এয়া মোক আৰু মোৰ পৰিয়ালক বদনাম কৰা অপচেষ্টা: বিজেপিৰ অভিযোগৰ বিৰুদ্ধে গৌৰৱ গগৈয়ে ল’ব আইনী ব্যৱস্থা
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত শ্বেয়াৰ কৰা এটা পোষ্টত গৌৰৱ গগৈৰ নাম উল্লেখ নকৰাকৈয়ে তেওঁৰ পত্নীক পাকিস্তানী চোৰাংচোৱা সংস্থা আই এছ আইৰ হৈ কাম কৰাৰ লগতে জৰ্জ ছৰছৰ সৈতেও সংযুক্ত বুলি অভিযোগ কৰিছিল । তাৰ পাছত মুখ্যমন্ত্ৰীয়ে পাকিস্তানৰ প্ৰাক্তন উচ্চায়ুক্তৰ সৈতে কৰা বৈঠকৰ ফটো শ্বেয়াৰ কৰা পিছতে সামাজিক মাধ্যমত পোষ্ট কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ।

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ
সামাজিক মাধ্যমত চলা আক্ৰমণ- প্ৰত্যাক্ৰমণৰ যুঁজখনে ক্ৰমাৎ গৰম কৰি তুলিছে ৰাজ্যৰ ৰাজনীতি। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত শ্বেয়াৰ কৰা এটা পোষ্টত গৌৰৱ গগৈৰ নাম উল্লেখ নকৰাকৈয়ে তেওঁৰ পত্নীক পাকিস্তানী চোৰাংচোৱা সংস্থা আই এছ আইৰ হৈ কাম কৰাৰ লগতে জৰ্জ ছৰছৰ সৈতেও সংযুক্ত বুলি অভিযোগ কৰিছিল । তাৰ পাছত মুখ্যমন্ত্ৰীয়ে পাকিস্তানৰ প্ৰাক্তন উচ্চায়ুক্তৰ সৈতে কৰা বৈঠকৰ ফটো শ্বেয়াৰ কৰা পিছতে সামাজিক মাধ্যমত পোষ্ট কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ।
ইফালে এই অভিযোগৰ বিৰুদ্ধে উপযুক্ত আইনী ব্যৱস্থা গ্ৰহণ কৰিব উল্লেখ কৰে সাংসদ গৌৰৱ গগৈয়ে। সামাজিক মাধ্যমত এটা পোষ্ট শ্বেয়াৰ কৰি তেওঁ লিখিছে- “বিজেপিয়ে মোক আৰু মোৰ পৰিয়ালক বদনাম কৰিবলৈ চৰম পদক্ষেপ হাতত লৈছে। তেওঁলোকৰ অভিযোগ দুৰ্নীতিপৰায়ণ আৰু ভিত্তিহীন। মই উপযুক্ত আইনী ব্যৱস্থা গ্ৰহণ কৰিম”।
The BJP has gone to extreme steps to defame me and my family. Their allegations are malicious and baseless. I will be taking the appropriate legal action.
— Gaurav Gogoi (@GauravGogoiAsm) February 14, 2025
আন এটা পোষ্টত সাংসদ গৌৰৱ গগৈয়ে লিখিছে, “পাকিস্তানৰ প্ৰাক্তন উচ্চায়ুক্ত আব্দুল বাছিতৰ সৈতে হোৱা এক পেনেল আলোচনাৰ এখন ফটো প্ৰচাৰ কৰি থকা দেখি ২০১১ চনত কেইজনমান বন্ধুৰ সৈতে লগ লাগি মই প্ৰতিষ্ঠা কৰা “Youth Forum on Foreign Policy” নামৰ সংগঠনটোৰ দিনৰ কথাবোৰ মনত পেলাই দিলে। এনেধৰণৰ এটা ফৰাম গঠন কৰিবলৈ মোৰ মনলৈ প্ৰথম ধাৰণাটো আহিছিল যেতিয়া মই ৰাষ্ট্ৰসংঘৰ নিউয়ৰ্কস্থিত ভাৰতৰ স্থায়ী মিছনত ২০১০ চনত ইন্টাৰ্নশ্বিপ কৰি আছিলো। সেয়েহে ২০১১ চনত মই এনে এটা ফ’ৰাম গঠন কৰিব বিচাৰিছিলো য’ত ভাৰতীয় শিক্ষাৰ্থী আৰু যুৱ পেছাদাৰীসকলে বৈদেশিক নীতি আৰু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ বিষয়ে আলোচনা কৰিবলৈ সুবিধা লাভ কৰিব পাৰে।”
