানিক ৩৩.১৭ কোটি টকা হ্ৰাস পাইছে। গগৈয়ে দাবী কৰে যে,অসমৰ বানাক্ৰান্ত এলেকা ৩১.০৫ লাখ হেক্টৰৰো অধিক, যিটো ৰাজ্যখনৰ মুঠ ভূমিৰ প্রায় ৩৯.৫৮ শতাংশ । এই হিচাপ বানাক্ৰান্ত এলেকাৰ ৰাষ্ট্রীয় গড় হিচাপৰ চাৰিগুণ ৷

ইফালে, বিহাৰ আৰু অসমৰ বান সমস্যাৰ তুলনা কৰি গগৈয়ে উল্লেখ কৰে যে, দুয়োখন ৰাজ্য প্ৰতিবছৰে বান পৰিস্থিতিৰ সন্মুখীন হয় । কিন্তু বছৰেকীয়া বানে সাংঘাতিক ধৰণে প্ৰভাৱ পেলায় অসমত । প্ৰতিবছৰে অসমত বানৰ ভয়াবহ প্ৰভাৱ পৰে বুলি দাবী কৰে গৌৰৱ গগৈয়ে ।

পৰ্যাপ্ত পুঁজিৰ অভাৱে অসমৰ ফলপ্ৰসূ বান প্ৰতিৰোধ, প্ৰশমন আৰু পুনৰ্সংস্থাপন ব্যৱস্থা ৰূপায়ণৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰে। ৰাজ্যখনৰ ভৱিষ্যতৰ বাবে বান ব্যৱস্থাপনাত বিনিয়োগ কৰাটো প্ৰয়োজনীয় বুলি উল্লেখ কৰে গগৈয়ে । জাননীৰ সামৰণিত সাংসদ গৌৰৱ গগৈয়ে সদনক এই বিষয়টোক অগ্ৰাধিকাৰ দিবলৈ অনুৰোধ জনাই । ইয়াৰ লগতে অসমৰ জটিল বান ব্যৱস্থাপনাৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে চৰকাৰক সুনিৰ্দিষ্ট পদক্ষেপ গ্ৰহণৰ বাবে বাধ্য কৰাবলৈ আহ্বান জনাই সাংসদ গগৈয়ে ।

Latest News