5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Assam flood: ‘বান-গৰাখহনীয়া ব্যৱস্থাপনাৰ ক্ষেত্ৰত বৃহৎ বিনিয়োগৰ প্ৰয়োজন’, মাজুলীৰ খহনীয়াক লৈ উদ্বেগ প্ৰকাশ গৌৰৱ গগৈৰ

Flood and Erosion in Assam: তেওঁ লগতে কয়, বানৰ তুলনাত খহনীয়াই অধিক দীৰ্ঘম্যাদী লোকচানৰ সৃষ্টি কৰে। খহনীয়া কৱলত পৰা গাঁও, বিদ্যালয়, কৃষিভূমি, ঘৰ-দুৱাৰ, স্বাস্থ্য কেন্দ্ৰসমূহ চিৰদিনৰ বাবে নদীৰ বুকুত বিলিন হৈ যায় । লগতে জলবায়ু পৰিৱৰ্তনৰ সৈতে সাংঘাতিক ধৰণে মোকাবিলা কৰিবলগীয়া হৈছে ৰাজ্যখনৰ দৰিদ্ৰ মহিলা আৰু শিশু সকলে । গতিকে অসমৰ বান আৰু গৰাখহনীয়া ব্যৱস্থাপনাৰ ক্ষেত্ৰত ব্যাপক বিনিয়োগৰ প্ৰয়োজনতাৰ কথা উল্লেখ কৰে সাংসদ গৌৰৱ গগৈয়ে ।

Assam flood: ‘বান-গৰাখহনীয়া ব্যৱস্থাপনাৰ ক্ষেত্ৰত বৃহৎ বিনিয়োগৰ প্ৰয়োজন’, মাজুলীৰ খহনীয়াক লৈ উদ্বেগ প্ৰকাশ গৌৰৱ গগৈৰ
সাংসদ গৌৰৱ গগৈ
Follow Us
manas-borah
Manas Borah | Updated On: 06 Jul 2024 19:42 PM

অসম আৰু আৰুণাচল প্ৰদেশত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত ভয়াৱহ বান আৰু গৰা খহনীয়াৰ কৱলত পৰে মাজুলীকে ধৰি ৰাজ্যৰ কেইখনো জিলা । ইয়াৰ মাজতে মাজুলীৰ গৰা খহনীয়াক লৈ উদ্বেগ প্ৰকাশ কৰিছে লোকসভাৰ সাংসদ তথা কংগ্ৰেছ নেতা গৌৰৱ গগৈয়ে । সাংসদ গগৈয়ে সামাজিক মাধ্যম এক্সত এটা পোষ্ট শ্বেয়াৰ কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।

অসমৰ ‘সাংস্কৃতিক ৰাজধানী’বুলি কোৱা মাজুলীৰ খহনীয়া সন্দৰ্ভত দুখ প্ৰকাশ কৰি সাংসদ গৌৰৱ গগৈয়ে কয়, ‘শেহতীয়া বান আৰু গৰাখহনীয়াৰ বাবে অসমৰ জনসাধাৰণ বিপদত পৰিছে। মাজুলীত প্ৰতি বছৰে যি ধৰণে খহনীয়াৰ হ’বলৈ আৰম্ভ কৰিছে সেয়া অতি ভয়ংকৰ ।’

তেওঁ লগতে কয়, বানৰ তুলনাত খহনীয়াই অধিক দীৰ্ঘম্যাদী লোকচানৰ সৃষ্টি কৰে। খহনীয়া কৱলত পৰা গাঁও, বিদ্যালয়, কৃষিভূমি, ঘৰ-দুৱাৰ, স্বাস্থ্য কেন্দ্ৰসমূহ চিৰদিনৰ বাবে নদীৰ বুকুত বিলিন হৈ যায় । লগতে জলবায়ু পৰিৱৰ্তনৰ সৈতে সাংঘাতিক ধৰণে মোকাবিলা কৰিবলগীয়া হৈছে ৰাজ্যখনৰ দৰিদ্ৰ মহিলা আৰু শিশু সকলে । গতিকে অসমৰ বান আৰু গৰাখহনীয়া ব্যৱস্থাপনাৰ ক্ষেত্ৰত ব্যাপক বিনিয়োগৰ প্ৰয়োজনতাৰ কথা উল্লেখ কৰে সাংসদ গৌৰৱ গগৈয়ে ।

এই কঠিন সময়ছোৱাত আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠান, স্থানীয় জনগোষ্ঠী, জিলা আৰু ৰাজ্য প্ৰশাসন, কেন্দ্ৰীয় চৰকাৰ সকলোৱে সহায়ৰ হাত আগবঢ়োৱাৰ প্ৰয়োজন বুলি কয় গৌৰৱ গগৈয়ে ।

উল্লেখ্য যে, সাংস্কৃতিক তাৎপৰ্য আৰু প্ৰাকৃতিক সৌন্দৰ্য্যৰ মাজতো ব্ৰহ্মপুত্ৰ নদী আৰু ইয়াৰ উপনৈসমূহৰ খহনীয়াই মাজুলীৰ বাবে ভাবুকিৰ সৃষ্টি কৰিছে । ইয়াৰ ফলত বছৰৰ বিভিন্ন সময়ত বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰ্যটকক আকৰ্ষণ কৰা দ্বীপটোৰ সাংস্কৃতিক ঐতিহ্য নোহোৱা হোৱাৰ আশংকা কৰিছে সচেতন মহলে ।

Latest News