তেওঁ পুনৰ লিখিছে, “বিশেষকৈ ৰাজনীতি বিজ্ঞান অধ্যয়ন কৰা আৰু UPSC পৰীক্ষাৰ প্ৰাৰ্থীসকলৰ বাবে ই অত্যন্ত উপযোগী হিচাপে পৰিগণিত হৈছিল। Youth Forum on Foreign Policy য়ে ভাৰতীয় কূটনীতিবিদ আৰু বিদেশী ৰাষ্ট্ৰদূতসকলৰ সৈতে আলোচনাৰ আয়োজন কৰিছিল। এনে আলোচনা আৰু মত-বিনিময় অনুষ্ঠানে শিক্ষাৰ্থীসকলক জ্ঞানৰ বিকাশত যথেষ্ঠ অৰিহণা যোগাইছিল। আমি ভাৰতৰ প্ৰাক্তন বৈদেশিক সচিব শ্যাম চৰণ, প্ৰাক্তন আমেৰিকান ৰাষ্ট্ৰদূত ৰিচ ভার্মা, ইউনাইটেড কিংডমৰ প্ৰাক্তন হাই কমিচনাৰ জেমছ বেভান, প্ৰফেছাৰ চি. ৰাজা মোহন, নন্দন নীলকাৰ্ণী, অৱসৰপ্ৰাপ্ত কূটনীতিবিদ, সংসদ সদস্য, আৰু নেদাৰলেণ্ড, চিংগাপুৰ, ইজৰাইল, অষ্ট্ৰেলিয়া, থাইলেণ্ড,পাকিস্তান আদি দেশৰ ৰাষ্ট্ৰদূতসকলৰ দৰে বিশেষজ্ঞসকলৰ সৈতে সাক্ষাৎ কৰিছিলো।”
সাংসদগৰাকীয়ে উল্লেখ কৰি কয়, “মোৰ মনত পৰে যে সেই সময়ত আমি আমাৰ দেশৰ বৈদেশিক মন্ত্ৰণালয়ৰ “পাব্লিক ডিপ্ল’মেচি” শাখাৰ সৈতেও সহযোগিতা কৰিছিলো।
২০১১ চনটো আমাৰ বাবে উৎসাহ ভৰা আছিল । কাৰণ আমি সেই সময়চোৱাত দিল্লী,গুৱাহাটী, বাংগালুৰু, মুম্বাই, কলকাতা আৰু চণ্ডীগড়ত কলেজৰ শিক্ষাৰ্থী আৰু যুৱ পেছাদাৰীসকলৰ সহায়ত ফ’ৰামৰ শাখা স্থাপন কৰিবলৈ সক্ষম হৈছিলো। ২০১২ চনত গুৱাহাটীত অনুষ্ঠিত আলোচনাচক্ৰলৈ অৰ্থনীতিৰ নোবেল বঁটা বিজয়ী জোচেফ ষ্টিগলিজক মুখ্য অতিথি হিচাপে নিমন্ত্ৰণ কৰি আনিবলৈ সক্ষম হোৱাতো মোৰ বাবে এক ব্যক্তিগত স্মৰণীয় ঘটনা আছিল। কিন্তু ২০১৪ চনত মই সংসদ সদস্য হিচাপে নিৰ্বাচিত হোৱাৰ বাবে এই ফ’ৰামৰ সৈতে জড়িত মোৰ কাম-কাজ হ্ৰাস কৰিবলগীয়া হ’ল। সৌভাগ্যক্ৰমে, এদল মেধাবী যুৱক-যুৱতীৰ দলে ফ’ৰামৰ দায়িত্ব লৈ গৱেষণা আৰু ফেল’শ্বিপ কাৰ্যসূচী অব্যাহত ৰাখিছিল।
গৌৰৱ গগৈয়ে লিখিছে, “মোৰ ভূমিকা এতিয়া প্ৰায় তেওঁলোকৰ পৰামৰ্শদাতালৈ পৰিণত হৈ পৰিল। তেওঁলোকৰ বহুতে আজি সফল হৈ থকা দেখি মই সন্তুষ্টি লাভ কৰো। স্বাভাৱিকতে, মই বৈদেশিক নীতিৰ প্ৰতি সদায়েই আগ্ৰহী হৈয়েই আছো। পাকিস্তানী ৰাষ্ট্ৰদূতৰ সৈতে হোৱা আমাৰ সাক্ষাৎকাৰত এটা হাস্যকৰ ঘটনা আছিল যে আমি কেৱল ক্ৰিকেটৰ বিষয়েই আলোচনা কৰা নাছিলো, বৰঞ্চ কোন দেশৰ কাবাব বেচি সুস্বাদু সেই বিষয়েও বাদ-বিবাদ কৰিছিলো! YFFP ফ’ৰামৰ বিষয়ে জানিবলৈ ইচ্ছুক সকলৰ বাবে ফেচবুক পৃষ্ঠাৰ লিংক তলত দিয়া হ’ল-অনুগ্ৰহ কৰি তলৰ ফটোবোৰ চাব। আপোনালোকে ৰাজীৱ চন্দ্ৰশেখৰ, জয় পাণ্ডা, ৱাছবিৰ হুছেইন, ননি গোপাল মহন্ত আদিকে ধৰি চিনাকি মুখসমূহ দেখা পাব।”
– “Don’t underestimate the intelligence of the Assamese people.”
কোন সঁচা, কোন মিছা? এই বাকযুদ্ধৰ মাজত জনতাৰ মনত উঠিছে বহু প্ৰশ্নৰ। উল্লেখ্য যে, অহা ১৬ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া অসম কেবিনেটৰ বৈঠকত ৰাজ্যৰ এগৰাকী সন্মানীয় সাংসদক লৈ সম্প্ৰতি প্ৰকাশ হোৱা তথ্যসমূহৰ ৰাষ্ট্ৰীয় সুৰক্ষাৰ ওপৰত প্ৰভাৱ আছে নেকি, সেই বিষয়ত আলোচনা কৰা হ’ব বুলি জনাই মুখ্যমন্ত্ৰীয়ে। লগতে আলোচনাই বিষয়টো সম্পূৰ্ণ নিৰপেক্ষ আৰু পুংখানুপুংখভাৱে মূল্যায়ন কৰি পক্ষপাতহীন দৃষ্টিকোণেৰেই যিকোনো প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰাটো নিশ্চিত কৰিব বুলি সামাজিক মাধ্যমত উল্লেখ কৰে মুখ্যমন্ত্ৰী ড০ শৰ্মাই।