শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ৰাজ্যত বিমান সংযোগ উন্নত কৰাৰ আহ্বানেৰে টাটা গ্ৰুপলৈ পত্ৰ গৌৰৱ গগৈৰঃ টাটা গ্ৰুপে জনালে সঁহাৰি

অসমৰ বিমান সংযোগ উন্নত কৰাৰ ক্ষেত্ৰত সহায়ক হোৱাকৈ দিল্লী-গুৱাহাটী-যোৰহাট সংযোগী পোনপটীয়া বিমানৰ সুবিধা প্ৰদানৰ আহ্বানেৰে আনুষ্ঠানিকভাৱে টাটা গ্ৰুপৰ সহায় বিচাৰি আবেদন জনাইছে কংগ্ৰেছ নেতা তথা সাংসদ গৌৰৱ গগৈয়ে। কংগ্ৰেছ নেতাগৰাকীৰ এই পত্ৰৰ প্ৰতি সঁহাৰি প্ৰদৰ্শন কৰিছে টাটা গ্ৰুপেও।

ৰাজ্যত বিমান সংযোগ উন্নত কৰাৰ আহ্বানেৰে টাটা গ্ৰুপলৈ পত্ৰ গৌৰৱ গগৈৰঃ টাটা গ্ৰুপে জনালে সঁহাৰি
সাংসদ গৌৰৱ গগৈ
monjit-dutta
Monjit Dutta | Published: 27 Feb 2025 23:21 PM

অসমৰ বিমান সংযোগ উন্নত কৰাৰ ক্ষেত্ৰত সহায়ক হোৱাকৈ দিল্লী-গুৱাহাটী-যোৰহাট সংযোগী পোনপটীয়া বিমানৰ সুবিধা প্ৰদানৰ আহ্বানেৰে আনুষ্ঠানিকভাৱে টাটা গ্ৰুপৰ সহায় বিচাৰি আবেদন জনাইছে কংগ্ৰেছ নেতা তথা সাংসদ গৌৰৱ গগৈয়ে। যোৱা ১৮ জানুৱাৰীত টাটা সন্সৰ অধ্যক্ষ এন চন্দ্ৰশেকৰণলৈ এখন পত্ৰ প্ৰেৰণ কৰি সাংসদগৰাকীয়ে ৰাজ্যবাসীয়ে ভ্ৰমণৰ ক্ষেত্ৰত সন্মুখীন হোৱা অসুবিধাৰ ওপৰত আলোকপাত কৰে। গৌৰৱ গগৈৰ এই পত্ৰৰ প্ৰতি সঁহাৰি প্ৰদৰ্শন কৰিছে টাটা গ্ৰুপেও।

নিজ পত্ৰখনত চাহ, শিক্ষা, স্বাস্থ্যসেৱা আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত অৱদানকে ধৰি টাটা গ্ৰুপৰ অসমৰ সৈতে দীৰ্ঘদিনীয়া আৰু ঐতিহাসিক সম্পৰ্কক প্ৰসঙ্গ উল্লেখ কৰি গৌৰৱ গগৈয়ে উন্নত বিমান সংযোগে যোৰহাট, গোলাঘাট, শিৱসাগৰৰ জনসাধাৰণক উপকৃত কৰিব বুলি আঙুলিয়াই দিয়ে। লগতে এই বিমান সংযোগে মাজুলী আৰু কাজিৰঙাৰ দৰে স্থানলৈ পৰ্যটকৰ আগমন বৃদ্ধি কৰিব বুলিও গৌৰৱ গগৈয়ে লগতে কয়।

গৌৰৱ গগৈৰ এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই এন চন্দ্ৰশেকৰণে যোৱা ২৯ জানুৱাৰীত এখন পত্ৰ প্ৰেৰণ কৰে। সাংসদগৰাকীৰ এই প্ৰস্তাৱ স্বীকাৰ কৰি টাটা সন্সৰ অধ্যক্ষ চন্দ্ৰশেকৰণে এয়াৰ ইণ্ডিয়াৰ সৈতে তেওঁলোকৰ নেটৱৰ্ক সম্প্ৰসাৰণ পৰিকল্পনাত বিবেচনাৰ বাবে দাঙি ধৰা হ’ব বুলি আশ্বাস দিয়ে। টাটা সন্সৰ অধ্যক্ষগৰাকীয়ে লগতে ৰাজ্যৰ বিমান সংযোগৰ এই গুৰুত্বপূৰ্ণ উন্নতি সাধন কৰিব পৰা হ’ব বুলি আশা প্ৰকাশ কৰে।

উল্লেখ্য যে নিজ পত্ৰত গৌৰৱ গগৈয়ে কয়, “টাটা গ্ৰুপৰ অসমৰ সৈতে দীৰ্ঘদিনীয়া আৰু ঐতিহাসিক সম্পৰ্ক আছে। টাটা চাহ, টাটা ইনষ্টিটিউট অৱ ছ’চিয়েল ছায়েন্স, ভিভান্টা, টাটা কনচালটেন্সি চাৰ্ভিচেছ আৰু অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেচনকে ধৰি বিভিন্ন খণ্ডত অৱদান আগবঢ়াই আহিছে। আগন্তুক অৰ্ধপৰিবাহী উদ্যোগকে ধৰি গোটটোৰ চলিত প্ৰচেষ্টাই অঞ্চলটোৰ আৰ্থ-সামাজিক উন্নয়নৰ প্ৰতি ইয়াৰ দায়বদ্ধতা আৰু অধিক প্ৰদৰ্শন কৰে।”

অসমৰ ৰাইজে টাটা গ্ৰুপক যথেষ্ট সন্মান কৰে আৰু ইয়াৰ প্ৰভাৱ ৰাজ্যখনত পৰিলক্ষিত হৈ আছে বুলি দোহাই দি গৌৰৱ গগৈয়ে লগতে অসমৰ সৈতে টাটা গ্ৰুপৰ ঐতিহাসিক সম্পৰ্ক থকাৰ পাছতো যোৰহাট আৰু দিল্লী, গুৱাহাটীৰ দৰে বৃ্হৎ চহৰৰ মাজত বিমান সংযোগৰ ব্যৱধান এতিয়াও আছে বুলি উল্লেখ কৰে। এনে সংযোগে যোৰহাট, গোলাঘাট, শিৱসাগৰ আৰু এই অঞ্চলৰ জনসাধাৰণৰ বাবে অপৰিসীম উপকাৰ কৰিব বুলি উল্লেখ কৰে গৌৰৱ গগৈয়ে।